লোক- সংস্কৃতিৰ জাতীয় নায়ক তথা সম্পূৰ্ণ অসমীয়া শ্ৰীমদ্ভাগৱতৰ সংকলক ড° নবীন চন্দ্ৰ শৰ্মাৰ সৈতে পাৰ কৰা কিছু স্মৰণীয় মূহুৰ্ত
■ "অসমীয়া বৌদ্ধিক সমাজৰ দৃষ্টিত 'ড° নবীন চন্দ্ৰ শৰ্মা আৰু লোক-সংস্কৃতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি'।" - এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি?
● ৰাইজে কি ভাবে ক'ব নোৱাৰো, মোৰ কাৰণে এইটো ক'ব অলপ টান লাগে। অসমৰ লোক-সংস্কৃতিৰ চিন্তা কৰিবলৈ বহুত সমল এতিয়াও বাকী আছে। মানুহৰ দৃষ্টিত এতিয়াও অনাদৃত হৈ আছে। ড° বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰ আচলতে অসমৰ লোক-সংস্কৃতিৰ চিন্তা-চৰ্চাৰ বাটকটীয়া। তেওঁ আমাক উদগনি দিছিল। তেখেতৰ জৰিয়তে বা তেখেতৰ চেষ্টাত লোক-সংস্কৃতি গৱেষণা বিভাগটো গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁৰ নিৰ্দেশনাত ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে পোনতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু আমি পিছৰ বিলাকে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ড° প্ৰফুল্ল দত্ত গোস্বামীৰ উপদেশ নিৰ্দেশত আৰু নেতৃত্বত গৱেষণা কৰা হৈছিল লোক-সংস্কৃতি বিষয়ত। তেখেতসকলৰ পদাংক অনুসৰণ কৰি মই লোক-সংস্কৃতি বিষয়ত চিন্তা-চৰ্চা কৰি বৰ্তমানৰ অৱস্হা পাইছোহি। মই এতিয়াও বিশ্বাস কৰো যে লোক-সংস্কৃতিৰ কাম কৰিবলৈ মোৰ আৰু বহুত বাকী, কিন্তু আমাৰ জীৱনে বা কিমান সুবিধা দিয়ে। তথাপি আমি লাগি আছো। যিসকলে এনে ভাবে সেইসকলে মোৰ গুৰু। ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে সাংস্কৃতিক অৱদানৰ কৃতিত্বহে ঘোষণা কৰিছে।
■ সৃষ্টিশীল সাহিত্যৰ নান্দনিক গুণে কেনেদৰে জাতীয় সাহিত্যক প্ৰভাৱাম্বিত কৰে ?
● সৃষ্টিশীল বুলি ক'লে সাধাৰণতে উপন্যাস, গল্প, কবিতা, নাটক ইত্যাদিক বুজায় | তাৰ বাহিৰে উচ্চস্তৰৰ সমালোচনা সাহিত্য বা সংস্কৃতিৰ আলোচনাকো সৃষ্টিশীল সাহিত্য বোলাত বাধা নাই যেন লাগে | সৃষ্টিশীল সাহিত্যৰ বাবে এটা কাহিনী লোৱা হয় সমাজৰ পৰা, কেইটামান চৰিত্ৰও লোৱা হয় সমাজৰ পৰা, গতিকে সৃষ্টিশীল সাহিত্য একো একোটি চৰিত্ৰ সেই সমাজৰ মাজৰ পৰাই অহা চৰিত্ৰৰ প্ৰতিনিধি | এটা চৰিত্ৰ সৃষ্টি কৰিবৰ বাবে সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰা, অনুভৱ, উপলব্ধি ইত্যাদি জনা উচিত | আৰু এইদৰেই এটা জাতিৰ সমাজ আৰু সংস্কৃতিৰ নান্দনিক দিশ এটা প্ৰকাশ পায় | ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' চৰিত্ৰ, সমাজ জীৱন, সংস্কৃতিক জীৱন এইবিলাকৰ আধাৰত মিৰি জীৱনৰ নান্দনিক দিশৰ পৰিচয় পোৱা যায় | তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্য-ব্যংগ ৰচনাৱলীৰ মাজতো কিছুমান চৰিত্ৰ পোৱা যায় | সেইবিলাকৰ মাজতো নান্দনিক দিশৰ আভাস পোৱা যায় | তেনে নান্দনিক জীৱনৰ পৰিচয় পোৱা যায় লক্ষ্মীনাথ বেজবৰুৱাৰ 'বীণ বৰাগী' কবিতাৰ অসমীয়া জাতিৰ ৰুচি-অভিৰুচী, জীৱন-দৰ্শন, সামাজিক চেতনাৰ পৰিচয় পোৱা যায় | তেনেদৰে অসমীয়া সমাজত নান্দনিক পৰিচয় পোৱা যায় |
■ অসমীয়া সাহিত্য জগতলৈ লোক-জীৱন আৰু লোক-সাহিত্যৰ অৱদান কেনেকুৱা?
● আমাৰ অসমীয়া সমাজ নাগৰিক সভ্যতাৰ আধাৰত 'অসমীয়া' লোক-জীৱনৰ সৃষ্টি হোৱা নাই। লোক-জীৱন বুলিলে তিনিটা দিশ পোৱা যায়। সেইকেইটা হ'ল- আচাৰ-ব্যৱহাৰ, বিশ্বাস, পূজা, উপাসনা, বেমাৰ-আজাৰ, চিকিৎসা পদ্ধতিৰ পৰিচয় পাওঁ আৰু সৌ সিদিনালৈ আমাৰ মাজত পৰম্পৰাগত ৰীতি-নীতি সমাজত চলি আছিল। এতিয়া আধুনিক জীৱনত প্ৰযুক্তিবিদ্যা বা আধুনিক বিজ্ঞানত চিন্তা-চৰ্চা বা এই চিন্তা-চৰ্চাৰ আধাৰত সৃষ্টি হোৱা ৰীতি-নীতি বিশ্বাস গ্ৰহণ কৰা হৈছে। তথাপি লোক-জীৱন এতিয়াও গীত, নাটক, কবিতা, উপন্যাস আদি ৰচনাত সহায় কৰি আছে। অসমৰ সৰহসংখ্যক কবি, নাট্যকাৰ, ঔপন্যাসিক এই বিলাকে গঞা জীৱনৰ ওপৰতে আজিও তেওঁলোকৰ সাহিত্য কৰ্ম সৃষ্টি কৰি আহিছে। উদাহৰণস্বৰূপে, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰাজিলৈ আঙুলিয়াব পাৰো। তেওঁৰ উপন্যাসকেইখনৰ মাজেদি গঞা জীৱনৰ প্ৰতিচ্ছবি সুন্দৰকৈ ফুটি উঠিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ গঞা জীৱনৰ প্ৰতি থকা মোহ-স্নেহ সুন্দৰকৈ প্ৰকাশ পাইছে। কলিকতাত থাকিও থেকেৰা-টেঙাৰ কথা কৈছে। বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাটো লোক-জীৱনৰ ছবি পোৱা যায়। আব্দুল মালিকৰ উপন্যাস 'বনজুই', 'সুৰুযমুখী স্বপ্ন', 'ধন্য নৰতনু ভাল' লোকজীৱন তথা গঞা- জীৱনৰ পৰিচয় পোৱা যায়। বিষ্ণু ৰাভাৰ গীতত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত, ভূপেন হাজৰিকাৰ গীতত, ৰুদ্ৰ বৰুৱাৰ গীতত সৰহসংখ্যক নীতিকৰণৰ ৰচনাত গঞা জীৱনৰ পৰিচয় পোৱা যায়।
অসমীয়া লোক-সাহিত্যৰ বিষয়বস্তু, যি বৈচিত্ৰ্যৰ সুৰ সমাধুৰী, শব্দচয়ন আদিয়েই আধুনিক গায়কসকলক যুগে যুগে সমল যোগাই আহিছে। ড° হাজৰিকাৰ কিমান কবিতা/গীতত লোক-সাহিত্যৰ স্পন্দন পোৱা যায় কৈ শেষ কৰিব নোৱাৰি।
'কোন সেই চাওতালী গাভৰু যায়'
' তাইৰ অংগ অংগ ৰূপ মনোমোহা।'
'কোন কাঞ্চিয়ে মাতে ৰিঙিয়ায় তই মাজিল
আমাৰ জীৱনে ৰিঙিয়াই।'
গোৱালপৰীয়া গীতত, মণিৰাম দেৱানৰ গীতত লোক-জীৱন তথা গঞা পটভূমিৰ স্পন্দন শুনিবলৈ পোৱা যায়। ৰুদ্ৰ বৰুৱাৰ গীতত-
'পকা ধানৰ মাজে মাজে সৰু সৰু আলি'
কেশৱ মহন্তৰ গীতত গঞা জীৱনৰ চিত্ৰ ফুটি উঠিছে। হিতেশ ডেকাৰ 'আজিৰ মানুহ'ত লোকগীতৰ প্ৰভাৱ আহিছে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'জীৱনৰ বাটত' গঞা প্ৰতিচ্ছবি ফুটি উঠিছে।
■ সাম্প্ৰতিক পৰিৱৰ্তিত সময় সন্ধিত অসমীয়া সংস্কৃতি কোন দিশে আগবাঢ়িছে?
● ইয়াৰ উত্তৰত ক'ব লাগিব আমাৰ সংস্কৃতি আধুনিকতাৰ ফালে আগবঢ়া, পৰম্পৰা আৰু আধুনিকতাৰ মাজত সদায় সংগ্ৰাম চলি থাকে। আৰু এটা সময়ত পৰম্পৰা সংস্কৃতিৰ প্ৰতি অনাদৃত হয় আৰু আধুনিকতাই পৰম্পৰাৰ স্হান দখল কৰে। ইয়াৰ কাৰণে বিজ্ঞানৰ যিটো অগ্ৰগতি পৰম্পৰাগত জীৱনত পৰিৱৰ্তন আনে। আৰু তেনেদৰে অসমীয়া সংস্কৃতিত আধুনিকতাৰ ফালে আগবাঢ়িছে। এইটোৱেই হ'ল সমসাময়িক সময়ৰ প্ৰভাৱ।
■ সৃষ্টিশীল সাহিত্যৰ নান্দনিক গুণে কেনেদৰে জাতীয় সাহিত্যক প্ৰভাৱাম্বিত কৰে ?
● সৃষ্টিশীল বুলি ক'লে সাধাৰণতে উপন্যাস, গল্প, কবিতা, নাটক ইত্যাদিক বুজায় | তাৰ বাহিৰে উচ্চস্তৰৰ সমালোচনা সাহিত্য বা সংস্কৃতিৰ আলোচনাকো সৃষ্টিশীল সাহিত্য বোলাত বাধা নাই যেন লাগে | সৃষ্টিশীল সাহিত্যৰ বাবে এটা কাহিনী লোৱা হয় সমাজৰ পৰা, কেইটামান চৰিত্ৰও লোৱা হয় সমাজৰ পৰা, গতিকে সৃষ্টিশীল সাহিত্য একো একোটি চৰিত্ৰ সেই সমাজৰ মাজৰ পৰাই অহা চৰিত্ৰৰ প্ৰতিনিধি | এটা চৰিত্ৰ সৃষ্টি কৰিবৰ বাবে সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰা, অনুভৱ, উপলব্ধি ইত্যাদি জনা উচিত | আৰু এইদৰেই এটা জাতিৰ সমাজ আৰু সংস্কৃতিৰ নান্দনিক দিশ এটা প্ৰকাশ পায় | ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' চৰিত্ৰ, সমাজ জীৱন, সংস্কৃতিক জীৱন এইবিলাকৰ আধাৰত মিৰি জীৱনৰ নান্দনিক দিশৰ পৰিচয় পোৱা যায় | তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্য-ব্যংগ ৰচনাৱলীৰ মাজতো কিছুমান চৰিত্ৰ পোৱা যায় | সেইবিলাকৰ মাজতো নান্দনিক দিশৰ আভাস পোৱা যায় | তেনে নান্দনিক জীৱনৰ পৰিচয় পোৱা যায় লক্ষ্মীনাথ বেজবৰুৱাৰ 'বীণ বৰাগী' কবিতাৰ অসমীয়া জাতিৰ ৰুচি-অভিৰুচী, জীৱন-দৰ্শন, সামাজিক চেতনাৰ পৰিচয় পোৱা যায় | তেনেদৰে অসমীয়া সমাজত নান্দনিক পৰিচয় পোৱা যায় |
■ অসমীয়া সাহিত্যৰ 'গৌৰৱ উজ্বল ঐতিহ্য' বুলি কোনখিনি সময়ক আপুনি চিহ্নিত কৰিব খোজে?
● আমি বিশেষকৈ অসমীয়া সাহিত্যৰ গৌৰৱ উজ্বল সাহিত্যৰ যুগ হিচাপে 'জোনাকী যুগ'ৰ সাহিত্যৰ যুগটোক আঙুলিয়াব পাৰি। এই যুগৰ সাহিত্যই অসমীয়া মানুহৰ প্ৰাণত নতুন সুৰৰ স্বাধীনতাৰ সুৰ, দেশ প্ৰীতিৰ সুৰ, ধ্বনিত প্ৰতিধ্বনিত কৰিছে। সেই যুগটো আছিল অসমীয়া জীৱনক মান-মৰাণৰ অত্যাচাৰত জৰ্জৰিত অসমীয়া সমাজক নতুনকৈ অসমীয়া মানুহৰ নতুনকৈ আদৰ্শ সঞ্চাৰ কৰাৰ যুগ। এই ফালৰ পৰা চাবলৈ গ'লে জোনাকী যুগে এক সুপ্ত জাতিটোক জগাই তোলা আন্দোলন সৃষ্টি কৰিছিল।
■ সাম্প্ৰতিক সময়ত অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰখন সাৰুৱা কৰি তুলিবলৈ কেনেধৰণৰ বাতাবৰণৰ প্ৰয়োজন আহি পৰিছে? সেই বিষয়ে আমাক অলপ ক'ব নেকি?
● সাম্প্ৰতিক যুগটো জটিল। আমাৰ আহোম স্বৰ্গদেউসকলে আৰু কোঁচ নৃপতিসকলে শদিয়াৰ পৰা কোঁচবিহাৰলৈ যিটো এক অসমীয়া জাতিৰ সংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। বৈষ্ণৱ সাধকসকলে একে ধৰ্মীয় বাণীৰে সমাজক সংগঠিত কৰিছিল। সেই সমাজ এতিয়া নানান ৰাজনৈতিক স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থ আৰু আন আন এশ-এবুৰি কাৰণবশতঃ বিদ্ধস্ত হ'বলৈ ধৰিছে। এই সময়ছোৱাত হত্যা, ধৰ্ষণ, লুন্ঠন নানান কালিমাই দেখা দিছে। এইবিলাকে যেনেদৰে প্ৰত্যেক সৰু-সুৰা নৃগোষ্ঠী একোটিয়ে নিজৰ ৰাজ্য লাভৰ স্বাৰ্থত নিজৰ বিপ্লৱ চলাইছে মানুহৰ সমাজত মৰম-চেনেহ বা বিশ্বাস নোহোৱা হৈ পৰিছে।
এনে অৱস্হাত সাহিত্য সৃষ্টিত বাধা পৰা স্বাভাৱিক, কিন্তু এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে কবি-সাহিত্যিকসকলে কলমৰ জৰিয়তে চেষ্টা চলাব পাৰে। আজিকালি হয়তো মানুহে এনে ব্যাধিগ্ৰস্ত সমাজত ৰাজনৈতিক নেতাৰ কথা শুনাতকৈ জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ড° হীৰেণ গোহাঁই, হীৰেণ ভট্টাচাৰ্য, হোমেন বৰগোহাঁঞি সাহিত্যকৃতি বা লিখনিয়ে সমাজক শুদ্ধ পথলৈ আনিব পাৰিব।
■ সাম্প্ৰতিক সময়ত নিজ নিজ জাতীয় স্বাৰ্থ দপদপনিত আমাৰ সমাজত যি বিশৃংখলতাই দেখা দিছে তাৰ প্ৰত্যুত্তৰত মানৱীয় স্বাৰ্থৰ হেতুকে আপোনাৰ মতামত কেনেকুৱা?
● শান্তিৰ কাৰণে মানুহে মানৱীয় মূল্যবোধক গুৰুত্ব দিব পাৰিব লাগিব। মানুহ হৈ ভিন্ন থাকিলে নহ'ব। মানুহে মানুহক বুজিব লাগিব। ড° ভূপেন হাজৰিকাই কৈছে- 'মানুহ যদিহে নহয় মানুহ....' চন্দ্ৰ কুমাৰ আগৰৱালাই তেওঁৰ 'মানৱ বন্দনা' কবিতাটিৰ জৰিয়তে মানৱৰ বন্দনা কৰি গৈছে। গতিকে মানুহে মানুহৰ দৰে আচৰণ কৰিব পাৰিলে সমাজত মানৱীয় মূল্যবোধ প্ৰতিষ্ঠিত হ'ব। বৰ্তমান সমাজ বিকৃত মস্তিষ্কৰ সমাজ। হিতাহিত জ্ঞান শূণ্য বিবেক ৰোহিত জাতি নহ'লেনো বাপেকৰ কামনাৰ পৰা নিজৰ ছোৱালীজনী সাৰি যাব নোৱাৰে নে? মহিলাবিলাকে যদি জাগ্ৰত নহয় সমাজৰ পৰা এনে ব্যাধিবিলাক মষিমূৰ নহয়।
■ লোক-সংস্কৃতি আৰু কি কি দিশত কৰণীয় কাৰ্য আছে বুলি আপুনি ভাবে?
● লোক-সংস্কৃতি যিবিলাক উপাদান লোক জীৱনত প্ৰচলিত, যিবিলাক উৎসৱ অনুষ্ঠান, গীত-পদ, বাচন-বৰ্তন ইত্যাদি সমল পদ্ধতিগতভাবে সংগ্ৰহ কৰি ছপা কৰি প্ৰকাশ কৰিব পাৰিলে জাতিৰ বাবে মংগলজনক হ'ব, নহ'লে এইবোৰ সময়ৰ সোঁতত হেৰাই যাব।
■ 'বিশ্বৰ আজিৰ এই অস্হিৰ পৰিস্হিতিৰ পৰা মুক্ত হোৱাৰ সমাজবাদেই একমাত্ৰ পথ।'- এই বিষয়ে আপোনাৰ মতামত কেনেধৰণৰ?
● সমাজবাদ অৰ্থটো মানুহে মানুহক বুজিব লাগিব, যদি মানুহক নুবুজে তেতিয়া গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা নহয়। সমাজবাদক বুজিবলৈ সমস্যাৰ অংশস্বৰূপ প্ৰতিটো সমস্যাক বুজিব লাগিব, সমস্যা উপলব্ধি আৰু নিৰাময়ত গুৰুত্ব দিব লাগিব।
■ শেষত আপোনালৈ ধন্যবাদ জনাই আপোনাৰ সু-স্বাস্হ্য তথা দীৰ্ঘায়ু কামনা কৰিলো।
● তোমালৈ আৰু 'কুঁহিপাঠ'খনিৰ সফলতা কামনা কৰিলো।
মন্তব্য কৰক