বাৰ্মূদা ত্ৰিভূজ ★ এক ৰহস্য
'বাৰ্মূদা ত্ৰিভূজ' যাক মৃত্যুৰ ত্ৰিভূজ বুলি জনা যায়। আতংকৰ অন্য এক নাম "বাৰ্মূদা ত্ৰিভূজ"। যাৰ নামৰ প্ৰকৃত ৰহস্য ভেদ কৰিবলৈ কোনো সক্ষম হোৱা নাই। "বাৰ্মূদা ত্ৰিভূজ"ৰ বিষয়ে কোনো এক সঠিক সংজ্ঞা আগবঢ়াবলৈ বিজ্ঞান সক্ষম নহ'ল। বিজ্ঞানেও হাৰ মানিলে বাৰ্মূদা ত্ৰিভূজত। এই ত্ৰিভূজতে বিভিন্ন সময়ত সন্ধানহীন হৈছে বিভিন্ন জাহাজ আৰু বিমান। হেৰাই গৈছে বহু মানুহো। বহু অনুসন্ধানৰ পাছতো কোনো জাহাজ মানুহ বা ভগ্নাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যিটো মানৱ জাতি তথা বিজ্ঞানৰ বাবে ডাঙৰ বিষয় বুলি ক'ব পাৰি। আমেৰিকাৰ ফ্ল'ৰিডা উপকূলৰ পূব দিশে কণমানি পূবেৰ্ট'ৰিকো, ওপৰৰ ফালে বাৰ্মূদা আৰু পশ্চিমফালে ফ্ল'ৰিডা উপকূল । এই তিনিটা বিন্দু সংযোগ কৰিলে পোৱা যায় বাৰ্মূদা ত্ৰিভূজ। বাৰ্মূদা ত্ৰিভূজত বৰ্তমানলৈ সংঘটিত হোৱা কেইটামান ৰহস্যময় ঘটনা তলত উল্লেখ কৰা হ'ল।
বাৰ্মূদা ত্ৰিভূজৰ ওপৰেৰে উৰা মাৰা বিমানৰ ক্ষেত্ৰত প্ৰথমটো আচৰিত ঘটনা ঘটে ১৯৩০ চনৰ কোনো এটা দিনত | মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দুখন ১৩৫ বিমান সাগৰৰ ওপৰত একে সময়তে ভাঙি পৰে | ফৰকাল বতৰত একে সময়তে উৰা মৰা বিমান দুখন ভাঙি পৰা ঘটনাৰ কাৰণো বিচাৰি পোৱা নহ'ল |
১৯৪৫ চনত সংঘটিত হৈছিল আন এক দুৰ্ভাগ্যজনক ঘটনা | ফ্ল'ৰিডানেষ্ট নৌ-ঘাটীত ফ্ল'ৰিডা নেভেল বেছত ২৫০ খন বিমান আছিল | ইয়াৰ বৈমানিকসকলক ডাইভ আৰু বক্সিঙৰ প্ৰশিক্ষণ দিয়া হয় | প্ৰতি দিনে ইয়াত ১২ খন বিমানে একেলগে ১০০ মাইল ব্যাসাৰ্দ্ধত দুঘণ্টা উৰি প্ৰশিক্ষণ লয় | উক্ত অভিশপ্ত দিনটোত ১২ খন বিমানে প্ৰশিক্ষণৰ কামত উৰা মাৰি নিৰ্দ্ধাৰিত সময়ত ঘূৰি আহি দেখিলে দুখন বিমান নাই | আচৰিত ধৰণে অন্তৰ্দ্ধান হোৱা বিমান দুখনে ওপৰতে থকা বিমানবোৰক কোনো সংকেট নিদিয়াকৈ অদৃশ্য হৈ গ'ল |
বিজ্ঞানৰ সফলতা আৰু নিৰাপত্তাৰ পাছতো বাৰ্মূদা ত্ৰিভূজৰ ৰহস্য আজিও উদ্ঘাটন কৰিবলৈ বিজ্ঞান সক্ষম হোৱা নাই |নিজৰ সফলতাক লৈ গৌৰৱ কৰা মানৱ সমাজ এই ক্ষেত্ৰত সফল হয় নে নহয় সময়েহে ক'ব |
বিজ্ঞানৰ সফলতা আৰু নিৰাপত্তাৰ পাছতো বাৰ্মূদা ত্ৰিভূজৰ ৰহস্য আজিও উদ্ঘাটন কৰিবলৈ বিজ্ঞান সক্ষম হোৱা নাই |নিজৰ সফলতাক লৈ গৌৰৱ কৰা মানৱ সমাজ এই ক্ষেত্ৰত সফল হয় নে নহয় সময়েহে ক'ব |
★ ★ ★
মন্তব্য কৰক