Header Ads

ৰঙালী বিহু ☙ তাহানিৰ আৰু এতিয়াৰ ❧ ৰূপলেখা দেৱী


                          ‌       
incredible assam article Rongali bihu ancient time and present ruplekha devi


"'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলী লতা,
কৈয়ে থাকো মানে ওৰকে নপৰে বহাগৰ বিহুটিৰ কথা"।
    
চাওঁতে চাওঁতে চ'ত মাহ শেষ হৈ অতি হেপাহঁৰ ৰঙালী বিহুটি আহি আমাৰ দুৱাৰদলি পালেহি। ব'হাগ বা ৰঙালী বিহু, বসন্ত ঋতুৰ আগমনত উদযাপন কৰা অসমৰ তিনিটা বিহুৰ ভিতৰত প্ৰথমটো মূল বিহু। বসন্ত ঋতুত গছ লতা, চৰাই চিৰিকতিকে আদি কৰি প্ৰকৃতিয়ে নতুন সাঁজ পিন্ধি জিলিকি উঠে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ই মূলত‍ঃ কৃষি ভিত্তিক উৎসৱ। যৌৱনৰ লগত খেতি আৰু মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি বিশ্বাস কৰা হয়, সেয়েহে খেতি আৰম্ভ কৰাৰ আগে আগে এই বিহুটো অসমত উদযাপন কৰা হয়।
   
সমাজ এখনৰ পৰিবৰ্তন অৱশ্যাম্ভাবী, তাতে আকৌ বিশ্বায়নৰ যুগত পৃথিৱীখন এখন সৰু ঠাইলৈ ৰূপান্তৰিত হোৱাত সকলোবোৰ কাৰ্য‌ই এতিয়া যেন আমাৰ হাতৰ মুঠিতে উপলব্ধ। এইটোও অনস্বীকাৰ্য যে অপৰিবৰ্তিত সমাজ উন্নতিৰ হেঙাৰস্বৰূপ হোৱাৰ লগতে বহুখিনি পিছ পৰা হয়। এই পৰিবৰ্তনৰ ধামখুমীয়াত পৰি আমাৰ হেপাঁহৰ ৰঙালী বিহুটিয়ে এতিয়া বহু পৰিবৰ্তনৰ সাজ পিন্ধা পৰিলক্ষিত হৈছে। ব'হাগ বিহু বুলিলে প্ৰথমে আমাৰ বাপতি সাহোন গামোচা খনৰ কথাই মনলৈ আহে। বৰ বিহু বা মানুহ বিহুৰ দিনা গা পা ধুই পৰিয়ালৰ সৰুৱে ডাঙৰক বিহুৱান এখন দি সেৱা কৰাটো আমাৰ এক পৰম্পৰা। আচলতে বিহুত আত্মীয় স্বজন, বন্ধু বান্ধবৰ মাজত আদান প্ৰদান কৰা কাপোৰ জাতীয় উপহাৰকে বিহুৱান বোলা হয়‌ যদিও ঘাইকৈ গামোচা খনকহে বুজোৱা হয়।
  
 আমাৰ সমাজত গামোচা খনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক স্বকীয় মৰ্যদা আছে। মাঘ বিহু পাৰ হোৱাৰ পিছৰ পৰাই  "অতিকৈ চেনেহৰ  বহাগৰ বিহুটি" অহাৰ আগতেই অসমীয়া জীয়ৰী বোৱাৰীয়ে "মৰমৰ দীঘ দি চেনেহৰ বাণীৰে'' মৰমৰ বুটা বচা বিহুৱান খন বৈ শালৰ পৰা কাটি উলিয়াবলৈ গাত তৎ নাইকীয়া অৱস্থা হয়। কিয়নো বিহুৰ পাছত ববলৈ থকা কাপোৰ বা বিহুৱানক 'বিহুচেৰা' হোৱা বুলি কোৱা হয় আৰু এই বস্ত্ৰ কোনো পুৰুষকে দিব নাপায় বুলি এক জনবিশ্বাস প্ৰচলিত আছে। বৰ্তমান পিছে শিপিনীয়ে নিজ হাতে বৈ ওলিওৱা গামোচা খনৰ ঠাই ল'লে মেচিনত বোৱা মাদ্ৰাজ আদি বাহিৰা ৰাজ্যৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ গামোচাই।এতিয়াৰ মহিলা সকলে আৰু তাঁত বাটি কাঢ়ি নিজে বোৱা গামোচাৰ সলনি আপোন জনক দিবলৈ কিছু কম মূল্যতে বজাৰত উপলব্ধ বাহিৰৰ পৰা অহা গামোচাকে বিহুৱান হিচাপে উপহাৰ দিয়া পৰিলক্ষিত হয়। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়।
   
 আগতে গাভৰু সকলেও মৰমৰ চেনাই জনক নিজ হাতে মৰমেৰে বৈ দিয়া গামোচাখন দিবলৈ হেঁপাহৰ বহাগ বিহুটিলৈ আশাৰে বাট চাই থাকে। এই গামোচা খন বুকুত বান্ধিয়ে প্ৰেমিক ডেকা বোৰে দূৰ দুৰণিলৈ গ'লেও ইয়াৰ সুবাস লৈ চেনেহীক মনত পেলাই আৰু সময়ত সেই গাভৰুকে বিয়া কৰাই মৰম আৰু ভালপোৱাৰ স্বীকৃতি প্ৰদান কৰে। বহুতো গাভৰুৱে গামোচা খনৰ লগত নিজে এমব্ৰ‌ইদাৰী কৰি ধুনীয়া ধুনীয়া ৰুমালো একোখনো  দিয়া দেখা গৈছিল। আজি পিছে এইবোৰ অতীত হ'ল আৰু এইবোৰৰ ঠাই ল'লে হাতৰ মুঠিত থকা মোবাইটোৱে। বৰ্তমান ডেকা গাভৰুৰ মাজত মনৰ ভাব বিনিময় আৰু প্ৰকাশৰ মাধ্যম হিচাপে এছ এম এছ, ৱাটচ‌আপ, ফেচ বুক, টুইটাৰ আদিয়ে প্ৰাধান্য বিস্তাৰ কৰিছে। এনেধৰণৰ দ্ৰুত আৰু পোনপটীয়া যোগাযোগৰ মাধ্যম বোৰৰ‌ প্ৰচলনৰ ফলত নিজ হাতেৰে কষ্টকৈ  বোৱা চেনেহৰ গামোচা খনৰ অস্তিত্ব প্ৰায় লোপ পাই অহাৰ উপক্ৰম হৈছে আৰু গামোচাৰ সলনি নানা ধৰণৰ দামী উপহাৰ আদিয়ে প্ৰাধান্য বিস্তাৰ কৰিছে।
  
  বিহুৰ খাদ্য বুলিলে ঘাইকৈ বিভিন্ন প্ৰকাৰৰ লাৰু, পিঠা,দৈ, ক্ৰীম, সান্দহ চিৰা আদিৰ কথাই মনলৈ আহে। বিহুৰ কেইদিনমান আগৰ পৰাই প্ৰায় প্ৰত্যেক জন অসমীয়াৰ ঘৰতে মহিলা সকলে এই খাদ্য সমূহ প্ৰস্তুত কৰি বিহুটিক আদৰিবলৈ সাজু হয় কিন্তু বৰ্তমান বেছিভাগ পৰিয়ালৰ মহিলাই এইবোৰ নিজ হাতেৰে কষ্ট কৰি কৰাৰ সলনি বজাৰৰ পৰাই কিনি অনা পৰিলক্ষিত হয়।এই খাদ্য সমূহ বিহুৰ পোন্ধৰ দিন মান আগৰ পৰাই বিভিন্ন স্থানত মহিলা আত্ম সহায়ক গোট, সমবায়, বেচৰকাৰী সংস্থা আদিৰ উদ্যোগত মেলা বা দোকান আদি পাতি বিক্ৰীৰ ব্যৱস্থা কৰে। এই মেলা বোৰত পিঠা পনা‌ৰ উপৰিও গামোচা, বোৱা মেখেলা চাদৰ, কৃত্ৰিম ভাবে বনোৱা অসমীয়া গহণা, প্লাষ্টিকৰ কপৌ ফুল আদি উপলব্ধ হয় আৰু গ্ৰাহক সকলে সহজতে এইবোৰ কিনি বিহুটি পালন কৰে
   
 এইবোৰৰ উপৰিও সাতদিনীয়াকৈ পালন কৰা ৰঙালী বিহুটিৰ পৰিবৰ্তন হৈ বৰ্তমান দুই তিনি মাহ মানলৈ বহাগী উৎসৱ, বহাগী বিদায়, আদি ভিন্ন নাম দি পালন কৰি থকা দেখা যায়। পথাৰ আৰু ঘৰে ঘৰে পালন কৰা ৰঙালী বিহুটি মঞ্চ পোৱাৰো বহু দিনেই হ'ল। বিহুৰ ফাংচনৰ নামত ৰাতি দোভাগলৈ বিভিন্ন প্ৰকাৰৰ সস্তীয়া গীত, আধুনিক নৃত্যৰ পয়োভৰত সংস্কৃতি গৈ অপসংস্কৃতিৰ ফালে ধাবমান হোৱা বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহয়। অৱশ্যে দুই এঠাইত ইয়াৰ ব্যতিক্ৰম নথকা নহয়।
   
 বিহু নাচৰ লগতে নাচৰ সাজ পোচাকতো বিহুৰ পৰম্পৰাৰ আমূল পৰিবৰ্তন হোৱা দেখা গৈছে। তাহানি হুঁচৰিত গাভৰু বা ছোৱালীৰ স্থান নাছিল আৰু অকল ডেকা সকলে বিহুৰ সাতোটা দিনত মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি পৰিবেশন কৰি গৃহস্থৰ মংগল কামনা কৰিছিল। বৰ্তমান কিন্তু মঞ্চত পতা হুঁচৰি দল সমূহত ছোৱালী সকলেও নৃত্যত অ‍ংশ গ্ৰহণ কৰা দেখা যায়। তাৰোপৰি গাভৰু নাচনী সকলৰ মাজত বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী,আদি নানা প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিজয়ী ঘোষণা কৰি পুৰষ্কৃত কৰা হয় যিটো পূৰ্বতে আমাৰ বিহুত প্ৰচলিত নাছিল। অকল মহিলা সকলে পথাৰত বা আহঁতৰ তলত পুৰুষ সকলৰ অগোচৰত হাত চাপৰি আৰু টকা বজাই নচা জেং বিহু বা গাভৰু বিহুও এতিয়া মঞ্চত পৰিবেশিন কৰা হয়। বিহুৰ লগত জড়িত "বিহু নাম" বা বিহু গীত বোৰ অসমীয়া লোক সংস্কৃতি ৰূপ, ৰস, গোন্ধ, সুন্দৰ ভাবে যুগ যুগ ধৰি ই এনেকৈ চলি আহিছে। বৰ্তমান বিহু গীত কিছুমানত কিন্তু কেতিয়াবা অলপ যৌন গন্ধী আৰু লাগ বান্ধ নোহোৱা অৰ্থহীন শব্দৰ প্ৰয়োগে ইয়াৰ স্বকীয়তা ভালেখিনি ম্লান কৰা যেন অনুভৱ হয়। পৰিবৰ্তনৰ বা বলাত এতিয়া বিহুৰ ভালেখিনি পৰম্পৰা লুপ্তপ্ৰায় হৈ আহিছে।
        সময়ৰ পৰিৱৰ্তনৰ লগে লগে‌ বিহু সলনি হ'লেও বসন্ত আহিলে বহাগ আহিব‌ই আৰু ব'হাগ থাকে মানে বিহু থাকিব‌ই। কিন্তু অসমীয়া সংস্কৃতিৰ পৰিচায়ক হেপাঁহৰ ৰঙালী বিহুটি যাতে অপসংস্কৃতিলৈ পৰিবৰ্তন নহয় তাৰ বাবে প্ৰত্যেক গৰাকী অসমীয়াই অধিক দায়বদ্ধ হোৱাটো বৰ্তমান অতিকৈ জৰুৰী বিষয়।

 
✍ ৰূপলেখা দেৱী(এম এ, এম এড), 
মো: নং:---৯৮৬৪১০৯৭৭৮

No comments

Powered by Blogger.