Header Ads

সীমান্তত লাগিছে জুই - ৰমেন চাংমাই

Kuhipath Poem Ramen Changmai


সীমান্তত লাগিছে জুই
পলৰীয়াই পলাইছে  দৌৰাই দৌৰিছে
এক অশান্তময় পৰিৱেশত দিন কটাইছে
সীমান্তত বাস কৰা অতন্দ্ৰ প্ৰহৰী সকল ।

বিদেশী ৰাষ্ট্ৰৰ উগ্ৰপন্থীয়ে কৰা গুলি বৰ্ষণত
জন্মভূমি জননীক ভাল পোৱা
দেশৰ বীৰ জোৱান সকল নিহত হ'ল
অকালতে হেৰুৱালে শ্বহীদৰ পত্নীয়ে
সূৰ্য যেন শিৰৰ সেন্দুৰ কন ।

জীৱনৰ কত আশা  জীৱনৰ কত ভৰষা
ধূলিসাৎ হ'ল মৰমক হেৰুৱাই
অকাল বৈধব্যই সোণালী পোছাক আঁতৰাই 
বিষাদময় জীৱন আকোৱালি
ওৰেটো জীৱন কটাব কাঁইটিয়া বাটত ।



ৰমেন চাচনি
ফোন নং : ৮৬৩৮১৭৭৭২৬

No comments

Powered by Blogger.