যুৱ মানসিকতা আৰু অভিভাৱক শ্ৰেণীৰ দ্বায়বদ্ধতা-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮
বিৱৰ্তিত
সমাজ ব্যৱস্থাত আদিম কালৰে পৰা কোনো বস্তুৱেই স্থায়ী ৰূপত বৰ্তি থকা নাই ।
সময়ৰ প্ৰবাল গতিত সকলো বস্তুৱেই মোট সলাই আহিছে । আমাৰ সমাজতো ঘটি থকা
বিৱৰ্তনৰ ৰূপ-স্বৰূপ স্ব-চক্ষুৰে প্ৰত্যক্ষ কৰিছো । সেইয়া যদি কেতিয়াবা
ভালৰ বাবে, কেতিয়াবা আকৌ হিতে বিপৰীত । বৰ্তমান সময়ৰ বিৱৰ্তনৰ পাকচক্ৰত
সমস্যা ৰূপে দেখা দিয়া এটা বিষয় হৈ পৰিছে যুৱ-উচ্ছৃংখলতা । একবিংশ শতিকাত
যুৱ সমাজক লৈ বৃহৎ শক্তিৰ কল্পনা কৰা সুস্থ সমাজে আজি তেওঁলোকৰ
দ্বায়বদ্ধতাক লৈ শংকিত হৈ পৰিছে ।
আজিৰ সমাজত প্ৰায়েই এটা প্ৰশ্ন উত্থাপিত হয় যে বৰ্তমানৰ যুৱ সমাজ কোন দিশে ধাৱমান ? যেতিয়া ছপা বা বৈদ্যুতিন মাধ্যমত যুৱ প্ৰজন্মক চোকা সমালোচনা কৰা হয় তেতিয়া যুৱ চামৰ এজন হিচাপে কথাবোৰ গভীৰ ভাৱে গমি চাবলৈ বাধ্য হওঁ । এখন দেশৰ মেৰুদণ্ড হৈছে মানৱ সম্পদ । এই মানৱ সম্পদ সৃষ্টিত যুৱ প্ৰজন্ম কেঁচা মাল স্বৰূপ । গতিকে তেওঁলোক সু-গঢ়িত হোৱাটো প্ৰকৃততে সৰ্বদিশৰ বাবে শুভলক্ষণ । যুৱ সকলৰ সু-স্বাস্থ্যৰ ওপৰিও নৈতিক, বৌদ্ধিক মানসিক সু-স্বাস্থ্যৰ লগতে সামাজিক আৰু অনান্য দ্বায়বদ্ধতা আদি দিশ সমূহতো সুস্থ-সবল হৈ থকা উচিত । পিছে দেখা যায় যে আমাৰ মুলুকৰ প্ৰায়বোৰ নতুনেই উক্ত দিশবোৰ আওঁকাণ কৰি আহিছে । অৱশ্যে তাৰ বিপৰীতে একাংশই এতিয়াও এনেবোৰ কথাত সুন্দৰভাৱে গুৰুত্ব প্ৰদান কৰিছে ।
মানুহ হৈছে সামাজিক ভাবে দ্বায়বদ্ধ প্ৰাণী । সেয়ে সমাজৰ প্ৰতি মানুহৰ দ্বায়িত্ববোধৰ চেতনা প্ৰথম কৰ্তব্য । কিন্তু যুৱ প্ৰজন্মৰ মাজত এই সামাজিক দ্বায়বদ্ধতাৰ চেতনা ক্ৰমাৎ হ্ৰাস পাব ধৰিছে । শিক্ষা সম্পৰ্কীয় দুটা মতবাদত কোৱা হৈছে যে ব্যক্তিৰ উৎকৰ্ষই সামাজিক উন্নতিৰ মূল; আকৌ কৈছে যে সমাজৰ উৎকৰ্ষই ব্যক্তিৰ উন্নতিৰ মূল । এতিয়া দেখা গ'ল যে ব্যক্তি আৰু সমাজ ইটো আনটোৰ পৰিপূৰক । আমি ব্যক্তি বিশেষে য'তেই অৱস্থান নকৰো কিয় সমাজৰ সৈতে সংপৃক্ত হমেই । ই প্ৰকৃতিৰ নিয়ম । কিন্তু আধুনিকতাক দোহাই দি আমি ব্যক্তি কেন্দ্ৰীক আচৰণ কৰি কেৱল 'মই' 'মোৰ' আদি ধাৰণাৰ সংকীৰ্ণ বৃত্তটোৰ মাজত কুৰুকি কুৰুকি সোমাব লাগিছো । ভোগবাদী চিন্তা ধাৰাৰ মাজত অৱস্থান কৰি হাততে পাইছো ঠগ, প্ৰৱঞ্চনা , সামাজিক অশান্তি ইত্যাদি বোৰ....। অতি বিপদজ্জনক ভাৱে ভোগবাদী চিন্তাৰ অতি সহজ চিকাৰ হৈ পৰিছে নতুন প্ৰজন্ম । ভোগ্যবস্তু সহজে পোৱাৰ আশাত নৈতিক-অনৈতিক বাচ-বিচাৰ নোহোৱাকৈ বাটে-অবাটে যাব লাগিছে । ইয়েই লাহে লাহে সমাজখন কলুষিত কৰি আনিছে ।
সততে আমি চিঞৰি থাকো যে আমাৰ সংস্কৃতি বিনন্দীয়া । কিন্তু আমাৰ সংস্কৃতি আমি সংস্কৃতি কৰি ৰাখিছো নে ? যুৱ-প্ৰজন্মৰ হিয়াৰ আমঠু হৈ পৰা পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ স্থলুৱা সংস্কৃতিলৈ মহাকাল চপাই আনিলে । আমাৰ জীৱন ধাৰণৰ প্ৰণালীটো বহু পৰিবৰ্তন আহিল । কিন্তু আমাৰ অনুভৱ হয় যে পশ্চিমীয়া জীৱন ধাৰণ প্ৰণালী বা সংস্কৃতি বোৰ অনুকৰণ কৰিবলৈ গৈ আমি সেই বিশেষ সাধুটোৰ ঘৰচিৰিকা চৰাইটোৰ দৰেই হৈ পৰিলো । যি নিজৰ অথবা আনৰ কাৰো খোজৰ অনুকৰণ কৰিব নোৱাৰিলে । আমিও এনে এটা দোমোজাত ৰৈ লাভ কৰিছো উশৃংখলিত এটা ক্ৰম মাথো । পশ্চিমৰ দেশ সমূহৰ উন্নতিৰ ঘাই সমল সমূহ অনুকৰণ কৰাটো মুঠেই বেয়া কথা নহয় । কিন্তু আমি জানো আমাৰ পৰিৱেশ পৰিস্থিতি সাপেক্ষে তাৰ ধনাত্মক দিশ সমূহ আদৰিছো ! তাৰ বিপৰীতে আমি বাচ বিচাৰ নকৰাকৈ বহু খেলি-মেলিৰ সৃষ্টি কৰি এটা ধ্বংসমুখী পৰিবেশৰ ফালে গতি কৰিব লাগিছো । নাচাব লগীয়া বস্তু চাইছো, নাখাব লগীয়া অখাদ্য খাইছো, মুঠতে সৰ্বদিশতে বিপৰীতমুখী প্ৰতিক্ৰিয়া । যাৰ প্ৰভাৱত আমাৰ নতুনৰো নতুন অৰ্থাৎ ছাত্ৰ সমাজৰ একাংশই পথ হেৰুৱাই পথভ্ৰষ্ট হৈ ছাত্ৰ জীৱনৰ দৰে মহা মূল্যবান সময়তে নিজ চৰিত্ৰত দাগ লগাই লৈছে । যাৰ উদাহৰণ আমি নিতৌ চকুৰ আগতে দেখি আহিছো । এনে ধৰণেই সমাজৰ অনুজ সকলৰ দ্বাৰা নৈতিকতাৰ চূড়ান্ত অৱক্ষয় হবলৈ আৰম্ভ কৰিছে । বিশেষকৈ আমাৰ নবপ্ৰজন্মৰ একাংশই আধুনিকতাৰ ভণ্ড সংজ্ঞা নিৰূপণ কৰি বলৈ গৈ নৈতিকতাৰ কবৰ দিব লাগিছে । আমি নিজকে আধুনিক আধুনিক বুলি বৃথা আস্ফালন কৰিব লাগিছো । আধুনিক সাজেৰে সাজিবলৈ হাতত লৈছো এনড্ৰইড ফ'ন, বিলাসী বাহন, দামী কাপোৰ পিন্ধিছো, কেতিয়াবা চুটি-অশালীন(লাজেও লাজ পোৱাকৈ), কেতিয়াবা বহুৱাৰ সাজেৰে সাজিছো নিজক । কিন্তু প্ৰশ্ন হয় আমি ব্যৱহাৰ কৰা মোবাইল কেইটাক কিমান সদ ব্যৱহাৰ কৰিছো ? ৰাতি দুপৰ নিশালৈকে চ'চিয়েল নেটৱৰ্কিং চাইটবোৰত ব্যস্ত হৈছো, নিষিদ্ধ ঘোষিত চাইট বোৰত সোমাই পৰিছো । এনেদৰে অনেক ধৰণেৰে ব্যস্ত হৈ নিজৰ নিকটতে থকা আপোন মানুহ বোৰৰ পৰাও পৃথক হৈ বেলেগ এখন জগতত বিচৰণ কৰি ফুৰিছো । আৰু তাতেই লালন-পালন কৰিছো অপৰাধী মন এটাক । মটৰ চাইকেল খন চলাইছো তীব্ৰ বেগেৰে, ৰাখিছো মাজ ৰাস্তাতে, অশ্লীল মাত মাতি দোকানৰ সন্মুখত ৰৈ চিগাৰেটৰ ধোঁৱা উৰুৱাই আড্ডা দিছো । নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰি মাতাল হৈ পৰিছো জ্যেষ্ঠ বা কণিষ্ঠ একোৰেই প্ৰভেদ নাৰাখি সন্মান, শ্ৰদ্ধা, ভক্তি আদি শব্দৰ মূল্য নোহোৱা কৰিছো । এইদৰেই নিজকে কদৰ্যময় জীৱন দান কৰিছো । প্ৰথমে নিজকে উশৃংখল কৰি গঢ়িছো, পাছত সমাজ খন প্ৰদূষিত কৰিছো । এই যে আমি আধুনিকতাৰ সংজ্ঞাৰ মাপকাঠিবোৰ - হাতত দামী মবাইল লৈ, অশালীন কাপোৰ পিন্ধি ৰঙ-বিৰঙৰ হোৱা অথবা মুখত ইংৰাজী অসমীয়াৰ মিশ্ৰিত অদ্ভুদ ভাষা কোৱাকে আধুনিক বোলা নহয় । অথবা ভাল পোছাক পিন্ধি মুখেৰে ভাল কথা কৈ বা ইংৰাজীৰ ফুলজাৰি মাৰিলেই আধুনিক হৈ নপৰে । আমাৰ সংস্কৃতিত আধুনিকতাৰ সংজ্ঞা নিৰূপণ হয় সুস্থ-সবল মানসিক আৰু আন্তৰিক সু-দৃষ্টিভংগীৰ দ্বাৰাহে । অভাৱনীয় ভাবে আমি সংস্কৃতিৰ অন্যতম ভেঁটি সাংস্কৃতিক দিশতো নিজকে হেৰুৱাই পেলাইছো । যুৱ সমাজে সততে আদৰি লোৱা সেইবোৰ অদ্ভুদ সাংস্কৃতিক ক্ৰমণিকাত গীত-বাদ্য, আচাৰ-ব্যৱহাৰ, ভাষা সকলোতে বেমেজালি ।
বৰ্তমান সময়ত আমাৰ প্ৰায়বোৰ লোকেই শিক্ষিত । আমাৰ নতুন প্ৰজন্মৰ যি সকল শিক্ষিত অথচ নৈতিক ভাৱে দুৰ্বল অথবা সামাজিক ভাবে দ্বায়বদ্ধহীন সেই সকলক শুদ্ধ পথলৈ নিবলৈ আমাৰ সমাজৰ শ্ৰদ্ধাৰ শিক্ষক সকল বিশেষ ভাৱে দ্বায়বদ্ধ । যদিহে ল'ৰা এটা পঢ়াত বৰ বিশেষ ভাল নহয়, আৰু লাহে লাহে যদি লাহে লাহে সি নৈতিক ভাৱে ধ্বংসমুখী হ'বলৈ আৰম্ভ কৰিছে তেনে ক্ষণত সেই ল'ৰাজন সকলোৰে দ্বাৰা উপেক্ষিত হোৱাটো স্বাভাৱিক । কিন্তু শ্ৰদ্ধাৰ শিক্ষক সকলে সেই ল'ৰা জনক আন লোকৰ দৰে ঠাট্টা মষ্কৰা বা অনাদৰ নকৰি সু-পৰামৰ্শ প্ৰদান কৰে তেনেহলে নিশ্চয়কৈ সু-পথ পাব । কোৱা হয় যে দেশৰ ভবিষ্যত বিদ্যালয়ৰ কোঠাতেই গঢ় লয় । আৰু ইয়াৰ ৰাজমিস্ত্ৰী শিক্ষক সকল । গতিকে শ্ৰদ্ধাৰ শিক্ষক সকলৰ দ্বৰাও এই সমস্যা সমাধানৰো নিশ্চয় উপায় আছে । পিছে আমি নতুনৰ এই চামটোক সমাজে বেয়াৰ মাৰ্কা লগাই তুলাধুনা দি সমালোচনা কৰাৰ বাহিৰে অন্য কৰিছো নো কি ?
সমাজৰ কথালৈ বাৰু নগলোৱেই । আমাৰ সমাজ ব্যৱস্থাই আমাৰ যুৱ-প্ৰজন্মক কি দিছে তাৰ বিশ্লেষণ আমি নকৰো । মাথো এইটোহে মন কৰিবলগীয়া যে সামাজিক পৰিবেশে ব্যক্তিৰ জীৱন গঢ় দিয়াত অনন্য ভূমিকা গ্ৰহণ কৰে । সমাজৰ বিৰূপ কাৰ্যই যে মানুহৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে ই সত্য । লগতে এইটোও সঁচা যে সামাজিক পৰিবেশ সুস্থ কৰি নোতোলা পৰ্যন্ত আমি কাৰোবাক দোষ দি থকাটো মুঠেই ভুল কথা । গতিকে সমাজৰ নিৰ্দিষ্ট ভূমিকাৰে নব-প্ৰজন্মক এই অভিশাপৰ পৰা মুক্ত কৰাৰ স্থল আছে ।
আমি যিমানেই চোকা সমালোচনা নকৰো কিয় আমাৰ যুৱ-প্ৰজন্মৰ প্ৰত্যেকেই উশৃংখল নহয় । বাৰে বাৰে কৈ অহা হৈছে যে এইটো প্ৰতিযোগিতাৰ যুগ । প্ৰথম স্থান সকলোৰে লক্ষ্য । কিন্তু প্ৰতিযোগিতাৰ নামত গঢ় লৈ উঠিছে অসুস্থ প্ৰতিযোগিতাৰ পৰিবেশ । এনে প্ৰতিযোগিতাত পৰি হত্যা, আত্মহত্যা, হিংসাৰ দৰে বহু অভাৱনীয় ঘটনা ঘটি আছে । তাৰো এখোপ ওপৰলৈ গৈ আধুনিকতাৰ নামতো চলিছে এক ভয়ংকৰ প্ৰতিযোগিতা । উদাহৰণ হিচাপে লগৰ কাৰোবাৰ দামী মবাইল, মটৰ চাইকেল...গতিকে মোকো লাগিব । দামী মটৰ চাইকেলৰ উপদ্ৰপত বাটৰুৱা হায়ৰাণ । ষ্টাণ্টাৰ সকলৰ যিহে প্ৰকোপ ! প্ৰকৃততে এই অসুস্থ প্ৰতিযোগিতাৰ বাবে মূল দায়ী অভিভাৱক সকল । ক্লাছত প্ৰথম হোৱাৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ঘাই পথত সকলোতকৈ আগত মটৰ চাইকেলখন চলাই নিয়াৰ প্ৰতিযোগিতালৈ অভিভাৱক সকলৰ ভূমিকা মন কৰিবলগীয়া । অৱশ্যে আমাৰ বহু নতুনে এই অপ-সংস্কৃতি বোৰ দূৰতে আঁতৰাই থৈছে । তাৰ বিপৰীতে কোনোৱে যদি হাতত তুলি লৈছে কলম, কোনোৱে ৰং-তুলিকা, গীত-বাদ্য আদি । অৰ্থাৎ সাহিত্য, কলা সংস্কৃতিকে তেওঁলোকে শ্ৰেয় বুলিছে । তেওঁলোকে বুজি উঠিছে যে নিজৰ সু-কৰ্মৰ দ্বাৰাই সমাজ সুস্থ-সবল কৰি ৰাখিব পাৰি । সংস্কৃতি চৰ্চাই মন মগজু সংস্কাৰ মুখী কৰি তোলে । এইবোৰৰ ওপৰিও যদি আমাৰ যুৱ-প্ৰজন্মৰ মাজত অধ্যয়ণৰ এটা সু-পৰিৱেশ গঢ় দিয়া হয় তেনেহ'লে নিশ্চয়কৈ এই উশৃংখলতাৰ সিংহভাগেই নোহোৱা হ'ব বুলি আমাৰ বিশ্বাস । কোৱা হয় যে ঘৰখনেই শিক্ষাৰ প্ৰথম স্তৰ । ঘৰৰ পৰাই আৰম্ভ কৰা শিক্ষাৰ বাহ্যিক ৰূপ প্ৰকাশ পাই মানুহৰ আচৰণ বা চাল চলনত । ঘৰখন, পৰিয়াল, ওচৰ-চুবুৰীয়াক একাষৰীয়াকৈ থৈ, শিক্ষাৰ প্ৰথম গুৰু মাতৃ সকল । আমি কব পাৰো যে আজিৰ যুৱ উশৃংখলতাৰ মূলতে দায়ী শিক্ষাৰ প্ৰথম স্তৰতে থকা কেৰুণবোৰ । ঘৰখন তথা অভিভাৱকৰ অত্যাধিক মৰম আৰু তথাকথিত আধুনিক পৰিবেশীয় বিৰূপ ক্ৰিয়া-প্ৰতিক্ৰিয়াই এনে উশৃংখল পৰিৱেশ এটা গঢ় দিয়াত ইন্ধন যোগাই আহিছে । যদিহে আমাৰ সন্মানীয় অভিভাৱক সকল প্ৰত্যেকেই সচেতন হয় আৰু নিজ সন্তানক প্ৰকৃত মানুহ হোৱাৰ শিক্ষাৰে শিক্ষিত কৰে তেনেহ'লে যুৱ-উশৃংখলতা শেষ হোৱাটো নিশ্চিত ।
আমাৰ দেশ, আমাৰ সমাজ, আমাৰেই সৰ্বস্ব । সময়ৰ বুকুত আমি নিজকে প্ৰতিষ্ঠা কৰি থৈ যাব লাগিব কৰ্মৰ যোগেদি । সেয়ে এই দ্বায়বদ্ধতা আমাৰ নব-প্ৰজন্মই কান্ধ পাতি লোৱা উচিত যে আমাৰ চিনাকি অথবা আমাৰ পৰিচয়ত আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে লজ্জিত নহয় । সেয়েহে নিজৰ প্ৰতি থকা দ্বায়িত্ব, ঘৰখনৰ প্ৰতি থকা দ্বায়িত্ব, পৰিয়াল-সমাজ-দেশখনৰ প্ৰতি থকা দ্বায়িত্ববোৰ ক্ৰমে নতুন চামে বুজি উঠা উচিত । কাৰণ প্ৰত্যেকেই বিশ্বাস কৰে যে যুৱ সমাজৰ উন্নতিয়েই সৰ্বাংগ উন্নতিৰ প্ৰথম চিন ।
গীতাত কোৱা হৈছে যে ব্যক্তিগত অথবা জাতীয় জীৱনত মানুহে নিজ উন্নতিৰ বাবে প্ৰস্তুত কৰা ৰীতি-নীতিৰ পথত আগুৱাই যাব নোৱাৰা অৱস্থাটোৱেই 'ধৰ্মগ্লানি' । আৰু এনে ধৰ্মগ্লানিৰ সময়ত শ্ৰীকৃষ্ণই নিজেই অৱতাৰ লৈ পৃথিৱীত ধৰ্মৰ পক্ষত থিয় দি অধৰ্মক নাশ কৰে । যাক কোৱা হয় 'সৃজাম্যহম্' । আমিও আশা কৰো আমাৰ সমাজৰ যি দুৰ্বিসহ পৰিৱেশ তাত আমাৰ যুৱ-প্ৰজন্মৰ প্ৰত্যেকেই 'সৃজাম্যহম্' ৰূপে নিজক, সমাজক, দেশক সংস্কাৰ মুখী কৰি তোলক ।

মন্তব্য কৰক