অসমৰ প্ৰথম কৃষক বিদ্ৰোহ :ফুলগুৰিৰ ধেৱা
প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮
ৰূপম নাথ
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক, অসমীয়া বিভাগ
নগাঁও মহাবিদ্যালয় ।
ফুলগুৰি ধেৱাৰ শোকগাঁথা কিম্বদন্তি নহয় । নহয় ইতিহাস । ই বুৰঞ্জী ।
স্বাধীনতাৰ তেজে ধোঁৱা বুৰঞ্জী । সমগ্ৰ ভাৰতত যি সময়ত বৃটিছ শাসন আৰু শোষণৰ
বিৰুদ্ধে মেহনতি জনতাৰ মাজত তুঁহজুইৰ দৰে উমি উমি বিদ্ৰোহৰ অগনি জ্বলিছিল-
১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পৰৱৰ্তী চাৰি বছৰ নৌ হওঁতেই সৰ্বভাৰতীয়
প্ৰেক্ষাপটত বিদ্ৰোহৰ জুইকুৰা জ্বলিছিল উত্তৰ পূৰ্বাঞ্চলতেই । অসমৰ নগাঁও
জিলাৰ ফুলগুৰিত ১৮৬১ চনত সংঘটিত এই বিদ্ৰোহেই বুৰঞ্জীৰ পাতত ‘ফুলগুৰি ধেৱা’
ৰূপে উজলি আছে । অসমত ব্যপ্তিষ্ট মিছনেৰী সকলৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন
অসমীয়া কাকত ‘অৰুণোদয়’ত এই বিদ্ৰোহক বিকৃত ব্যাখ্যাৰে উপস্থাপন কৰা দেখা
গৈছিল । পৰিতাপৰ বিষয় এয়ে যে সেই সময়ৰ এচাম উচ্চ-মধ্যবিত্ত বিদ্বান
অসমীয়াৰে কলমত ইয়াক ‘কাণিয়াৰ বিদ্ৰোহ’ বোলা হৈছে । যেনেকৈ আমাৰ অসমীয়াৰ
বাপতি সাহোন বিহুটিক তেওঁলোকৰ দৰে তোষামোদকাৰী পণ্ডিতে নীচ আখ্যাৰে সংজ্ঞা
দাঙি ধৰিছিল ।
ভাৰতবৰ্ষৰ বুৰঞ্জী সোণালী আখৰেৰে কৃষক বিদ্ৰোহৰ ঘটনা লিপিবদ্ধ হৈ আছে । মণিৰাম দেৱান,ৰহিয়াল বৰুৱা, তিৱাৰ সাতোৰজা পাঁচো ৰজাকে মুখ্য কৰি অঞ্চলৰ বিদ্ৰোহী জনতাৰ নেতৃত্বতেই স্বাধীনতা বিপ্লৱৰ প্ৰথমখন নিচান ফুলগুৰিত উৰিছিল ।
সময় তেতিয়া ১৮৫৫ চন । মণিৰাম দেৱান, ৰহিয়াল বৰুৱা, তিৱাৰ পোৱালি ৰজাসকলৰ পৃষ্ঠপোষকতাতে ৰাইজমেলৰ সিদ্ধান্ত লোৱা হৈছিল । দুৰ্ভাগ্যবশতঃ ৫৭ৰ বিদ্ৰোহৰ পাছত মণিৰাম দেৱানৰ মৃত্যুদন্দ আৰু ৰহিয়াল বৰুৱা ক্ষমতাচ্যুত হয়। এই বৰ্বৰতাৰ পাছৰ কথা - ১৮৬০ চনত প্ৰৱৰ্তিত নতুন কৰ আইন প্ৰৱৰ্তন কৰি ইংৰাজে অসমীয়াৰ বাৰীৰ তামোল-পাণৰ পৰা আৰম্ভ কৰি খেতিৰ নাঙললৈকে কৰৰ বোজা জাপি দিলে। তাৰ লগতে স্হানীয়ভাৱে উৎপাদিত আফু খেতিৰো নিষিদ্ধ ঘোষণা কৰে। অঞ্চলবাসী উক্ত কাৰণৰ লগতে সমানে সংযুক্ত হৈ আছিল শোষণ, উৎপীড়ন আৰু ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যবোৰ। সেই সময়ৰ ইংৰাজ সৈন্যৰ বিৰুদ্ধে অভিযোগ আছিল যে বিদ্ৰোহী বিচৰা নামত তেওঁলোকে শ্ৰীশ্ৰীগড়মূৰৰ শাখা সত্ৰ, নামঘৰ মণিকূটত নিয়ম বৰ্হিভূতভাৱে প্ৰৱেশ কৰি তালাচী চলোৱা, নিৰ্বিচাৰে লোকক বেত্ৰাঘাত কৰা আদি কাৰকসমূহ। এনেবোৰ দুৰ্দশাৰ পৰা মুক্তি বিচাৰি অঞ্চলবাসীয়ে ১৭ চেপ্তেম্বৰত (১৮৬১)সেই সময়ৰ জিলাধিপতি হাবাৰ্ট স্কন্সৰ ওচৰত আবেদন জনাবলৈ গ'ল। স্কন্সে ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ পৰিবৰ্তে আবেদনকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰহে নিৰ্দেশ দিয়ে। একেদৰে পুনৰ ৰাইজে ৯ অক্টোবৰত স্কন্সৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। পিছে স্কন্সৰ কোনো ইতিবাচক সঁহাৰি পোৱা নগ'ল। তাৰ বিপৰীতে চৰম বৰ্বৰতাৰে প্ৰতিবাদকাৰীসকলক বিমুখ কৰিলে। সেয়েই সমস্যাৰ প্ৰতিকাৰৰ সূত্ৰ বিচাৰি ১৫ অক্টোবৰত পাঁচদিনীয়াকৈ সমূহ ৰাইজে ফুলগুৰিৰ বৰ আঁহত (তিনি আঁহত)ৰ তলত ৰাইজমেল পতাৰ সিদ্ধান্ত লয়। তিৱাৰ পোৱালি ৰজাসকলৰ লগতে লক্ষণ চিং সেনাপতি, বাৰপূজীয়াৰ মৌজাদাৰ, জাগীয়াল গাঁওবুঢ়া, ৰহাৰ ৰহিয়াল বৰুৱা, ভিবি কমাৰ, জালুগুটিৰ হাফিজ আলি আদি বিভিন্ন প্ৰান্তৰৰ মুখীয়ালসকলৰ নেতৃত্বত প্ৰায় তিনি-চাৰি হাজাৰৰো অধিক লোকেৰে ভৰি পৰে ৰাইজমেল থলী। -ফুলগুৰিত ৰাইজমেল বহিছে। হয়তো বিদ্ৰোহে দেখা দিব পাৰে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত স্কন্স চাহাবৰ নিৰ্দেশ মৰ্মে নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱাই ১৫ অক্টোবৰত ১o জন বৰকান্দাজ সৈন্য লৈ ফুলগুৰিত উপস্হিত হয়। ১৬ অক্টোবৰতো ৰাইজমেল একেদৰেই পূৰ্ণ গতিত চলি থাকে।

১৭ অক্টোবৰত খবৰ আহিল যে জিলাধিপতি স্কন্স চাহাব নিজেই ১৮ তাৰিখে ফুলগুৰি
ৰাইজমেল থলীলৈ আহিব। ক্ৰমে গোট খোৱা কৃষকৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিলে। ১৮
অক্টোবৰ পুৱা দেখা গ'ল যে স্কন্স চাহাবে তেওঁৰ পৰিবৰ্তে ডেকা ফুটৰ চিংগাৰ
চাহাব (সহকাৰী আয়ুক্ত)ক এদল পুলিচৰ সৈতে ফুলগুৰিলৈ পঠায়। ১০ বজাত ছিংগাৰে
আহি বৰ আহঁতৰ তলত বহু সংখ্যক ৰাইজ প্ৰত্যক্ষ কৰে। তাৰে ভিতৰত প্ৰায়
সংখ্যকৰেই মূৰত পাগুৰি আৰু হাতত লাঠি আছিল। কথাতে কয়-"লাঠি-জাপি-টনা/এই
তিনি নহ'লে দিনতে কণা"-কিন্তু অসমীয়াৰ ৰীতি-নীতি সংস্কৃতিৰ পূৰ্ব জ্ঞান
নথকা ছিংগাৰে হাতৰ লাঠিক অস্ত্ৰ আৰু মূৰৰ পাগুৰিক শিৰস্তান বুলি ভাবি
অস্ত্ৰ আৰু শিৰস্তান জমাৰ নিৰ্দেশ দিয়ে। ছিংগাৰৰ এই হুকুম কোনেও কৰ্ণপাত
নকৰিলে। পুলিচ বাহিনীৰ সহযোগত ছিংগাৰে নিজেই লাঠি আৰু পাগুৰি কঢ়া কাৰ্যত
নামি পৰিল। ইতিমধ্যে ম'ৰা চিং নামৰ এজনৰ পৰা ছিংগাৰে লাঠি আৰু পাগুৰি
কাঢ়িলে। হঠাতে বহুদিনীয়া ক্ষোভৰ তুঁহ জুইকুৰা ভমককৈ জ্বলি উঠিল । কলঙৰ পাৰৰ
তিনি আঁহতৰ তলত হুৱা-দুৱা লাগিল। ছিংগাৰ ছাহাব আৰু পুলিচৰ এনে অপ্ৰত্যাশিত
আচৰণত খং আৰু প্ৰতিশোধৰ অগ্নি দুগুণে চৰিল। বাহু কৈবৰ্তই শক্তিশালী বাহুৰে
এটা প্ৰচন্দ লাঠিৰ কোব ছিংগাৰৰ মূৰত শোধালে। ছিংগাৰ ঢলি পৰিল। ছিংগাৰৰ
মৃতদেহ নি ৰাইজে কলঙত উটাই দিলে। ছিংগাৰক হত্যাৰ সংক্ৰান্তত হলধৰ বৰুৱাৰ
প্ৰতিবেদনত বাহু কৈবৰ্ত, কাতি লালুং, থম্বা লালুং, জব লালুং, কাটিয়া লালুং,
মহি কোচ, কলি ডেকাক দোষী সাব্যস্ত কৰা হয়। ১৮ অক্টোবৰৰ দিনটোৰ পাছতো প্ৰায়
৩/৪ দিন ধৰি ইংৰাজৰ বিৰুদ্ধে ৰাইজৰ ৰণ চলি থাকিল। ১৯ অক্টোবৰত 'চেকেন্দ
আছাম ইনফেন্টিৰ ভাৰপ্ৰাপ্ত কামান্দাৰ কেম্পৱেলে স-সৈন্যে যাত্ৰা কৰি
ফুলগুৰিত উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। ২০ অক্টোবৰত ইংৰাজ
সৈন্যই ফুলগুৰিত বিদ্ৰোহী দমনৰ নামত ভালেমান লোকক হত্যা কৰে। ২৩ অক্টোবৰত
জিলাধিপতি স্কন্সে ফুলগুৰিকে আদি কৰি নেলী, কচুহাট, ৰহা আদি ঠাই ভ্ৰমণ কৰি
পৰিস্হিতি বুজ লয়। স্বাধীনতাৰ এই ৰণত প্ৰায় ৩৯ জন কৃষকক ইংৰাজে নৃশংসভাৱে
হত্যা কৰে। ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে। সহস্ৰাধিক আহত লোকৰ মাজৰে ১৫ জন বিনা
চিকিৎসাৰে পাছত মৃত্যুক আঁকোৱালি লয়।
ফুলগুৰিৰ গোমা আকাশত তেজ মিহলি গোন্ধ । জয়াল বৰ আহঁতৰ তলত মৃতদেহ আৰু মৃতদেহ । কলঙৰ পাৰ উকা হৈ ৰৈছে। কেৱল পহৰাৰ নামত ইংৰাজ সৈন্যইহে পিয়াপি দি ফুৰিছে। শ্বহীদৰ মৃতদেহবোৰো তাতেই পৰি ৰৈছে। সৎকাৰৰ বাবেও নিব দিয়া হোৱা নাই। আনিবলৈকো ভয়, কিজানি ইংৰাজে মাৰেই। এইদৰে পৰি ৰোৱা শৱবোৰ আত্মীয় স্বজনে মনে মনে লুকাই চুৰকৈ সাঙী কৰি, কান্ধত তুলি, গৰু-ম'হৰ গাড়ীৰে নি কলঙৰ দক্ষিণ পাৰৰ প্ৰায় তিনি কিঃ মিঃ নিলগৰ হাবিত সমূহীয়াকৈ সৎকাৰ কৰে। এই স্বাধীনতা সংগ্ৰামৰ বীৰ সংগ্ৰামীসকলৰ সৎকাৰস্হলীকে পাছলৈ 'মানুহ পোৰা' নামেৰে জনা গ'ল।
লাহে লাহে ফুলগুৰিৰ বতাহ শান্ত হ'ল। বিদ্ৰোহৰ অপৰাধত ৰংবৰ, চাংবৰ আৰু লক্ষণ চিঙৰ নগাঁও জেলত ফাঁচী হ'ল। একত্ৰিশ জনক দহ বছৰলৈ সশ্ৰম কাৰাদন্দ বিহা হ'ল। বাহু, বনমালী, ৰূপচিং, চিপচিং, শাকবৰ, হেবেৰা, নৰচিঙক কলীয়া পানী (আন্দামান) লৈ নিৰ্বাসন দিয়া হ'ল। এয়াই আছিল ফুলগুৰিৰ কেঁচা মাটিত কৃষকৰ তেজেৰে লিখা বুৰঞ্জীৰ আভাস। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় ফুলগুৰিৰ ধেৱাৰ ঐতিহ্য বৰ্তমান আমি লাহে লাহে পাহৰিব লাগিছো। নতুন প্ৰজন্মৰ বহুতেই অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ কথা আজিও নাজানে। তদুপৰি কৃষক আন্দোলনৰ প্ৰধানস্হলীত এখন সাধাৰণ স্মাৰক তোৰণ আৰু স্মাৰক বেদী একোটা নিৰ্মাণ হোৱাৰ বাদে এনে এক ঐতিহাসিক স্বাক্ষৰযুক্ত স্হানক পৰ্যটনৰ সুবিধাকৈ বিশেষ একো পদক্ষেপ চৰকাৰৰ দ্বাৰা লোৱা হোৱা নাই। তদুপৰি মানুহপোৰা কিচামৰ সেই বিশেষ স্হান মানুহ পোৰা জালাহ ভূমিৰ নৈসৰ্গিক পৰিবেশৰ মাজতো পৰ্যটনৰ বিশেষ উদ্যোগ লোৱা দেখা যোৱা নাই। অৱশ্যে কেঁচুৱাই কান্দিলেহে গাখীৰ পাই লেখীয়াকৈ স্বাভিমানী স্হানীয় সচেতন মহলে কিমানখিনি উদ্যোগ হাতত লৈছে সিও এই ক্ষেত্ৰত বিচাৰ্যৰ বিষয়। অৱশ্যে সংকীৰ্ণ চিন্তাধাৰাৰ পৰা আঁতৰি বৃহৎ দৃষ্টিৰে বিচাৰ কৰিলে এই প্ৰশ্নবোৰৰ নিশ্চয় সুদুত্তৰ পোৱা যাব।
"এ আইটি-
এদোন ধান দুদোন ধান
এ আইটি-
ফুলগুৰি ধেৱা খাং-
এ আইটি
বাহু ডোম খদবত মৰিলে...।।
লোকমুখত প্ৰচলিত ধেৱাগীতসমূহৰ কৰুণ সুৰে আজিও টানি ধৰে মানুহৰ প্ৰাণ, ওভটাই লৈ যায় এষষ্ঠিৰ সেই দুৰ্বিসহ দিনবোৰলৈ; য'ত প্ৰতিজন অসমীয়াৰ বুকুত স্বাধীনতাৰ সংগ্ৰামখনৰ ছবি আজিও খোদিত হৈ আছে। অসমীয়াৰ মন স্বাধীন, কৰ্মত স্বাধীন। সেয়েহে ভাৰতৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহৰ চানেকী ফুলগুৰিত ৰাখি থৈ গ'ল। তেজৰ বোলেৰে ইতিহাস লিখি স্বাধীনতাৰ নিচান উৰুৱাই ফুলগুৰিৰ শ্বহীদৰ বুকুৰ তেজেৰে নতুন এখন ভাৰত গঢ়িবলৈ সমল ৰাখি থৈ গ'ল। ফুলগুৰি ধেৱাৰ প্ৰধান সেনাপতি বীৰ লক্ষণ চিঙে প্ৰেয়সী জেতুকীক কোৱা এষাৰ কথা এই ক্ষেত্ৰত প্ৰণিধানযোগ্য - "মৰমৰ জেতুকী, যাবৰ সময়ত তোক মই এটা কথা কৈ যাওঁ, হয়তো লক্ষণ চিং মৰিব, ৰংবৰ, চাংবৰ, বাহু কৈবৰ্ত আদি কৰি অঞ্চলৰ সকলো বীৰেই প্ৰাণ দিব। কিন্তু ফিৰিঙিয়ে ফুলগুৰি অঞ্চলৰ নাম মানুহৰ মনৰ পৰা মচি দিব নোৱাৰিব। বহু বছৰৰ পিছত হ'লেও আমাৰ পো-নাতিবিলাকে ইয়াৰ পোতক লৈ, ফুলগুৰিক অসম বুৰঞ্জীত যাউতি যুগীয়াকৈ জীয়াই ৰাখিব।"
সহায়ক গ্ৰন্হ পঞ্জী :
১/ স্মৃতিগ্ৰন্হ- "ফুলগুৰি ধেৱাৰ ৰেঙণি"- সম্পাদক যতীন মেধি।
২/ ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্হ 'গন্ধ বিদুৰ স্মৃতিৰ সুবাস'-সম্পাদক যতীন মেধি।
৩/ দীঘলদৰি কাকতিগাঁও মধ্য ইংৰাজী আৰু উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্হ- ছন্দোময় কলং-মুখ্য সম্পাদক-মোহন কাকতি, সম্পাদক-ড° নিৰলা দেৱী
৪/ ফুলগুৰি শাখা সাহিত্য সভাৰ পত্ৰিকা-'ধেৱা', সম্পাদক-মন্টুমণি বৰা
৫/ শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্হ-"স্বৰ্ণাভ"-সম্পাদক যোগেন্দ্ৰ দাস।

মন্তব্য কৰক