অসমত হুঁচৰি বিহুৰ অতীত আৰু বৰ্তমান ✍ কৰবী মহন্ত কলিতা
ৰঙালী বিহু কেৱল বিহু নহয়, ই অসমীয়া জাতিৰ চিনাকি। সেইবাবে ডঃ ভূপেন হাজৰিকাদেৱে কৈছিল;
"ব'হাগ মাথো এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা
জনজীৱনৰ ইতিহাস ।"
অকল অসমীয়া জনজীৱনতে নহয়, বৰলুইতৰ পাৰৰ জাতীয় জীৱনটো ৰঙালী বিহুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰঙালী বিহুৰ বাতৰি পাই সাৰ পাই উঠে প্ৰকৃতি, নৈ, নিজৰা, পৰ্বত , পাহাৰ, চৰাই, চিৰিকটি বৰলুইতৰ পাৰ ।
আদিম যুগৰ মানুহে বিহু নাছিলে পৃথিৱী শস্য সম্ভৱা হয় বুলি ভাবিছিল আৰু লখিমীয়ে শক্তি বঢ়াবলৈ গীত আৰু নৃত্যৰ আয়োজন কৰিছিল। সেয়াই আছিল বিহুৰ উৎপত্তি।
আহোম ৰাজত্বৰ কালছোৱাত বিহুৱে সামাজিক আৰু ৰাজস্বীকৃতি লাভ কৰে। আহোম ৰজা ৰুদ্ৰ সিংহৰ ৰাজপৃষ্ঠপোষকতাত ৰংঘৰৰ বাকৰিত পথাৰৰ বিহু মঞ্চৰ দুৱাৰদলিলৈ আহিল। তেখেতৰ পৃষ্ঠপোষকতাতে হুঁচৰি দলৰ আগত আঁঠু লৈ আশীৰ্বাদ লোৱা পৰম্পৰা আৰম্ভ হৈছিল। ইয়াৰ পৰাই অসমীয়া মানুহে বিশ্বৰ সন্মুখত চিনাকি দিব পৰা এটি যাত্ৰাৰ আৰম্ভণি হৈছিল। সময়ৰ বিৱৰ্তনত হুঁচৰি বিহুৱে ৰজাঘৰৰ পৰা প্ৰজাঘৰৰ দুৱাৰদলিত প্ৰৱেশ কৰে।
হুঁচৰি এ চ'ত
আমিএ উমলো যত
গোবিন্দ ঐ
দুৱৰি নগজে তত
হুঁচৰি শব্দটো টাই আহোম ভাষাৰ "হু - চা- ৰি" শব্দৰ পৰা অহা। টাই ভাষাত "হু" মানে চিঞৰা, "চা" মানে আশীৰ্বাদ বা মঙ্গল কামনা কৰা, "ৰি" মানে আনন্দত উৎফুল্লিত হোৱা।
গৃহস্থৰ কুশলৰ অৰ্থে সাধাৰণতে ডেকা- বুঢ়া সকলোৱে মিলি হুঁচৰি দল গঠন কৰা হয়।দলটোত এজন মুখিয়াল থাকে। গাঁৱৰ বড়নামঘৰত সকলোৱে মিলি হৰিধ্বনি দিয়ে । ইয়াৰ পিছত ঘৰে ঘৰে গৈ ঢোল , পেঁপা, গগনা, টকা আদি বজাই ঘোষাপদ, বিহুনাম গাই নাচে। হুঁচৰিৰ পদসমূহ বৈষ্ণৱ গ্ৰন্থৰ পৰা লোৱা। ফুলকোঁৱৰ, মণিকোঁৱৰৰ গীতকো হুঁচৰি বিহুৰ পদ হিচাপে ব্যৱহাৰ কৰা হয়।
বিহুত হুঁচৰি এটি পৱিত্ৰ অনুষ্ঠান। বছৰেকৰ মূৰত অহা হুঁচৰিৰ দলটোক গৃহস্থই পদূলিৰ পৰাই তামোল পাণ, চেলেং চাদৰ দি আদৰি অনা নিয়ম। ৰাইজৰ পদধূলি চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গীতবোৰৰ মাজেৰে অসমীয়া সমাজ জীৱনৰ ছবি প্ৰতিফলিত হয়।
গোহালিত গৰু - হৈছে
পুখুৰীত মাছ- হৈছে
বাৰীত তামোল- পাণ- হৈছে
গৃহস্থৰ কুশলৰ অৰ্থে হৰি বোল
হুঁচৰি বিহুৰ পোচাকসমূহ হ'ল ধুতি, মুগা বা কপাহী চুৰিয়া, ৰঙা সূতাৰে বোৱা টঙালি, দুহাতৰ সৰু গাথিত গুটিফুল, মূৰত হাচতি, মূৰত ৰঙা ফুলৰ গামোচা বা টঙালি।
সময়ৰ বিৱৰ্তনত গৃহস্থৰ চোতালত আশীৰ্বাদ লোৱা হুঁচৰি বিহু মঞ্চত স্থান পালে। আগতে হুঁচৰি বিহুত গাভৰু বা মহিলাৰ স্থান নাছিল। হুঁচৰি বিহুগীতবোৰতো ডেকা - গাভৰুৰ যৌন উন্মাদনাই স্থান পোৱা নাছিল। হুঁচৰি বিহু মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে নাচনীও মঞ্চত স্থান পালে। বিহুৱা ডেকাই যোজনা গাই নাচনিক আদৰি আনে,
নাচনী কেনিনো ঐ গ'ল
নাচনী গৈছিলে মাছে মাৰিবলৈ
আহোতে গধুলি হ'ল
মুগা ৰঙা চোলা, মুগা ৰিহা বা চাদৰ, হাতত গামখাৰু, মুঠিখাৰু, ডিঙিত ঢোলবিৰি, জোনবিৰি, মটৰমালা পিন্ধি খোপাত কপৌফুল গুজি নাচনি বিহুতলীলৈ সাজিকাচি আহে। হুঁচৰি বিহু প্ৰতিযোগিতাৰ পৰ্য্যায়লৈ আহিল। বিহুনাচবোৰো ব্যাকৰণিক হ'ল।। আগতে হুঁচৰি বিহুত প্ৰেম আৰু যৌনতাৰ স্থান নাছিল। লাহে লাহে হুঁচৰি বিহুৰ যোজনাবোৰত স্থান পালে ডেকা- গাভৰুৰ মুক্ত উন্মাদনাই।।
আহাচোন নাচনি হাত মেলি মেলি
নাচাচোন নাচনি কঁকাল ভাঙি ভাঙি
ঢোলৰে চাপৰত আহিবা কাষলৈ
পেঁপাৰে লহৰত নাচিবা লাহেকৈ
হুঁচৰি বিহুৰ নামটিৰো আনকি পৰিৱৰ্তন ঘটিল। হুঁচৰি বিহু "বিহু হুঁচৰি" হলগৈ। হুঁচৰি বিহুৰ মাজত থকা আধ্যাত্মিকতা , প্ৰতিযোগিতাই তাক গ্ৰাস কৰিলে। গোলকীকৰণে হুঁচৰি বিহুৰ স্বকীয়তা কিছু বিনষ্ট কৰিলে।
সময়ৰ বিৱৰ্তনত হুঁচৰি বিহুৰ ৰূপ, ৰং ম্লান হ'লেও আজিও আছে ঠাই বিশেষে হুঁচৰি দলৰ আগত আঁঠু লোৱা পৰম্পৰা, হুঁচৰি বিহুৰ জৰিয়তে গঢ়ি উঠা অতিথিপৰায়নতা আৰু আত্মীয়তা।
✍ কৰবী মহন্ত কলিতা
মাৰফৎ- দীনেশ কলিতা
দীপলাং, লহকৰপাৰা
জিলা- কামৰূপ(অসম)
পিন- ৭৮১৩৫০
মন্তব্য কৰক