Header Ads

উৰন্ত অসমীয়া- হিমা দাস



অসম ৰমণী হিমা দাস সকলোৰে বাবে এক পৰিচিত নাম। হিমা দাস ২০০০ চনৰ ৯ জানুৱাৰীত নগাঁও জিলাৰ ধিঙত জন্ম গ্ৰহণ কৰে। পৰিয়ালৰ ভিতৰত তেখেত হল কণিষ্ঠতম। স্কুলীয়া দিনবোৰৰ পৰাই লৰাৰ লগত ফুটবল খেলা ধাউতি সকলোৱে পৰিলক্ষিত কৰিছিল। হিমাৰ প্ৰতিভা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰে আৰু তাকেই দেখি তেওঁ হিমাক এথলেটিক্স অংশগ্ৰহণ কৰিবলৈ উদ্গনি যোগাই। নিপন দাসৰ পৰামৰ্শ অনুযায়ী হিমা প্ৰশিক্ষণৰ বাবে গুৱাহটী আহে। প্ৰাৰম্ভিক ক্ষণত পৰিয়ালে আপত্তি প্ৰকাশ কৰিছিল যদিও  হিমাৰ কৰ্মস্পৃহাত সন্মতি জনাই পিছলৈ তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰে। 

উৰন্ত অসমীয়া হিমা দাসৰ এক চমু তথ্যাৱলী তথা সফলতা সমূহ উল্লেখ কৰা হল।

ৰাষ্ট্ৰীয়তা: ভাৰতীয়
জন্ম:         ৯ জানুৱাৰী, ২০০০
                ধিং , নগাঁও জিলা, অসম

প্ৰশিক্ষক: নিপন দাস আৰু নৱজিৎ মালাকাৰ

সফলতা আৰু  প্ৰাপ্তিসমূহ:
নিজস্ব অভিলেখ:  ৪০০ মিটাৰ: ৫০.৭৯ ছেকেণ্ড (এছিয়ান গেমছ ২০১৮, জাকাৰ্তা)

এছিয়ান গেমছ-
ৰূপৰ পদক - দ্বিতীয় স্থান ২০১৮ জাকাৰ্তা, ইণ্ডোনেছিয়া ৪০০ মিটাৰ
ৰূপৰ পদক - দ্বিতীয় স্থান ২০১৮ জাকাৰ্তা, ইণ্ডোনেছিয়া ৪×৪০০ মিটাৰ মিশ্রত ৰিলে
স্বৰ্ণ পদক -   প্ৰথম স্থান         ২০১৮ জাকৰ্তা, ইণ্ডোনেছিয়া ৪×৪০০ মিটাৰ মহিলাৰ ৰিলে

২০ বছৰ অনুৰ্দ্ধ বিশ্ব চেম্পিয়নশ্বিপ-
স্বৰ্ণ পদক -   প্ৰথম স্থান ২০১৮ টেম্পায়াৰ, ফিনলেণ্ড ৪০০ মিটাৰ


শেহতীয়াকৈ জাৰ্মানীৰ বিখ্যাত কোম্পানী এদিদাচৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে  হিমা  পৰিগণিত হয় | অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে ই গৌৰৱৰ বিষয় | আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা অৰ্জুন বটাও লাভ কৰে | এনেদৰে যাতে অনাগত ভৱিস্যতেও সফলতাৰ শিখৰত বগাই অসমবাসীৰ লগতে ভাৰতলৈ সুনাম কঢ়িয়াই আনক | শেষত তেখেতৰ সুস্বাস্থ্য আৰু সফলতা কামনা কৰিলো |  



Powered by Blogger.