জীৱন কি � শংকুমনি বৰা
জীৱন কি?
মাথো সময়ৰ গণনা
নে
সময়ত অমৃতৰ ঠিকনা!!
জীৱনতো মাতাল প্ৰেমিকৰ মদিৰা
ৰঙীণ কাঁচৰ ভিতৰত
ৰঙা-নীলা সপোনৰ মালিতা ।।
জীৱনতো এখন বলীয়া সোঁতৰ নৈ
শক্তিৰ অফুৰন্ত ঢৌ
আশাবোৰ য'ত থৌকি-বাথৌ ।।
জীৱনৰ সাৰ্থকতা ক'ত?
প্ৰাপ্তিৰ আনন্দত
নে সুখৰ আলিংগনত
নে বতাহত উৰা সফলতাৰ উশাহত??
ওহো
শান্তিতেই জীৱনৰ সাৰ্থকতা
বিশ্বাসৰ ডোলেৰে অন্যায়-অবিচাৰ
মোহাৰি নিয়াতেই জীৱনৰ মাদকতা ।।
জীৱন
এটি সপোনৰ ঠিকনা
মানুহ হৈ মানুহৰ দৰে মৰাৰ
এটি মাথো আখৰা ।।
✲ শংকুমনি বৰা
মন্তব্য কৰক