Header Ads

কুঁহিপাঠ ✍ সম্পাদকীয় : বিহুৰ উদ্দীপনা তথা নিৰ্বাচন

Kuhipath editorial April Bihu and election

নমস্কাৰ,

  প্ৰথমেই  কুঁহিপাঠৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাছিলো | ৰঙালীৰ ৰং ধেমালি, হুঁচৰি, ঢোল পেঁপাৰ মাতে মুখৰিত এই বৈচিত্ৰ অসমখন সঁচাকৈ ৰঙীন পটত উজলাই তোলে | বিহু কেৱল জাতীয় উৎসৱেই নহয়, ই প্ৰত্যেকজন অসমীয়াৰ গৌৰৱ | আমি অসমীয়া, বিহু বুলিলেই বলিয়া | ভাল লাগে, গৌৰৱ হয় যেতিয়া অসমৰ পৰা আঁতৰত থকা প্ৰবাসী অসমীয়া লোকসকল লগ হৈ বিহুৰ উদ্দীপনাত মাতল হৈ পৰে | 

 গৰু বিহুত গৰুক মাহ হালধিৰে গা -ধুৱাই নতুন পঘাৰে বন্ধা, সন্ধিয়াৰ সময়ত নতুন বিছনিৰে বিছি আদৰি অনা এই সকলোবোৰতেই বিহুৰ আনন্দ বিচাৰি পাওঁ | তিলপিঠা, ঘিলাপিঠাৰ সোঁৱাদ বহুতেই বেছি যেন লাগে বাকী সকলো দোকানত কিনিব পোৱা বস্ততকৈ | নতুনকৈ পোৱা বিহুৱানখনৰ বাবে নতুন কাপোৰ এজোৰতকৈ হেঁপাহ বহু বেছি | যিমানেই আমি আধুনিক সমাজৰ লগত খোজ নিমিলাও কিয়, হাড়ে হিমজুৱেটো আমি অসমীয়াই |  

যাহওঁক, বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ কথা আপোনালোক পুনৰবাৰ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই বুলি ভাবো | তথাপি আপোনালোকক এটি অনুৰোধ কৰিব বিচাৰো | ঠাইবিশেষে ৰঙালী বিহুৰ ৰীতি নীতি কিছু ভিন্ন ভিন্ন হয় | আপোনালোকে বিচাৰিলে আমাৰ লগতে সমুহ পাঠকক জনাবচোন | আৰু বিহুৰ লগত জড়িত আমোদজনক ঘটনাও আমালৈ প্ৰেৰণ কৰিব পাৰে |


এইবাৰ আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু আৰু ৰাষ্ট্ৰৰ জাতীয় উৎসৱ স্বৰূপ নিৰ্বাচন প্ৰায় একেলগেই পৰিলে। ধমনীত বগাই থকা বহাগ জাতিৰ জীৱন ৰেখাস্বৰূপ ৰঙালীৰ এই উৎসৱৰ ৰূপ আমাৰ বাবে অনন্য। ঠিক তেনেদৰে ৰাষ্ট্ৰৰ শাসনৰ বাঘজৰী লোৱাৰ অৰ্থে অনুষ্ঠিত নিৰ্বাচনৰ আছে  এক অন্য ৰূপ। ক্ৰমাৎ ভোগবাদী মনোভাৱে যেনেকৈ বিহু বা অন্য উৎসৱত গা কৰি উঠিছে তেনে এক মনোভাৱে ৰাষ্ট্ৰকো গ্ৰাস কৰি তুলিছে। 

দুয়োটা শক্তিয়েই সঞ্জীৱনী শক্তি প্ৰদান কৰে - ৰঙালীয়ে জাতিক,নিৰ্বাচনে দল আৰু ব্যক্তিক।  জনগণৰ বোধ শক্তিৰ যেন সঠিক পথত বন্যা বয় | বিহুৰ উন্মাদনাৰ মাজতে হৈ যোৱা লোকসভা নিৰ্বাচনত ভোটদান কৰি এজন দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়া প্ৰতেকজন নাগৰিকৰ আশা দেশক এজন যোগ্য নেতা বিচাৰি দিয়া | এইবাৰ নিৰ্বাচনত বিশেষভাৱে সক্ষম লোকসকলক তেওঁলোকৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ ব্যবস্থা কৰি দিয়াৰ পদক্ষেপটি সচাকৈয়ে প্ৰসংশনীয় | নিৰ্বাচনৰ ফলাফল দেশবাসীৰ ওপৰত নিৰ্ভৰ কৰে | সঠিক নেতা এজন নিৰ্বাচিত কৰা আমাৰ কৰ্তব্য | তাতোতকৈ ডাঙৰ কৰ্তব্য ভোটদান কৰাটো | আশা কৰোঁ যাতে স্তাৱকৰ কলৰোলে আওল লগাবলৈ নোৱাৰিব জীৱন জিনাৰ উদ্দাম ছন্দৰ এই বিহুটি আৰু মুখৰিত কৰি তুলিব জীৱন গাথাৰ এক অনন্য  জাতীয় সুৰ।

  তাৰেই কামনাৰে। শেষত সকলোলৈ ৰঙালী বিহুৰ পুনৰবাৰ শুভেচ্ছা যাছি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰতিৰে আজিলৈ সামৰিছো | ধন্যবাদ |
                                                            
                                                            
 সৰ্বজিৎ শৰ্মা☞ সুৰজিৎ বৰ্মন 

সম্পাদক, কুঁহিপাঠ ই-আলোচনী

No comments

Powered by Blogger.