সেন্দূৰৰ নিস্তেজ ৰং ⥈ খণ্ড (২) - ত্ৰিবেণী বৰা
ভৰতে গৰুহাল আনি গোহালিত বান্ধি ,তুঁহ গুড়ি ,দানা পানীত মিলাই গৰুহালক খাবলৈ দি ,ভিতৰ সোমাই মাকক চিঞৰি কয় .....মাই চাহ একাপ দে......! মাকে হাতত ধূনা মলাটো লৈ ঘূৰাই আনি গোঁসাই ঘৰত ঘোষা জুৰিছে ! গোঁসাই ঘৰৰ পৰা উলাই মাকে চৌকাত চাহ টোপা উতলাই ,আটাই কেইটাকে খাবলৈ দিলে | ভৰতৰ ওচৰলৈকো লৈ আনিলে,ভৰতে ঢোলটোকে বাৰতি কেইডাল টানি টানি ,বিহুগীত জুৰি আছিল | অ'ই ....হু ল.......!এইডালকে কিমান আৰু কোবাই থাক ,,,,,,,,! অলপ বাপেৰ আৰু ককায়েৰৰ কামত সহায় কৰি দিবিচোন ! কপিলী পাৰত কৰা কুঁহিয়াৰ খিনি কাটিব হৈছে | কুঁহিয়াৰ পেৰা শালখন ৰাম হঁতৰ ঘৰৰ পৰা আনিবি ,এইবাৰ মিঠৈ পেৰিব লাগিব | ককায়েৰে গালি পাৰি আছে | তই খেতিত মন নিদি বিহুত উঠি পৰি লাগিছ দেখি | দুদিন পিছত তোৰো বিয়াখন পাতি দিব লাগিব ,ককায়েৰে তো পলুৱাই আনিলেই |গাঁৱতে গাঁৱতে.......!হ'ব দে অ' মাই ....তোৰ একেখন ৰেকৰ্ডকে কিমান বজা ৱ সদায় | কালিলৈৰ পৰা যাম মই কুঁহিয়াৰ কাটিবলৈ |
ৰাতিপুৱা চাহ-জলপান খাই ককায়েক-ভায়েক হঁতৰ লগত ভৰতো কপিলী পাৰৰ কুঁহিয়াৰ ডৰা কাটিবলৈ গ'ল ,গৰুগাড়ীখন লৈ.........| মুখত বিহু গীত জুৰি জুৰি গৰু হাল খেদি গৈ থাকিল |ভৰতৰ গীতৰ লহৰত গৰু হালৰ কাণ যুৰিয়ো যেন তন্ময় হ'ল ,অবুজ হ'লেও সুৰৰ লহৰত থমকি থমকি গৈ থাকিল | পুৱাৰ হেঙুলী আভাই কপিলী পানীত পৰি যেন সো্ণবৰণীয়া এধাৰি মালা পিন্ধাই দিছেহি | কাষৰ বালিচন্দাখিনিও তিৰ্ বিৰাই উঠিছে | ৰিব ৰিব মলয়া এছাটিয়ে উমান দিছেহি বিহু সমাগত, গছৰ ডালত লুকাই লুকাই কুলিজনীৰ ইননি -বিননি | ৰাস্তাৰ কাষৰ লাণি লাণি তামোলৰ গছবোৰত কপৌফুল কেইপাহে লমালমে উলমি আছে ,নাচনী খোপা শুৱনি কৰিবলৈ |তাতে আকৌ ভোমোৰাৰ গুঞ্জন |ভৰতে কুঁহিয়াৰ ডৰাৰ ওচৰতে গৰুগাড়ীখন ৰখাই কুঁহিয়াৰত ঘাপ দিবলৈ ধৰিলে |
তিনি -চাৰি গাড়ী কুঁহিয়াৰ আনি ,দুপৰীয়াৰ ভাতকেইটা খাই থাকোঁতে ককায়েকক ক'লে ,দাদা ভাটিবেলা ইহঁত কেইটাৰ সৈতে আনিবি নে কুঁহিয়াৰ ,মই বিহুৰ ৰিহাৰ্চেল কৰিব লাগে | হ'ব বাৰু দে ,এইকন সময় তই ৰিহাৰ্চেল কৰিবি ,কিন্তু ৰাতিপুৱা সময়কণ নল'বি |
ভাটিবেলা আকৌ বিহুৰ ৰিহাৰ্চেল আৰম্ভ হ'ল ,কালিলৈ কামপুৰৰ ঐতিহ্যমণ্ডিত ৰাস -পথাৰত বিহু ফাংচন আছে | এইবাৰ পিংকীক শ্রেষ্ঠ বিহুৱতী বনাবই লাগিব |পিংকীক সি নিজৰ ভনীতকৈও বেছি মৰম কৰে | তাইৰ হেপাঁহক সি পাখি লগাব লাগিব |
নিদিৰ্ষ্ট দিনত বিহু ফাংচনৰ বাবে সাঁজু হ'ল | সিহঁতৰ লগত এইবাৰ বেলেগ বিহুৱা দ'ল এটাৰ কম্পিটিচন হ'ল | একে ঠাইৰে যদিও ,দুয়োটা দ'লৰে পেটে পেটে হিংসা-ভাৱ আছে ,কাৰণ ভৰত হৈছে বিহুৱা হিচাপে একছত্রী সম্রাট ,যেনেতেনে ভৰতক হৰুৱাৰ অভিপ্রায় সকলোৰে | ইটো দলৰে এজন বিহুৱাৰ লগত ভৰতৰ কথা পাতোতে আত্মীয়তা গঢ়ি উঠিল | বিপৰীত দলৰ আছিল যদিও সেই বিহুৱাজনে ভৰতক ভাল পাইছিল | ভৰতক , কথাই কথাই সেই বিহুৱা জনে বিহু খাবলৈ নিমন্ত্রণ দিলে .......|ভৰতেও আশ্বাস দিলে যাম বুলি |ফাংচন হৈ গ'ল ,বিহু নচুঁৱালে ভৰতে ,বিহু গীত জুৰাৰ লগে লগে গোটেই বিহু তলি ৰজনজনাই গ'ল,আগৰ দৰে এইবাৰো ভৰত হঁতৰ দলেই জিকিল,পিংকী হ'ল শ্রেষ্ঠ বিহুৱতী |
নিমন্ত্রণ ৰক্ষা কৰি ,ভৰত গ'ল লগৰ জনৰ ঘৰত(বন্ধু জনৰ নাম ৰমেন) বিহু খাবলৈ .......|ঘৰটো খেৰৰ যদিও বগা মাটিৰে বৰ ধুনীয়াকৈ চিচচিকীয়া কৰি লিপা হৈ আছে ,বৰ পৰিপাটি এখন ঘৰ,সকলোবোৰ যাৱতীয় আঁচ-বাব নাই যদিও ,যি কেইপদ আছে ,তাকে বৰ সযতনে থৈছে | ভিতৰৰ কোঠাত পাৰি থোৱা চকীখনত ভৰতক বহিবলৈ দি বন্ধু ৰমেন(বিহুৱা বন্ধু জন) সোমাই গ'ল ভিতৰলৈ .......| ৰেখা অ' ৰেখা .....গৈছো দাদা......| ভিতৰৰ পৰা গাভৰু এজনীৰ কন্ঠস্বৰ ভাহি আহিল | উলাই আহ চাহ -জলপান লৈ ,আলহী আহিছে বিহু খাবলৈ |গৈছো দাদা.....| হাতত জলপানৰ বাটি আৰু পিঠা-পণাৰে ভৰুণ কাহঁৰ কাঁহীখন লৈ ৰেখা ওলাই আহে |
ভৰ যৌৱনা ,লিহিৰি ককালৰ ভাঁজ,লহ -পহকৈ বাঢ়ি অহা চুলি তাৰি কঁকালৰ লৈকে পৰা | চাহ-জলপান খাওঁকচোন | কুলিৰ দৰে মিহি মাতটোত ভৰতৰ তন্ময়তা ভাঙে |
ৰমেনে কাষৰ চকীখনত বহাৰ পৰা মাত লগাই ,এই মোৰ ভন্টী ৰেখা ,এইবাৰ দ্বাদশত পঢ়ি আছে |নমস্কাৰ ,নিজৰ পৰিচয় পোৱাত তাই ভৰতৰ ফালে চাই কয় |
পঢ়াৰ লগতে যদি ভাল ল'ৰা পাওঁ ,তাইক বিয়া দিম ,দেউতা অসুস্থ ,পংগু ভাইটী এটা আছে |সেয়ে তাইক এঘৰলৈ উলিয়াই দিব পাৰিলে ,মই কিছু সকাহ পাম |দাদা ধেত .....তইয়ো যে ,এদিনীয়া মানুহৰ আগতো এইবোৰ কথা কয় নেকি ,তাই লাজ কৰি ভিতৰলৈ সোমাই যায় | তাইৰ লাজটো চোৱা ........ৰমেনে ক'লে | অ' তুমি একো খোৱাই নাই দেখোন ,খোৱা আকৌ এই সকলোবোৰ ৰেখায়ে বনাইছে | কামত বৰ চোকা ,বোৱা-কটা,ঘৰুৱা কাম-বনৰ পৰা আৰম্ভ কৰি পঢ়া -শুনা একোতে পেলাব নোৱাৰে | টিউচন কৰি তাই নিজৰ লগতে ঘৰখনৰ অভাৱ কিছু পৰিমাণে কমাই আছে ,বৰ লক্ষী তাই ,যি ঘৰলৈ যাব ,ঘৰখন বান্ধি ৰাখিব তাই ,,,,ইমানখিনি সময় ৰেখাৰ বিষয়ে শুনি ,এক বুজাব নোৱাৰা অনুভূতিয়ে ভৰতৰ মনত দোলা দি গ'ল ,বুকুত ধীৰে ধীৰে বাজি উঠিল প্রেমৰ এক ৰুণ.......|
ঘৰলৈ উভতাৰ বাটত ভৰতৰ দুচকুত ভাহি থাকিল ৰেখাৰ প্রতিচ্ছবিখন .....|ৰাতি বিচনাত শুৱলৈ লৈ গাৰুটো খামুচি ধৰি ,ৰেখাৰ বিষয়ে ৰমেনে কোৱা কথাখিনি, ভৰতে মনতে জুঁকিয়াই থাকিল |
এয়া কি হৈছে তাৰ,সি প্রেমত পৰা নাইতো | ৰেখাক লগ মাত্র এদিনহে পাইছে | কেনেকৈনো তাইৰ প্রেমত পৰিব পাৰে ,আৰু ৰেখাই বা গম পালে কি বুলি ভাৱিব | ৰমেনে কি ভাৱিব | নাই এয়া প্রেম হ'ব নোৱাৰে ......|কিন্তু কিয় বাৰে বাৰে ৰেখায়ে মোৰ মনৰ দোৱাৰখনত টুকুৰিয়াই আছে | হয়তো প্রেম এনেকুৱাই চাগে,এপলক দৃষ্টিয়ে বহুত |
মই যদি বিয়া পাতো, ৰেখাকে বিয়া পাতিম | কিন্তু ঘৰত কওঁ কি বুলি ........! এহ ....যি হয় দেখা যাব ......এতিয়া শুই থাকোঁ |
.............আগলৈ
ত্ৰিবেণী বৰা
মন্তব্য কৰক