সপোন - প্ৰবীন শৰ্মা
আকাশত তেতিয়াও মেঘ আছিল; বেলিটোলৈ চাই সময়ৰ অনুমান কৰাটো অসম্ভৱ। মথাউৰিৰ ওপৰৰ আহঁতজোপাৰ তলত বহি আছে যতীন; দৃষ্টি তাৰ দিগন্তত। কিছু নিলগত এৰাল দি থৈছে তাৰ হালোৱা গৰু দুটা। সমুখত সীমাহীন পানী; মাজে মাজে ওলাই আছে ঘৰৰ মুধছবোৰ। সেই মুধছৰ দ্বীপপুঞ্জৰ মাজৰ কোনোবা এটা ঘৰ যতীনৰ। পুৱতি নিশা অহা বানৰ পৰা পৰিয়ালটো বচাই কোনোমতে আহি থিতাপি লৈছেহি এই মথাউৰিৰ ওপৰত। অকল সিয়েই নহয়, গাঁৱখনৰ কেইবাটাও পৰিয়াল তেতিয়া তাত গোট খাইছিলহি। সি বহি থকা ঠাইদোখৰৰ পৰা কিছু আঁতৰত চৰকাৰী সাহাৰ্য্য তথা খাদ্য বিতৰণ পৰ্ব ইতিমধ্যেই আৰম্ভ হৈছিল। কিন্তু যতীনৰ তালৈ কাণসাৰ নাই। চিন্তাত ভাৰাক্ৰান্ত দেহটো লৈ বহি আছে সি। অন্ধকাৰ ভৱিষ্যতৰ আশংকাই কাঢ়ি নিছে তাৰ পেটৰ ভোক। তেনেতে তাৰ চকু গ’ল হালোৱা গৰু দুটাৰ ফালে। সিহঁতেও যেন অনুভৱ কৰিছিল যতীনৰ বুকুৰ বেদনা; কাণকেইখন লৰাই লৰাই সিহঁতেও যেন তাক সহানুভূতিহে জনাইছিল। বুকুৰ ভিতৰৰ পৰা কান্দোন এটা উজাই আহিল যতীনৰ; কিন্তু চকুত তাৰ চকুপানী নাছিল। জীৱনৰ আঁচোৰত কান্দিবলৈ পাহৰি পেলাইছিল সি। বিড়ি এটা জ্বলাও বুলি সি চুৰিয়াটোৰ জেপখন খেপিয়াই চালে। খালী জেপখনত হাত ভৰাই তাৰ মনত পৰিল, বিড়িকেইটা সি তম্বুটোৰ ভিতৰতেই এৰি আহিছিল। যতীন বহাৰ পৰা উঠিল; এখন্তেক ৰৈ খোজ দিলে তাৰ নিৰ্দিষ্ট তম্বুটো উদ্দেশ্যি।
কিছুদূৰ গৈ ৰৈ দিলে যতীন। সন্মুখৰ দৃশ্যটো দেখি খোজ কঢ়াৰ শক্তি হেৰুৱাই পেলাইছিল সি। তাৰ তম্বুটোৰ ওচৰত তেতিয়া মানুহৰ জুম এটা গোট খাইছিল। যতীনে একো ভাবিব পৰা নাই, অজান ভয় এটাই আৱৰি ধৰিছে তাক; সৰগ পৰা মানুহৰ দৰে থিয় দি আছে সি। পিছফালৰ পৰা অহা হাত এখনৰ জোকাৰণিত চক খাই উঠিল সি…
: পিতাই, অ’ পিতাই! কি হৈছে তোৰ? টোপনিতে কিখন বলকি আছ?... পিতাই, অ’ পিতাই!...
যতীনে চকু মেলি চালে। সন্মুখত পাপৰিৰ মুখখন দেখি সকাহ পালে সি। হুমুনিয়াহ এটা এৰি যতীন বিছনাৰ পৰা উঠিল।
: হেৰি! আজি পথাৰলৈ নাযাই নেকি?
- সদ্যস্নাতা মালতীয়ে মুৰটো মঁচি মঁচিয়েই প্ৰশ্ন কৰিলে।
: এইবাৰ বাৰিষাটোও নামতহে আহিল, বৰষুণৰ ‘ব’টোও দেখিবলৈ নাই। পানীয়েই যদি নাথাকে খেতিনো হ’ব কিহেৰে?
- মালতীৰ চকুত চিন্তাৰ চাৱনি।
: নেলাগে দে বৰষুণ হ’ব। খেতি নহ’লেও নাই; মই মানুহটো আছো নহয়; তহঁতে চিন্তা নকৰিবি।
- কথাখিনি কৈয়েই কোঠাটোৰ পৰা ওলাই আহিল যতীন। মালতী কিম্বা পাপৰিৰ পিনে চাব পৰা নাছিল সি। মনত এটা নতুন ভয় জাগিছিল তাৰ; পানীৰ ভয়...
প্ৰবীন শৰ্মা
মন্তব্য কৰক