Header Ads

শৰ্মিষ্ঠা প্ৰীতম বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮


১) আপোনাৰ ল'ৰালিৰ বিষয়ে ক'ব নেকি?
উত্তৰ: ল'ৰালিৰ কথাবোৰ আৰু কৈ শেষ কৰিব নোৱাৰি ! অন্তহীন | ফুল-তৰাৰ সপোন আৰু ৰূপকথাৰ মণি-মুকুতাৰে জলমল আছিল মোৰ ল'ৰালি | তলসৰা শেৱালি বুটলাৰ মাদকতা, বকুলৰ মালা, কলি আম, বগৰী, তেঁতেলীৰ সোৱাদত টকালি পাৰি উঠা দুপৰীয়া, ক'লা জামুৰ ৰঙেৰে বেঙুনীয়া জিভা, পানীপতাৰে উটাই দিয়া কাগজৰ নাও, সমনীয়াৰ সৈতে খেলা উকুলি-মুকলি-দুকুলি, লুকাভাকু, চেংগুটি আদিৰ দৰে আৰু অনেক সৰু সৰুৰং-বিৰঙী অভিজ্ঞতাৰে বাংময় আছিল মোৰ ল'ৰালি | আছিল, যন্ত্ৰনাও আছিল সেই ল'ৰালিত | কাৰণ ল'ৰালিৰপৰাই মোৰ শৰীৰত এক দুৰাৰোগ্য ৰোগে নিগাজিকৈ বাস কৰিবলৈ লৈছিল | কিন্তু শাৰীৰিক অস্বাভাৱিক ৰংবোৰক মুঠি মৰি থৈ দিব পৰা নাছিল | মোৰ ল'ৰালি আটাইতকৈ হেঁপাহৰ সম্পদ আছিল দেউতাৰ সাধুকথাৰ মেটমৰা ভঁৰালটো আৰু সমনীয়াৰ সৈতে প্ৰকৃতিৰ উমাল সান্নিধ্যত কটোৱা সেই মধুৰ ক্ষণবোৰ |
২) আপোনাৰ ছাত্ৰী জীৱনৰ বিষয়ে ক'ব নেকি?
উত্তৰ: ২৩৮ নং ফুলগুৰি প্ৰাথমিক বিদ্যালয়ত মোৰ আনুষ্ঠানিক শিক্ষাজীৱন আৰম্ভ হৈছিল | ছাত্ৰী হিচাপে মই মধ্যমীয়া মগজুৰ আছিলো | পঞ্চম শ্ৰেণীৰপৰা মই ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো | তাৰ পিছত ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উৰ্ত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰো | আৰম্ভণিৰে পৰা এই সময়ছোৱালৈকে মই প্ৰায়সকল শিক্ষাগুৰুৰ পৰাই স্নেহাশিস লাভ কৰিছিলো |
৩) সাহিত্য জগতখনৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল?
উত্তৰ: আচলতে জীৱনৰ দৰে সাহিত্যৰ জগতখনো বিস্ময়কৰভাৱে সুন্দৰ আৰু ৰহস্যময় | আৰু জীৱনৰ দৰেই ই বিশাল, বিস্তৃত; যাৰ সন্মুখত এটি ধূলিকণা মাথো মই | আগত কৈ আহিছো যে মোৰ ল'ৰালিৰ ডাঙৰ সম্পদ আছিল দেউতাৰ সাধুকথাৰ ভঁৰালটো | দেউতাই খুব মনোগ্ৰাহীকৈ সাধু কৈছিল | শুনি শুনি হেঁপাহ নপলাইছিল, বৰং ক্ৰমে ক্ৰমে বাঢ়ি গৈছিল কাহিনীৰ প্ৰতি মোৰ অনুৰাগ | কেৱল সেয়ে নহয় দেউতাই কিনি অনা সাধুকথাৰ পুথিৰেও ঠাহ খাই গৈছিল মোৰ ল'ৰালিৰ চন্দুক | হয়তো সেয়াই আছিল আৰম্ভণি | কিতাপৰ মাজতে ডাঙৰ হৈছো মই | হাইস্কুলীয়া জীৱনত ভৰি দিওঁতেই দেউতাৰ পুথিভঁৰালৰ কিতাপবোৰৰ সোৱাদ লোৱাৰ সুযোগ মিলিল | তেতিয়া গল্প—উপন্যাসেই বেছি পঢ়িছিলো | যিমানে পঢ়িছিলো সিমানে বাঢ়ি গৈছিল মনৰ পিয়াহ |গোপনে গোপনে মোৰ মন মগজুতো চলিবলৈ ধৰিছিল বহু কথা কাহিনীৰ নিৰ্মাণ | তাৰ ফলস্বৰূপেই হয়তো পৰ্যায়ক্ৰমে আহি আহি আজিৰ এই কাহিনী—কথনৰ অনুশীলন |
৪) সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত আপোনাক কিহে বেছিকৈ অনুপ্ৰাণিত কৰে ?
উত্তৰ: এই চৰ্চা মোৰ বাবে এক আন্তৰিক আহ্বান | মানুহ-মাটি-প্ৰকৃতি — এইবোৰেই অনুপ্ৰাণিত কৰে মোক | মোৰ নিজৰ জীৱনটো জুমুঠিহে মাত্ৰ | চিনাকি জগতখনৰ অসংখ্য চিনাকি চৰিত্ৰৰ কথা-কাহিনীয়েই মোৰ সম্পদ | আচলতে মানুহৰ জীৱন আৰু সমাজেই মোৰ আধাৰ | আৰু আমাৰ সুৱদী অসমীয়া ভাষাটোৰ চৰ্চা কৰি, নিতৌ ন ন শব্দ শিকি, অন্ত:স্থলৰ অনুভৱবোৰ প্ৰকাশ কৰিবৰ বাবে সুন্দৰকৈ বাক্য লিখাৰ চেষ্টা কৰি মই আত্মাৰ তৃপ্তি আহৰণ কৰো |

৫) আপোনাৰ প্ৰথম প্ৰকাশিত লেখাটোৰ বিষয়ে জনাব নেকি? সেই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা আছিল?
উত্তৰ: মোৰ প্ৰথম প্ৰকাশিত লেখা বুলিবলৈ হ'লে 'দৈনিক অসম' কাকতত প্ৰকাশ পোৱা লেখা এটাৰ কথাই ক'ব লাগিব | শিৰোনামাটো পাহৰিছোঁ | নিজৰ অনুভৱৰ ক্ষুদ্ৰ অংশ এটি বাতৰি কাকতৰ ছপা আখৰত প্ৰকাশ পোৱা দেখি সুখী হৈছিলো, লগতে আৰু লিখাৰ হেঁপাহ জাগিছিল |

৬)সাহিত্য-চৰ্চাৰ লগত জড়িত তিতা-মিঠা অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব নেকি?
উত্তৰ: মানুহৰ জীৱনৰ দৰে সাধনাৰ পথো মষৃণ নহয় | সাহিত্যৰ প্ৰতি মোৰ অনুৰাগ আৰু আত্মাৰ তাড়নাত কিবাকিবি লিখাৰ এই প্ৰয়াসকমই জীৱনৰ অৰ্থ অণ্বেষণ আৰু মানুহৰ মাজৰ এজন হৈ থকাৰ নিৰৱ অনুশীলন বুলি ক'বলৈ বেছি ভাল পাওঁ | মোৰ এই অনুশীলনৰ মিঠা অভিজ্ঞতাই মোৰ সময়বোৰক উপভোগ্য আৰু জীৱনটোক সহনীয় কৰি তুলিছে | লিখি থাকিব পাৰিলেই জীয়াই থাকি বেছি ভাল লাগে মোৰ | আৰু পাঠকৰ পৰা লাভ কৰা মৰম আৰু সঁহাৰিয়ে মোৰ লিখাৰ শক্তি বঢ়ায় | পাঠকৰ আদৰ মোৰ বাবে বঁটাৰ লেখীয়া | মোৰ এই যাত্ৰাত দুই-এটা পীড়াদায়ক অভিজ্ঞতাও নথকা নহয় | কিন্তু মিঠাৰ পৰিমাণ ইমান সৰহ যে তিতাৰ স্বাদ মোৰ জিভাত নালাগে |

৭) আপোনাৰ এই সাহিত্য চৰ্চাত কোনে উৎসাহ যোগাইছিল ?
উত্তৰ: লিখাৰ বাবে উৎসাহিত হ'ব পৰা পৰিবেশ এটা মই সৰুৰেপৰা ঘৰতে পাইছোঁ | কিন্তু মোক সকলো দ্বিধাগ্ৰস্ততাৰপৰা মুক্ত কৰি মোৰ ভিতৰৰ লিখাৰ তাড়নাক সবল ৰূপত বাহিৰলৈ উলিয়াই আনিছিল মোৰ এজন পৰম বন্ধুৱে | তাৰপিছত শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ, ড˚ প্ৰফুল্ল কটকী ছাৰ, ড˚ অমৰজ্যোতি চৌধুৰী ছাৰৰ দৰে বহুকেইজন স্বনামধন্য ব্যক্তিয়ে মোক উৎসাহ যোগাইছিল | আৰু মোৰ ঘৰৰ সদস্যসকলে, চৌপাশৰ আপোন লোকসকলে, শুভাকাংক্ষী তথা পাঠকসকলে সদায় মোক উৎসাহ যোগাই আহিছে |
৮/ সাম্প্ৰতিক অসমত ঘটি থকা ঘটনাবোৰৰ বিষয়ে আপোনাৰ মতামত?
উত্তৰ: ঘটনাতো বহুতেই ঘটি থাকে ।ভাল-বেয়াৰ মাজৰ অঁৰিয়াঅৰি নিতৌ চলি থাকে । কেতিয়াবা নিজকে এখন নৰকৰ মূক দৰ্শক যেনো লাগে । সময়ে সময়ে আমি দেখি আহিছোঁ, দেখি আছোঁ - মানুহৰ নৈতিক স্থালন, হত্যা, সন্ত্ৰাস আদিৰ দৰে জিঘাংসু প্ৰবৃত্তি, সাম্প্ৰদায়িকতা, ধৰ্মান্ধতা, অন্ধবিশ্বাস আদিৰ দৰে সংকীৰ্ণ কথা-কাণ্ডবোৰ--- যি বোৰৰ সমুখত উপেক্ষিত হৈছে মানৱীয়তা । বহু সময়ত উত্তেজনা আৰু বিভ্ৰান্তিত এচাম মানুহে নিজৰ বিবেকৰ কণ্ঠস্বৰ শুনিবলৈও অপাৰগ হয় । এনেকুৱা সময়বোৰে আমাক শংকিত কৰে । তদুপৰি এচাম মানুহৰ লাভ-লোকচান-কমিচনৰ অংকত আন এচাম মানুহ হৈছে অৱহেলিত, প্ৰতাৰিত । বৰ্তমান আমি আমাৰ শিপাৰ দৃঢ়তাক লৈও শংকিত । শাসন ব্যৱস্থাটোৰ প্ৰতি আমাৰ আস্থা হেৰাই যোৱাটোও বৰ দুৰ্ভাগ্যজনক কথা । কিন্তু তাৰ মাজতো আশা কৰোঁ, ভাল মানুহৰ ভাল চিন্তা আৰু ভাল কামৰ পোহৰে আমাৰ অসমী আইক কলুষিত কৰিব খোজা আন্ধাৰবোৰক খেদি পঠিয়াবলৈ সক্ষম হ’ব ।
৯/নতুন কি কামত ব্যস্ত হৈ আছে ?
উত্তৰ: নতুন উপন্যাস এখন লিখাৰ যো-জা কৰিছোঁ । মাজে মাজে কিছু পঢ়া-শুনাও কৰি আছোঁ ।

১০/সাহিত্য চৰ্চাৰ উপৰিও আৰু কি কি বিষয়ত আপোনাৰ ৰাপ আছে ?
উত্তৰ: মোৰ আন এক প্রিয় বিষয় ছবি । মই শিলত ছবি আঁকি ভাল পাওঁ । গান শুনিও ভাল পাওঁ । গান আমাৰ আত্মাৰ জুৰণি ।

১১/সাহিত্যৰ আন মাধ্যমতকৈ উপন্যাসত বেছি গুৰুত্বৰ কাৰণ?
উত্তৰ: মানুহৰ জীৱন মোৰ প্ৰিয় বিষয় । জীৱনক তুলি ধৰিবলৈ উপন্যাস বেছি সুবিধাজনক । আৰু ই মোৰ বাবে এনে এক মাধ্যম য’ত মই ভিন ভিন মানুহৰ জীৱন জী চোৱাৰ সুযোগ পাওঁ ।

১২/ডিজিটেল সাহিত্যৰ ওপৰত আপোনাৰ মতামত?

উত্তৰ: বৰ্তমান ফেচবুক, ৱাটচ্এপ, ই-মেগাজিন আদিৰ মাধ্যমতো সাহিত্যৰ চর্চা চলি আছে । বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ডিজিটেল সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে ।মই নিজে ই-বুক, ই-আলোচনীতকৈ কাগজৰ কিতাপ-আলোচনী পঢ়ি বেছি ভাল পাওঁ যদিও 'ডিজিটেল' মাধ্যমৰ সাহিত্য চৰ্চাৰ ইতিবাচক প্ৰভাৱক নুই কৰিব নকৰোঁ ।কাৰণ এই মাধ্যমবোৰৰ জৰিয়তেও মানুহে, বিশেষকৈ নতুন প্ৰজন্মৰ একাংশই গঠনমূলক, সৃষ্টিশীল কামত প্ৰবৃত্ত হৈ থকাৰ সুযোগ পাইছে ।সাধাৰণতে আমাৰ যিবোৰ পৰিচিত কাকত-আলোচনী আছে, সেইবোৰত সকলোৰে লেখা প্ৰকাশ কৰাটো যিহেতু সম্ভৱ নহয়, আৰু বহুতো ভাল লেখাও কেতিয়াবা প্ৰকাশৰ বাবে বাছনি নোহোৱাকৈ ৰৈ যাব পাৰে, তেনেক্ষেত্ৰত লিখাৰ হেঁপাহটোক মৰহি নোযোৱাকৈ ৰাখিবলৈ ডিজিটেল মাধ্যম সহায়ক হ’ব পাৰে ।আৰু আমাৰ মাতৃভাষাৰ এই সংকটকালত একাংশই যদি এই মাধ্যমটো সাহিত্যৰ চৰ্চা কৰি আমাৰ ভাষাটোক জীয়াই ৰখাত অৰিহণা যোগাইছে, সেইটোও যোগাত্মক কথা ।মুঠতে এই মাধ্যমেও সৃষ্টিশীল, অনুভৱী মনবোৰক মুকলি কৰাৰ বাবে এখন মঞ্চ দিছে ।লগতে আৰু এটা কথা কওঁ, ডিজিটেলেই হওক বা কাগজৰেই হওক, সাহিত্যৰ শেষ লক্ষ্য এটাই-মানুহ আৰু সমাজৰ কল্যাণ ।গতিকে যি মাধ্যমতেই প্ৰকাশ নহওক, সাহিত্য সদায় আমাৰ আদৰৰ ।

১৩/ আমাৰ  পাঠকসকলক কিবা ক’ব বিচাৰিব নেকি?
উত্তৰ: পাঠকসকলক এটা কথাই ক’ম-আপোনালোকৰ প্ৰতি মই অন্তহীনভাৱে কৃতজ্ঞ ।আপোনালোকৰ সঁহাৰিয়ে মোৰ সৃষ্টিৰ সাৰ-পানী ।
Powered by Blogger.