Header Ads

অঁ‌স্কাৰ, অসম আৰু ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ কথাৰে - বিকাশ দত্ত





যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বাবে সুখবৰে চাৰিওফালে আঁ‌ৱৰি ধৰিলে। ৰীমা দাসৰ ছবি "ভিলেজ ৰকষ্টাৰ্ছ" পৰিগণিত হয় অসমৰ প্ৰথমখন ছবি যিয়ে লাভ কৰে অঁ‌স্কাৰ ২০১৯ ত ভাৰতৰ পৰা অফিচিয়েল এন্ট্ৰি শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত। ইতিমধ্যে ২০১৭ৰ টৰ'ন্ট আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় আৰু দৰ্শক তথা সমালোচকৰ অভুতপূৰ্ব সঁ‌হাৰি লাভ কৰে। আচলতে ছবিখন নিৰ্মিত হৈছে সম্পূৰ্ণ গাঁ‌ৱলীয়া পৰিৱেশত, সম্পূৰ্ণ গাঁ‌ৱলীয়া সংলাপ তথা পৰিৱেশ সংযোজনৰ দ্বাৰা। অভিনয়ত নাই কোনোধৰণৰ নামজ্বলা বিয়াগোম অভিনেতা অভিনেত্ৰী। মুখ্য চৰিত্ৰত আছে ১২ বছৰীয়া ভনিতা দাস আৰু ৰীমাৰ সম্বন্ধীয় কেইজনমান মানুহ। এইয়া কোনো ৰিভিউ নহয় আচলতে। আপোনালোকে নাভাবিব ছবিখন সম্পৰ্কে তথাকথিত ৰিভিউ দিয়াসকলৰ দৰে কিবা এটা সামান্য অথচ অতিৰঞ্জিত শব্দ সংযোজিত কৰি জটিল আকাৰে বিশ্লেষণ আগবঢ়াম। বৰং এজন সাধাৰণ দৰ্শক হিচাপে নিজৰ মনৰ ভাৱবোৰ লিখিবলৈ যত্ন কৰিলোঁ‌।

১২ বছৰীয়া ধুনু (ভনিতা দাস) ৰ সকলো বন্ধু ল'ৰা, যাৰ ভিতৰত আছে তাইৰ ককায়েকো। স্কুল ঘৰ আৰু খেতিপঁ‌থাৰৰ মাটিত পিতৃহাৰা ধুনুৱে নিজৰ শৈশৱ অতিবাহিত কৰিছে। গাঁ‌ৱৰ একমাত্ৰ মথাউৰি নিৰ্মাণৰ পূৰ্বে বানপানীত নিজৰ স্বামীক হেৰুওৱা ধুনুৰ মাতৃয়ে নিজৰ ল'ৰা-ছোৱালীহালক বহু কষ্টেৰে ডাঙৰ দীঘল কৰিছে। ধুনুৰ সপোন, এটা ৰকবেণ্ড খোলাৰ। থাৰ্ম'কলৰ গীটাৰ পেড বনাই প্ৰতিদিনে উছাহত ঘূৰি ফুৰে ধুনুহঁ‌তে। ধুনুৱে পঁ‌থাৰত ফুৰে, গান গাই, ধুনুৱে দেখিছে বানপানীত উছন যোৱা খেতিপথাৰ, দেখিছে পিতৃৰ মৃত্যু, বজাৰত ফুৰিছে গীটাৰ চাই চাই। ধুনুৱে গছৰ উঠি তামোল পাৰিছে আৰু তাৰ পৰা লাভ কৰা পইচা থৈছে বাঁ‌হৰ খোৰোঙত। পূৰ্ণ কৰিব খোজে তাই তাইৰ সপোন। ছবিখনৰ এটা অন্যতম দিশ হ'ল ইয়াৰ আৱেগিক কৰি তুলিব পৰা সৰলতা। প্ৰতিজন অভিনয় শিল্পীৰ অতি সাৱলীল তথা বাস্তৱ চৰিত্ৰ ৰূপায়নে ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

যদি আপুনি ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত তেন্তে ভিলেজ ৰকষ্টাৰ্ছৰ শ্বটবোৰে আপোনাৰ মনত এক গভীৰ সাঁ‌চ পেলাব। সমগ্ৰ ছবিখন শ্বুট কৰা হৈছে সম্পূৰ্ণ প্ৰাকৃতিক পোহৰৰ পৰিৱেশত। এনেধৰণৰ ছবি আমি কেৱল আলেহান্দ্ৰ ইনেৰিটু আৰু সত্যজিৎ ৰায়ৰ ছবিত প্ৰায়েই দেখিছো। "পথেৰ পাচালী"ৰ দৃশ্যাংশসমূহৰ লগত সাদৃশ্য থকা ছবিখনত দেখুৱা হৈছে অসমৰ বানপানীৰ ভয়াৱহতা। ধুনুক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে ৰাখি ৰীমা দাসে এগৰাকী ছোৱালীৰ মন আৰু এগৰাকী গ্ৰাম্য পৰিৱৱশৰ ছোৱালীৰ সংগ্ৰামক দেখুৱাবলৈ যত্ন কৰিছে। সংলাপ খুবেই কম ছবিখনত, কিন্তু ই আপোনাৰ মনত এক আৱেগ সৃষ্টি কৰিব বুকুত সৰু সৰু সপোন লৈ ফুৰা গাঁ‌ৱৰ সেই সৰলমনা ধুনুৱে। ঋতুচক্ৰৰ সন্মুখীন হয় ধুনু আৰু তাৰ জৰিয়তে পৰিচালকে দেখুৱাইছে গাঁ‌ৱৰ পৰিৱেশত আজিও চলি থকা নিয়মবোৰ লগতে সেই বেৰবোৰ যাৰ বাবে হয়তো থমকি ৰয় গাঁ‌ৱৰ কিশোৰীসকল। ল'ৰাৰ লগত ধেমালি কৰা আৰু ফুৰা-চকাৰ বাবে ধুনুৱে গাঁ‌ৱৰ আন মহিলাসকলৰ পৰা গালি শপনি খাই। আকৌ মাকে সেইটোক লৈ দুখ প্ৰকাশ কৰে। সম্পূৰ্ণ গাঁ‌ৱলীয়া পৰিৱেশ হিচাপে পৰিচালকে দেখুৱাইছে ধুনুৰ জীৱনক। সেয়েহে ছবিখনক আমি এখন ছবি হিচাপে নহয়, আচলতে নিজৰ ঘৰৰ সমুখত ঘটি থকা ঘটনাবোৰ বুলিয়েই চাই থাকিব পাৰো যাক কেমেৰাত আৱদ্ধ কৰা হৈছে।

ছবিখনত সংলাপবোৰ কামৰূপীয়া ভাষা। কামৰূপীয়া গাঁ‌ওবোৰৰ প্ৰচলিত হোৱা কথিত ভাষাত নিৰ্মিত ভিলেজ ৰকষ্টাৰ্ছ এখন সাধাৰণ কাহিনীৰে নিৰ্মিত অসাধাৰণ ছবি। ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁ‌টাত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণ কমল আৰু শ্ৰেষ্ঠ শিশু শিল্পী (ভনিতা দাস)ৰ বঁ‌টা বুটলি আনিবলৈ সক্ষম হয় ভিলেজ ৰকষ্টাৰ্ছ। ২৮ বছৰ পূৰ্বে জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওধান খাই"য়ে লাভ কৰিছিল এই বঁ‌টা। লগতে ছবিখনে লাভ কৰে শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ শব্দগ্ৰহণৰ অন্যান্য দুটাকৈ বঁ‌টা। ছবিখনৰ ৯০ শতাংশ কাম ৰীমা দাসে কৰিছে। পৰিচালনা, চিত্ৰনাট্য, সম্পাদনাৰ পৰা চিত্ৰগ্ৰহণলৈ এইখন হৈছে এখন One Woman Show।

২০১৪ চনত ৰীমাৰ অন্য এখন ছবিয়ে ভুমুকি মাৰিছিল। নাম অন্তৰ্দৃষ্টি (The Man With The Binocular)।অভিনয়ত আছিল বিষ্ণু খাৰঘৰীয়াৰ লগতে নয়ন নিৰ্বাণৰ দৰে শিল্পীয়ে। ছবিখনে লাভ কৰিছিল সুন্দৰ সঁ‌হাৰি আৰু বহুকেইটা চলচ্চিত্ৰ বঁ‌টাও লাভ কৰিবলৈ সক্ষম হৈছিল। সেই ছবিখনতো আছে কিছুমান দৃশ্যাংশ আৰু সেই একে আৱেগ যাৰ জৰিয়তে দৰ্শকে ছবিখনৰ লগত সংযোগ ঘটাব পাৰে নিজকে। ভিলেজ ৰকষ্টাৰ্ছৰ ওপৰত ৰীমাই কাম কৰিছিল ৪ বছৰ। নিজেই বাচনি কৰিছিল ঠাই আৰু চৰিত্ৰ। এখন অতিকে সুন্দৰ ছবি উপহাৰ দিয়া ৰীমা দাস বৰ্তমান সময়ত অসমৰ এটা উজ্বল নক্ষত্ৰ। কোনোধৰণৰ ফিল্ম স্কুলত অধ্যয়ন নকৰি বিখ্যাত চিত্ৰনিৰ্মাতাসকল যেনে - আকিৰা কুৰোছাৱা, মাজিদ মাজিদি, সত্যজিৎ ৰায়, গুৰু দত্ত, আবাছ কিয়াৰ'ষ্টামী, ক্ৰিষ্টোফাৰ ন'লান, ষ্টেনলি কুব্ৰিক আদিৰ ছবি চাই নিজেই অধ্যয়ন কৰি সফলতাৰ শিখৰত আৰোহণ কৰা ৰীমা দাসে এনেদৰেই উপহাৰ দি যাওঁ‌ক ভাল ভাল ছবি। আশা কৰোঁ‌ আমি যাতে ২০১৯ ত শুনিবলৈ পাওঁ‌---




                                                                    and the oscar goes to "Village Rockstars"!






বিকাশ দত্ত, হাজো
দূৰভাষঃ ৮৮৭৬৫২৬১০০
Powered by Blogger.