অৱসাদ - নীপজ্যোতি বৰুৱা
চিঞৰি চিঞৰি ভাগৰি পৰিছো,
প্ৰাণৰ মায়াত বলিয়াৰ দৰে কান্দিছো!
কিন্তু নাই! কোনো নাই অ'!
এন্ধাৰৰ কোলাহলত মাতাল সকলো!!
আৰু মই? মই বোলে ডাইনী??
কিমান বুজাম? আৰু কিমান?
ডাইনী নহয় মই,
আৰু এনেকৈ নামাৰিবি অ' মোক!
চা চোন, চা!
ৰক্তসিক্ত দেহে কেনেকৈ হাৰ মানিব খুজিছে!
যামগৈ চাগে মই বহু দূৰলৈ,
কিন্তু নাই, নহয় মই! মই ডাইনী নহয়!
নোৱাৰিছোঁ আৰু সহিব,
ক্লান্ত হৈ পৰিছো,
শৰীৰৰ কঁপনিবোৰ ক্ৰমে কমি আহিছে?
হেৰাই যাম মই, আৰু লগত মানৱতা!
ক্ৰমে ধূসৰ হৈ পৰিছে সকলো,
দুচকুত জীয়াই থকাৰ অতৃপ্ত বাসনা,
কিন্তু নাই, হেৰাই যাব,
সকলো হেৰাই যাব উশৃঙ্খলতাৰ কোবত,
পৰি ৰ'ম মাথো মই আৰু এটা সংজ্ঞা!
শব্দৰে অলংকৃত মানৱতাৰ সংজ্ঞা??
নীপজ্যোতি বৰুৱা
মন্তব্য কৰক