Header Ads

কুইজ বিষয় বস্তু : অসমৰ ইপাৰে- সিপাৰে; জানুৱাৰী ২০১৯ সংখ্যা





বিষয় বস্তু : অসমৰ ইপাৰে- সিপাৰে



(বহুবিকল্পী প্ৰশ্ন)


[১] বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নির্মাণ কৰোৱাইছিল ?

(১) গদাধৰ সিংহই,
(২) প্ৰমত্ত সিংহই,
(৩) ৰত্নধ্বজ সিংহই,
(৪) ৰুদ্ৰ সিংহই ।।

[২] নামঘৰৰ অংগ কেইটা ?

(১) তিনিটা,
(২) চাৰিটা,
(৩) পাঁচটা,
(৪) ছয়টা ।।

[৩] চামেলি মেমচাব ছবিখনৰ পৰিচালক গৰাকীৰ নাম কি ?

(১) ড০ ভূপেন হাজৰিকা,
(২) নিপ বৰুৱা,
(৩) আব্দুল মজিদ,
(৪) জাহ্নু বৰুৱা ।।

[৪] বৰপেটাৰ কীর্তন ঘৰটোৰ প্ৰতিষ্ঠাপকগৰাকী কোন ?

(১) শংকৰদেৱ,
(২) মাধৱদেৱ,
(৩) দামোদৰদেৱ,
(৪) মথুৰাদাস আতা ।।

[] ১৯৫২ চনত নির্মাণ কৰা অসমৰ প্ৰথমখন ষ্টেডিয়াম কোন ঠাইত অৱস্থিত ?

(১) গুৱাহাটীত,
(২) যোৰহাটত,
(৩) ডিব্ৰুগড়ত,
(৪) নগাঁওত ।

[] মূলা গাভৰু কোন আছিল ?

(১) ৰাজেশ্বৰ সিংহৰ পত্নী,
(২) আতন বুঢ়াগোহাঁইৰ কন্যা,
(৩) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী,
(৪) ৰুদ্ৰসিংহৰ ভগ্নী ।।

[] আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

(১) শৰাইঘাটৰ ৰণ,
(২) ইটাখুলিৰ ৰণ,
(৩) ঘিলাঝাৰীঘাটৰ ৰণ,
(৪) পথৰুঘাটৰ ৰণ ।।

[৮] এছিয়াৰ ভিতৰতে সর্ববৃহত্‍ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে ?

(১) ৰাণীত,
(২) তেজপুৰত,
(৩) নুমলীগড়ত,
(৪) বঙাইগাঁওত ।।

[৯] অসম চৰকাৰে প্ৰথম কেতিয়া 'ৰাজ্যিক পৰিবহণ' ব্যৱস্থা শুভাৰম্ভ কৰে ?

(১) ১৯৪৮ চনত,
(২) ১৯৪৯ চনত,
(৩) ১৯৫১ চনত,
(৪) ১৯৫২ চনত ।।

[১০] অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে ?

(১) তেজপুৰৰ গহপুৰত,
(২) কাছাৰৰ শিলচৰত,
(৩) ডিব্ৰুগড়ৰ চাবুৱাত,
(৪) কোকৰাঝাৰৰ গোসাইগাঁৱত ।।


যোৱা ডিচেম্বৰ সংখ্যাৰ উত্তৰাবলীবিষয়বস্তু: প্ৰখ্যাত অসমীযা ব্যক্তিত্ব

১ উ: মনালিছা বৰুৱা মেহতা।
২ উ: সুপ্ৰভা দেৱী।
৩ উ: ভুপেন হাজৰিকা।
৪ উ: গুৱাহাটী কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট অৰ্থনীতিবিদ দিলীপ কুমাৰ বৰুৱা চাৰ।
৫ উ: গুণাভিৰাম বৰুৱা। গুৰু দত্ত তেওঁৰ চদ্মনাম।
৬ উ: শৰত্‍চন্দ্ৰ গোস্বামী।
৭ উ: লহ্মীনাথ বেজবৰুৱা।



যোৱা ডিচেম্বৰ সংখ্যাৰ ভাগ্যসালি ৩ ব্যক্তি হল ক্ৰমে  - 



১) প্ৰদীপ নাথ - চাবুৱা

২) বিকাশ নায়ক  - ধুবুৰী

৩) ৰবীন্দ্ৰ হালদাৰ -  খ্ৰীষ্টানবস্তি , গুৱাহাটী



কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব।  সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ ।



No comments

Powered by Blogger.