Header Ads

চুঙাত দিয়া চালাদ ♥ পাক ঘৰৰ মজিয়াত ♥ ৰোহন চাহু


rohan's kitchen sungat salad


চুঙাত দিয়া চালাদ ❦ মগু দাইল গাজৰৰ সৈতে

উপকৰণ: (৪ জনৰ বাবে)

মগু দাইল: ১কাপ
গাজৰ: ২ টা
নাৰিকল গুৰি :১/২ কাপ
ধনীয়া পাত:১ মুঠি
নেমু ৰস: ৩ চামুচ
জালুকৰ গুৰি : ১/২ চামুচ
আদা পেষ্ট: ১/২ চামুচ
চেনি: ১/২ চামুচ
নিমখ: ১ চামুচ
অলিভ অইল:২ চামুচ

পৰিৱেশনৰ বাবে:

পিয়াজ:২ টা
গাজৰ: মিহিকৈ কাটি লোৱা
ধনীয়া পাত:১/২ মুঠি
নাৰিকল গুৰি:১ চামুচ
বিলাহী:১/২ ফাল
পিয়াজ পাত
চিমলা মিৰ্চ



প্ৰণালী:


 প্ৰথমতে মগু দাইল খিনি ধুই বাঁহৰ চুঙা এটাত (গাঁঠি থকা) ভৰাই লব আৰু ১কাপ পানী আৰু নিমখ অলপ দি ওপৰৰ মুখ খন বন্ধ কৰি দিব।

চুঙা টো পুৰিবলে আমাক এঙাৰৰ প্ৰয়োজন হব সেইকাৰণে কাঠৰ খৰি অলপ জ্বলাই এঙাৰ কৰি লব।।।তাৰ পিছত চুঙা টো এঙাৰ খিনি ওপৰত দি আধা ঘণ্টা মান এৰি দিব।মাজে সময়ে চুঙাটো ঘূৰাই থাকিব। আধা ঘণ্টা মানৰ পিছত উলিয়াই থব।

তাৰ পিছত কেৰাহী এখন গেছত বহুৱাই তাত অলপমান অলিভ অইল গৰম হবলে দি তাত গাজৰ খিনি দি দুই মিনিত মানৰ বাবে ভাজি লব।তাৰ পিছত তাত নাৰিকল গুৰি, ধনীয়া পাত দি ভালকৈ লৰাই নমাই দিব।

তাৰ পিছত এটা বাতিত নেমু ৰস ,জলুকৰ গুৰি,আদা পেষ্ট,চেনি,নিমখ দি ভালকৈ মিহলাই লব।

এতিয়া এটা পাত্ৰত চুঙাত দিয়া দাইল খিনি উলিয়াই আৰু ভাজি লোৱা গাজৰ খিনি দি ভালকৈ মিক্স কৰি লব।তাৰ পিছত নেমু ৰসৰ মিশ্ৰণ খিনি ঢালি ভালকৈ মিক্স কৰি দিব।

                ওপৰত উল্লেখ কৰা পৰিৱেশনৰ বাবে সামগ্ৰী খিনি ধুনীয়া কৈ কাটি পৰিবেশন কৰি দিব।

♥ ৰোহন চাহু 
Powered by Blogger.