দুইশ টকাৰ ৰাজনীতি ⭄ সত্যবাদী বিজু
বি:দ্ৰ: সঁচা ঘটনা
মানুহৰ ৰাজনৈতিক জীৱনটো সঁচাকৈয়ে বহুত জটিল | খেলুৱৈ জনেই গম নাপায় আচলতে কি চলি আছে | বহুত তৰ্ক-বিতৰ্ক, ভাল-বেয়াৰ মাজত এই ৰঙীণ জীৱন | নমস্কাৰ, মই প্ৰাঞ্জল আৰু এজন কলেজীয়া ছাত্ৰ | মই সমাজ সেৱা কৰি ভাল পাওঁ কিন্তু ৰাজনীতি নহয়| তথাপি জীৱনে বহু কিছু শুধৰণি ঘটায়, কৰিব নলগা খিনিও কৰিব লগা হয় | আহক আৰম্ভ কৰো মোৰ কাহিনী ......
এয়া অলপ দিন আগৰ ঘটনা মই কলেজ ছাত্ৰ নিবাসৰ পৰা ঘৰত গৈছিলোঁ | সকলো বোৰ ঠিকেই চলি আছিল কিন্তু আমাৰ ঘৰৰ ওচৰতে থকা খুড়া এজনৰ বিয়াৰ কথাও চলি আছিল | আপোনালোকক জনাই থোৱা ভাল যে খুড়া জনৰ বয়স প্ৰায় 34 বছৰ আৰু বহু দিনৰ পৰা কইনা বিচাৰি ফুৰিছে কিন্তু ভাগ্য ... ? এজনীৰ সৈতেও বিয়া ঠিক নহয় | যদি খুড়াৰ কথা কৱলৈ যাওঁ, মোৰ ভাল বন্ধু হয় আৰু তেওঁ আৰ্থিক ভাৱে কোনো কামৰ লগতে প্ৰত্যক্ষ ভাৱে জড়িত নাই | হয়তো বা ছোৱালী বিচাৰি নোপোৱাৰ এয়া এক গুৰুত্বপূৰ্ণ কাৰণ | যদিও বা খুড়া জন ভাল মনৰ মানুহ তথাপি কিন্তু আজি কালি টকা উপাৰ্জন কৰা বহুত প্ৰয়োজন বিয়া-বাৰু পতাৰ বাবে | মই তেওঁক বহুত বাৰ কৈছো কিবা কাম কৰি থকা, কিবা কাম কৰি থকা কিন্তু নাই নুশুনে |
আজি খুড়াই কইনা চাৱলৈ যাব কচুপাৰা গাওঁত | তেওঁৰ মাক আৰু নবয়ে গৈ আগতে কথা পাতি আহিছে, এতিয়া সময় লৰাই ছোৱালী চোৱাৰ | যদিওবা মাকে পঢ়া শুনা কৰা নাছিল তথাপি কিন্তু নবই বৰ্তমান D.el.ed কৰি আছে বাইদেউ হোৱাৰ আশাৰে | যিয়েই নহওঁক, যিহেতু খুড়াই বৰ্তমান কোনো কাম-বন নকৰে সেয়ে মোৰ পৰাও তেওঁ অলপ টকা বিচাৰিলে| মইও অৱশ্যে অলপ সহায় হব বুলি ভাৱি 200 টকা দিলো | হয়তোবা সেয়াই তেওঁৰ ডাঙৰ ভূল আছিল নাইবা সঠিক সিদ্ধান্ত আছিল |
সিদিনা সিহঁতে কইনা চাবলৈ গল আৰু মই আমগুৰি লৈ আহিলো পিছত সিহঁতৰ ঘৰত কি কি হৈছিল মই জনা নাছিলোঁ | পিছতহে খবৰ পালো বিয়া একেবাৰে ঠিক হল আৰু অলপতে 'নিৰক্ষন' হব, মই এই খবৰ শুনি সুখী হলোঁ | কিন্তু সমস্যা তেতিয়াও বাকী আছিল, কইনাৰ বয়স মাত্ৰ 16 বছৰ| মই এয়া আগুন লগোৱা কথা শুনি থত-বৰ খাইছিলোঁ আৰু মনে মনে ভাবিবলৈ আৰম্ভ কৰিলো এনে ক্ষেত্ৰত মোৰ ভূমিকা কেনে হোৱা উচিত.... ? যদি এফালে মোৰ আপোন 'খুড়া' আকৌ আনফালে এজনী অবুজ ছোৱালীৰ ভবিষ্যত | মই কি কৰিম, কেনেকৈ কৰিম, ইত্যাদি প্ৰশ্নই মোক বাৰে বাৰে বিৰক্ত কৰি আছিল |
সময় চাওঁতে চাওঁতে বিয়াৰ আগমূহুৰ্ত লৈ আহিল আৰু মই এতিয়াও নিৰৱ | মই যেন আজি মহাভাৰতৰ ভিষ্মত পৰিনত হৈছো, সকলো অন্যায় আৰু অত্যাচাৰ বুজি পাইয়ো নীৰৱতাৰ ৰূপ লবলৈ বাধ্য | নেজানো বিধাতাৰ এয়া কি পৰীক্ষা, মোক আজি ধৰ্ম সংকট, কৰ্তব্য সংকটত পেলালে |
এইবাৰ মই বহুত ভৱাৰ পিছত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলো | মই সোনকালেই স্কুটীখন লৈ আমগুৰি পুলিচ এষ্টেছন লৈ গলো আৰু ছাৰ হঁতক খবৰ এটা দি আহিলো যেন সিহঁতে অন্ততঃ নিৰৱে নাথাকে | মোৰ মনৰ পৰা যেন কিবা এটা ভাল কাম কৰাৰ গোন্ধ আহিছিল যদিও এই ৰাজনীতি মই নিজৰ আপোন জনৰ লগত খেলিলো |
মই নেজানো মোৰ সিদ্ধান্ত ঠিক আছিল নে নাই | কিন্তু, হৃদয়ে কয় মই সঠিক | নেজানো মোক খুড়া হঁতে মাপ কৰিব নে নাই তথাপি মই সঠিক | হয়তোবা সেই 200 টকা তেওঁৰ কাৰণে আজি এই প্ৰাঞ্জল নামৰ প্ৰত্যাহ্বান সৃষ্টি কৰিলে |
↫সত্যবাদী বিজু, ধুবুৰী ↬
মন্তব্য কৰক