শীতল পানীয় - জৱা ফুলৰ চৰবত (Hibiscus Juice) - ৰোহন চাহু
শীতল পানীয়-জৱা ফুলৰ চৰবত
পৰিবেশন ২ জনৰ বাবে
প্ৰয়োজনীয় সামগ্ৰী:
১. জৱা ফুল - ১০ পাহ
২. নেমু - ১ টা
৩. চেনী - ৩ চামুচ
৪. ক'লা নিমখ - ১ চামুচ
৫. আইচ কিউব - ৫ টা
৬. গুলাব জল - ১ চামুচ
প্ৰণালী:
প্ৰথমতে ফুলৰ পাহি উলিয়াই লৈ ভালকে ধুই মিক্সীত পেষ্ট কৰি ল'ব। তাৰ পিছত চেকনীৰে চাকি ল'ব ৰস খিনি। তাৰ পিছত নেমু এটাৰ ৰস উলিয়াই চেকনীৰে চাকি তাত দি দিব। আৰু তাত আইচ কিউব ৫ টা মান দি মিক্সীত মিহলাই দিব। তাৰ পিছত তাত ক'লা নিমখ,চেনি দিয়ক। আৰু লগতে এচামুচ গুলাব জল দি দিব সুগন্ধিৰ বাবে। তাৰ পিছত সকলোবোৰ একেলগে মিক্সীত মিক্স কৰি ল'ব।
গিলাচত পৰিৱেশন কৰি গৰমৰ উপভোগ লওঁক।
প্ৰস্তুতি:
ৰোহন চাহু
খোৱাং (মৰাণ)
মন্তব্য কৰক