তোমাৰ বগা ড্ৰেছজোৰ ❣ নীলা খামৰ চিঠি - মৃগাংক বৰুৱা
মোৰ হৃদয়ৰ পল্লৱী,
উকা কাগজখনলৈ চাই থকা কিমান সময় হল মই নিজেই নাজানো , এতিয়া হাতৰ কলমটোৱে ও কৈছে কিবা এটা লিখা , কিন্তু মনৰ চিয়াঁহীবোৰ যেন শুকাই গ’ল ।কবলৈ বহু কথাই আছিল ।কিন্তু কৰ পৰা আৰম্ভ কৰিম ভাবি পোৱা নাই।আশাকৰোঁ ভালে আশা তুমি । সেই হস্পিটেলৰ দিনবিলাকে আজিকালি বৰকৈ আমনি কৰে জানা ,তোমাৰ বগা ড্ৰেছজোৰ মোৰ বৰ প্ৰিয়
তাতকৈ ভাল লগা তোমাৰ ওঠৰ সেই মিচিকিয়া হাঁহিটো।আজিকালি বৰকৈ মনত পৰে ।কেৱল তোমাৰ সাহস আৰু অনুপ্ৰেৰণাই আজি মোক এজন মানসিক ৰোগীৰ পৰা সুস্থ সৱল এজন মানুহ কৰি তুলিলে। ইয়াৰ বাবে তোমাক কেনেদৰে কৃতজ্ঞতা জনাম নাজানো ।মোৰ এই কাঁইটেৰে ভৰা জীৱনটোত যেন গোলাপ ফুল হৈ মোৰ জীৱনটোক সুন্দৰ কৰি দিলা ।তোমাক পুনৰবাৰ লগ পোৱাৰ আশাৰে জীয়াই আছো মই ।তোমাক সপোনত আজিকালি সদায় দেখোঁ জানানে ।দুচকু পানীৰে উপচি পৰে ।কেতিয়াবা ভাবোঁ হয়তো মানসিক ৰোগী হৈ থকা হলেই ভাল আছিল ,তেতিয়া তোমাক হয়তো সদায় কাষত পালোঁ হয়।শেষত তোমাৰ সকলো সপোন পূৰণ হোৱাৰ কামনাৰে তোমালৈ বহুত মৰম আৰু শুভকামনা যাছিলোঁ ।
->মৃগাংক বৰুৱা
মন্তব্য কৰক