এঞ্জেলিনা আৰু মিঃ স্ক্ৰদিঞ্জাৰ
ফিনিক্স ভিলা। সুউচ্চ অট্টালিকা আৰু প্ৰযুক্তিবিদ্যাৰ অত্যাধুনিকতাৰ প্ৰসাৰতাত জিলিকি উঠা এক বিলাসবহুল চহৰ। ফিনিক্সভিলা স্পেচ কেম্পৰ চতুৰ্থ মহলাৰ কোনোবা এটি বিলাসী কোঠা। এহাল যুৱক যুৱতীৰ বার্তালাপ অব্যাহত। মাজে সময়ে যুৱকজন বিৰক্ত হৈ পৰিছে । যুৱকজনৰ কিবা কথাত যেন যুৱতীগৰাকীয়ে সহমত দিব পৰা নাই। যুৱকজনৰ কথাবোৰত অসহ্য হৈ এটা সময়ত যুৱতীগৰাকীয়ে কোঠাটিৰ পৰা ওলায় আহি সংলগ্ন কোঠাটিত সোমায়গৈ।
“তাইক যদি কোনোবাই আগতে প্ৰবঞ্চনা দি থৈছে তেন্তে মোক ক‘ব লাগে।দুখী হ‘লেও সান্তনা লভিবলৈ সুযোগ এটা পালোহেঁতেন। মোৰ কি নাই? তাইক সুখী আৰু সন্তোষত ৰাখিব পৰা সকলোখিনি আছে মোৰ সামৰ্থ্যত ।এইক্ষেত্ৰত মই প্ৰবল আত্মবিশ্বাসী। তাই মোৰ প্ৰপজেলক বাৰে বাৰে ইগনৰ কৰাৰ কাৰণ কি হ‘ব পাৰে?বিজ্ঞানী মই জীৱিকাতহে কিন্তু তাৰ আগত মই এজন মানুহহে ।মগজুটোৰ লগতে হৃদয় এখন মোৰো আছে।“- আমেৰিকাৰ ‘নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন’ চমুকৈ ‘নাছা‘ৰ মহাকাশ বিজ্ঞানী ও গৱেষক মিঃ বনদিপ কাকতিয়ে কথাবোৰ ৰিনিকিয়াই গৈছে মাত্ৰ। জন্মসূত্ৰে তেওঁ অসমৰ হাজো নিৱাসী।যোৱা চাৰিবছৰ ধৰি তেওঁৰ মহাকাশ অধ্যয়ণ আৰ গৱেষণাৰ কাম কাজত কৰ্মৰত।
আনফালে আচৰিত ব্যক্তিত্বৰ দিপলিপ ছোৱালীজনী। পৃথিৱীৰ প্ৰায় সকলো ভাষাই স্পষ্টকৈ ক‘ব আৰু লিখিব পাৰে। হলীউড - বলীউড তহিলং কৰিলেও তাইৰ দৰে সৌন্দর্য্যৱর্তী গাভৰু এজনী নাপাব। যোৱা পাঁচবছৰ ধৰি তাই এই ফিনিক্স ভিলাৰ স্পেচ কেম্পত কাম কৰি আছে।যিকোনো পৰিস্থিতি আৰু পৰিবেশতে তাইৰ আচৰণ আৰু অনুভূতিৰ স্থিতি সলনি হোৱা পৰিলক্ষিত নহয়। কথাবোৰ বনদিপে প্ৰায়ে লক্ষ্য কৰি আহিছে হয়তো সেইবাবেই এঞ্জেলিনাৰ প্ৰেমত সি হাবু - দুবু খাইছে।
কেইবাবাৰো সুধিছে সি তাইৰ কোনোবা আপোন আছে নেকি?কিন্তু তাইৰ এটাই মাত্ৰ উত্তৰ।কোনো নাই তাইৰ জীৱনত।কোনোবা অহাটোও তাই নিবিচাৰে।কিন্তু কিয়?সিতো এদিনো তাইৰ জীৱনৰ গভীৰতাক লৈ প্ৰশ্ন কৰা নাই।
কথাবোৰ ভাবি থাকোতেই হঠাতে ৰুমটোলৈ এঞ্জেলিনা হুৰমূৰকৈ সোমায় আহে।
“ছাৰ আপোনাৰ কম্পিউটাৰ চেক কৰক, মিঃ স্ক্ৰদিঞ্জাৰে বার্তা পঠাইছে।আমাৰ মহাকাশচাৰী টীমটোৱে নেপচুনৰ ৬০.০৯ ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে।“ তাই আহি বন দিপক সতর্কীকৰণ সূচনাটো দি তাৰ পৰা আঁতৰ হয়।বনদিপে ততাতৈয়াকৈ ডেক্সটপ অন কৰি ল‘লে। এটা অবিশ্বাস্য ঘটনাৰ সন্মূখীন হৈছে মিঃ স্ক্ৰদিঞ্জাৰৰ নেতৃত্বত মহাকাশ অভিমুখী তিনিমাহৰ আগেয়ে ৰাওনা হোৱা মহাকাশচাৰী বাৰজনীয়া দলটো।মহাকাশযানখনৰ ৰেডিঅ আৰু অট'মেটিক কাৰ্যকলাপ সমূহ ক্ৰমশ নিষ্ক্ৰীয় হ‘বলৈ ধৰিছে। আৰু এই সমগ্ৰ সমস্যাটো হেনো কোনোবা বহিঃজাগতিক প্ৰাণীয়ে উদ্ভৱ কৰিছে।
মহাকযানখনৰ গোটেইখিনি ৰেডিঅ আৰু অটমেটিক একটিভিটিৰ সকলো যান্ত্ৰিক ব্যৱস্থাসমূহৰ দায়িত্ব আছিল বন দিপৰ।সেই ক্ষেত্ৰত সি নিজৰ সকলো চিন্তা শক্তি প্ৰয়োগ কৰি দিনে নিশাই কষ্ট কৰিছিল।এতিয়া কথাটো হ‘ল মহাকাশযান খনত থকা বৈজ্ঞানিকসকলে উক্ত যান্ত্ৰিক সমস্যাটো নিয়ন্ত্ৰণ কৰিব পৰা নাই। তাতোতকৈয়ো ভয় এই এলিয়েন জাতীয় বহিঃজাগতিক প্ৰাণীসমূহৰ আক্ৰমণৰ বাবে। স্ক্ৰদিঞ্জাৰে দিয়া তথ্য অনুসৰি সেইসকল প্ৰাণীয়ে নিজ আভ্যন্তৰীণ শক্তি প্ৰয়োগেৰে পৃথিৱীৰ ৰকেটবোৰৰ দৰে তৈয়াৰ কৰি ল‘ব পাৰে।কিন্তু সিহঁতৰ গতিবেগ আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অত্যন্ত আচৰিত।ঘণ্টাত প্ৰায় ৭০০কিঃমিঃ বেগেৰে গৈ ৯০ডিগ্ৰী কোণ কৰি দিশ সলাব পৰা এনে এক অবিশ্বাস্য আৰু অফুৰন্ত শক্তিৰ অধিকাৰী প্ৰাণীক মানুহে পৰাজয় কৰাটো প্ৰায়ে অসম্ভৱপৰ। সিহঁত হেনো হিংসপ্ৰিয়। মানুহৰ উপস্থিতিক সিঁহতে কামনা নকৰে।
দূৰ্ঘটনাগ্ৰস্ত পাইলট কেপ্টেইন চি ৱান ফুৰ আদেশ মৰ্মে ইয়াৰ সকলো কাম কাজ এঞ্জেলিনাৰ হাতত গতাই দি অতি সোনকালেই বনদিপ মহাকাশলৈ ৰাওনা হ‘ব লাগে।অন্যথা সিহঁতৰ চৰম উদ্দেশ্য বিফল হোৱাৰ পথত।কিছু শংকা আৰু সন্দেহৰ ভাৱ উপজিল যদিও তাৰ মনটো কিছু পাতল হ‘ল।এঞ্জেলিনাৰ প্ৰতি বাঢ়ি অহা দূর্বলতাখিনি সংযম কৰিবলৈ এইয়া যে এক সবল সুযোগ।হঠাৎ পৰস্পৰ চিন্তাৰ পৰিপ্ৰেক্ষিত অভিজিতৰ মানসিকতা কিছু সলনি হৈ পৰিছিল। এতিয়া আৰু চিন্তা নাই।অহা দুই-এদিনতে সি মহাকাশলৈ ৰাওনা হ‘ব।মিঃ চি ৱান ফুক কোনোমতেই এই বিপদৰ পৰা উদ্বাৰ কৰিব লাগিব । মহাকাশলৈ যোৱাৰ আগতে অন্তিমবাৰৰ বাবে সি এঞ্জেলিনাক লগ কৰিবগৈ প্ৰতিজ্ঞাবদ্ধ হল ।সময়ৰ তাগিদাত আৱেগে মানুহৰ হৃদয় থকাৰ প্ৰমাণ দিয়াৰ মূহুর্ত্ততে সি এঞ্জেলিনালৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই যি মানসিক কষ্ট তাইক দিলে তাৰ বাবে সি তাইৰ ওচৰত ক্ষমা খুজিবলৈ তৎপৰ ।হয়তো তাইৰ কাষলৈ আকৌ এবাৰ উভটি অহাৰ সম্ভাৱনা ও নিচেই ক্ষীণ। মহাকাশৰ যিকোনো পৰিসৰত হয়তো তেজষ্ক্ৰীয় নিষ্কিয়তাৰ ফলত জীৱনৰ উশাহ নিশাহ স্তব্ধ হৈ পৰিব। পলকতে ভষ্ম হৈ পৰিব তাৰ সুঠাম দেহা।
“বহিঃজাগতিক প্ৰাণীৰ আনুমানিক ধাৰণাক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলে অহৰহ সোতৰ শতিকাৰ পৰাই পৰীক্ষা নিৰীক্ষা চলাই আহিছে।সেই ক্ষেত্ৰত বন দিপো ব্যতিক্ৰম নহয়।আনুমানিক ধাৰণামতে এই বহিঃজাগতিক প্ৰাণীসমূহে যদি পৃথিৱীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে তেন্তে পাঁচমিনিটৰ ভিতৰতে পৃথিৱীখন নিঃশেষ হৈ পৰিব।চাক্ষুক দৃষ্টিৰে সি এটা অবিশ্বাস্য সত্যৰ সন্মুখীন হোৱাৰ পৰত। "নিজস্ব স্বার্থতকৈ বিশ্বৰ হিতার্থে কিবা এটা কৰাটো বহুগুনে উর্দ্ধত“ কথাবোৰ বন দি পে ভাৱি ভাৱি এঞ্জেলিনাৰ ঘৰ অভিমুখে ৰাওনা হল।
এঞ্জেলিনাৰ দেউতাক নাছাৰ এজন প্ৰতিভাৱান আৰু অভিজ্ঞতাবাদী প্ৰখ্যাত বিজ্ঞানী। কেম্পৰ কর্মচাৰীৰ সহায়ৰ জৰিয়তে সি এঞ্জেলিনা দেউতাকৰ লগত নিজ বাসগৃহত থকাৰ কথাটো উমান পালে।সি হয়তো আজি সন্ধিয়া সাত বজাতেই আৰু পাঁচজন সহকর্মীৰ সৈতে নাছাৰ পৰা মহাকাশলৈ ৰাওনা হ‘ব। অপেক্ষাৰত মাত্ৰ তিনিঘণ্টা সময়ৰ এই সময় ছোৱা ত যিকোনো প্ৰকাৰেই এঞ্জেলিনাৰ এবাৰ লগ কৰিবলৈ সি বদ্ধপৰিকৰ।
"বিশ্বৰে সকলো ৰহস্য ফাদিল কৰিব পৰা বিজ্ঞানে এজনী ছোৱালীৰ মনৰ গোপনীয়তা কেতিয়াও ভেদ কৰিব নোৱাৰে? কি আচৰিত!" - কথাবোৰ ভাবি থাকোতেই বনদিপে আমেৰিকা সহ বিশ্ব বিখ্যাত মহাকাশ বিজ্ঞানী অথ্যাৎ এঞ্জেলিনাৰ দেউতাক স্ক্ৰদিঞ্জাৰৰ বাসগৃহৰ সন্মুখ পালেহি। গাড়ীৰ পৰা নামিয়েই সি ঘৰৰ চাৰিসীমাত প্ৰৱেশ কৰিলে। কাচেৰে সজোৱা এটি মনোৰম বিলাসী ঘৰ।
মিঃ স্ক্ৰদিঞ্জাৰে আহিয়েই বনদিপক অভ্যৰ্থনা জনাই আগবঢ়াই নিলে।এঞ্জেলিনাৰ কথা সোধাত মিঃ স্ক্ৰদিঞ্জাৰে এটা কোঠালৈ তাক লৈ গ‘ল। আৰু বনদিপে কোঠাটোত দেখিবলৈ পালে এঞ্জেলিনাৰ দেহৰ অসংলগ্ন ক্ষত -বিক্ষত টুকুৰাবোৰ। সি অবাক আৰু দেখিবলৈ পালে এঞ্জেলিনাৰ খণ্ডিত টুকুৰাবোৰৰ পৰা বিছিন্ন বিভিন্ন বৈদ্যুতিক তাঁৰ আৰু সৰু সৰু বৈদ্যুতিক যন্ত্ৰ সজ্জা।
--"এঞ্জেলিনাৰ টেকনিকেল চিষ্টেমত কিছু গণ্ডগোল হৈ আছিল।ভাবিলোঁ আজিয়েই ঠিক কৰি লওঁ“
-মানে খুড়া এঞ্জেলিনা?
-হয়।এই ৰৱটটি ময়েই আৱিস্কাৰ কৰিছিলোঁ।
*সমাপ্ত*
মন্তব্য কৰক