প্ৰতিশ্ৰুতি মাথোঁ প্ৰতিশ্ৰতি - দেৱীকা ডেকা
মৰমৰ
অনিৰুদ্ধ
ভালে আছনে তই? আজি ফাগুনৰ প্ৰথমজাক বৰষুণ দিছে। পাগলৰ দৰে চিঞৰি চিঞৰি ভালপাঁও বুলি মোৰ মনৰ মাজত সোমায় পৰা তোলৈ আজি বৰকৈ মনত পৰিছে। হয়তো এইখনেই ছাগে তোলৈ মোৰ শেষ চিঠি। উস্ শেষ বুলি কবলৈয়ে যে ভয় লাগিছে। আজি চোন চিঠি দিওঁতে হাতখনো কঁপিছে। সেইদিনা বাছষ্টেন্দত লগ পাওঁতে তোৰ ভালনে বুলি সুধিছিলি। আৰে তোৰ অবিহনে মোৰ ভাল হ'ব কেনেকৈ? প্ৰথমবাৰৰ বাবে সেইদিনা তোক অচিনাকী যেন লাগিছিল।
মনত পৰেনে তোৰ? সেই যে প্ৰথমবাৰ যিদিনা মোৰ হাতখনত ধৰিছিলি সেইদিনাই কথা দিছিলি "তোমাৰ হাতখন এনেকৈ চিৰদিন ধৰি থাকিম।" বিশ্বাস কৰ মোৰ কিন্তু লাজো লাগিছিল সেইদিনা। No Entry ৰ বেনাৰ ফালি তই মোৰ হৃদয়ত প্ৰবেশ কৰিছিলি। কিযে ভাল লগা সময় আছিল। সম্পৰ্কবোৰ গভীৰ হৈছিল, তুমিৰ পৰা এদিন তই হ'লো। মৰমবোৰে ঠন ধৰি উঠিছিল। কৃষ্ঞচূড়াৰ তলত বহি কিমানযে সপোন দেখিছিলো দুয়োটাই। ঘৰত যে মোক চাবলৈ ল'ৰা আহিছে বুলি কওঁতে কিমান যে খং, অভিমান আৰম্ভ হৈছিল তোৰ। মোৰ বাবে প্ৰথমবাৰৰ কাৰণে তোৰ চকুত চকুপানী দেখিছিলো। তোৰ চকুত চকুপানী দেখি মোৰ ভালপোৱা দুগুনে বাঢ়িছিল। প্ৰেমৰ যে ইমান শক্তি মই সেইদিনাহে বুজিছিলো যিদিনা একো ভয় নোহোৱাকৈ দেউতাৰ আগত তোৰ কথা কৈ দিছিলো। যিদিনা গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছিলি সেইদিনা কিবা এটা ভয়ে খুন্দা মাৰিছিল বুকুত। তই প্ৰতিশ্ৰুতি দিছিলি ভালদৰে পঢ়ি কিবা এটা সংস্হাপন হ'লেই মোক নিজৰ কৰি লৈ যাবি। ক'ত পাহৰিলি প্ৰতিশ্ৰুতিবোৰ? মইচোন আজিও এই আশাতে ৰৈ আছো। বিশ্ববিদ্যালয়ৰ উশৃংখল গাভৰুজাকৰ মাজতে মই যে হেৰাই গ'লো তোৰ পৰা। ৰঙীন সপোনবোৰ মই মিছাতে দেখিছো কিন্তু পূৰণ নহ'ল।
অই সেইদিনা তোৰ বিয়াৰ নিমন্ত্ৰণীপত্ৰখন পালো। অলপ সময়ৰ বাবে মই যে বাকৰুদ্ধ হৈ পৰিলো। তোৰ বিয়াত উপস্হিত থাকিব নোৱাৰিম মই। বেয়া নাপাবি তই। কিমান বেদনাদায়ক হ'ব সেই বিচ্ছেদৰ মুহূৰ্তবোৰ মোৰ বাবে।
আঘোণৰ সোণবৰণীয়া পথাৰৰ দৰে তোৰ সপোনবোৰ পূৰণ হওঁক। তই সুখী হ'। আৰু কিমান লিখিম, লিখি থাকিলে হয়তো মোৰ কলমেই বন্ধ নহ'ব। শেষত শুভকামনা থাকিল।
ইতি
ঊষা
দেৱীকা ডেকা
যোৰহাট
দেৱীকা ডেকা
যোৰহাট
মন্তব্য কৰক