সেন্দূৰৰ নিস্তেজ ৰং (৩ য় খণ্ড)
সেন্দূৰৰ নিস্তেজ ৰং
(ধাৰাবাহিক উপন্যাস)
...ধলফাট দিলে |ৰাতিৰ জোনটি কুঁচি -মুঁচি সোমালগৈ পূৱ আকাশত ,জগাই দিলে প্রভাতী সূৰূযক .........!কিঁচিৰ -মিঁচিৰ শব্দ কৰি ঘৰচিৰিকা কেইটাই এডাল -এডাল কৰি কুটা নি ...আছে ,নিজৰ সজাঁ টো সাজিবলৈ |
বৌয়েকে হাততে বাঁহনী ডাল লৈ চেৰেক্ চেৰেক্ কৰি ......চোতালখন এফালৰ পৰা সাৰি চিকুণ কৰি গৈছে | দেউতাকে গোঁহালিৰ গৰু কেইটা উলিয়াই পদূলিতে বান্ধি থৈছে ,ভৰতে উঠি মুখ খন ধুই মাকে দিয়া ফিকা চাহ কাপ খাই কুঁহিয়াৰ ডৰা চপাবলৈ বুলি গৰুগাড়ীখন উলিয়াই লৈছে | আজি শালখন পাতি গুৰ পগাব লাগিব ,গতিকে কামো বেছি হ'ব ,সোনকালে যোৱায়ে ভাল | মাই মই যাওঁ ,দাদাহঁত গলেই ........তই ভাত কেইটা অাইমণিৰ(ভতিজা) হাততে দি পঠাবি আমালে ! হ'ব যা .....বৌয়েৰে গা-ধুই উঠিহে ভাতত লাগিব .......|মই বাহিৰৰ কামখিনি কৰিম |
ভৰতে মাত দিলে ....অ' শুনচোন .....টেকেলি টোতে গৰৈ মাছ দুটামান আছে |পা...ৰ যদি পুৰি ....বাৰীৰ পৰা ধনীয়া দুডালমান আনি পিটিকা কৰি দি পঠাবি |পানী দিয়া ভাতৰ লগত ভাল লাগিব |
মাকে ক'লে ....হ'ব ঔ যা.....এইটো ,তোৰ ক্ষকটোৱে বেছি ......| যি...দিব লাগে দিম ......!সিফালে চাগে ককায়েৰ -ভায়েৰ হঁতে বাট চাই আছে .....|সোনকালে যা........|
!অ'ই ভৰত সোনকালে আহ্.....!
বাপেকে মাত লগালে ......|আজি মইয়ো যাম .....|গুৰ পেৰোঁতে মানুহ বেছি লাগিব ......!
হ'ব দে পিতাই ব'ল উঠ গৰুগাড়ীখনত |
বৌয়েকে ততা-তয়াকৈ গা ধুই আহি ভাত বনাবলৈ যোগাৰ কৰি লয় | ৰাতিৰ পানী দিয়া ভাত কেইটা পানীৰ পৰা টুকি ডাঙৰ চৰিয়াটোত উঠাই থয় | গৰৈ মাছকেইটাও টেকেলিৰ পৰা উলিয়াই পুৰি পিটিকা কৰি দিয়ে | হওঁক তেওঁ কুঁহিয়াৰ ডৰা কাটোতে কম খন কষ্ট কৰিব লগা হোৱা নাই | ভোকৰ ভাত কেইটা জুঁতি লগাই খাবলৈ পালে !মনটোকে ভাল লাগিব |
ডাঙৰ চৰিয়াটোত গামোচা খনেৰে ভাত কেইটা বান্ধি ,নিমখ জলকীয়াৰ পৰা আদি কৰি ৰঙালাউৰ ভাজি,পুৰা পিটিকা খনেৰে ভালদৰে বান্ধি দি ,জীয়েক আইমণিৰ হাতত দি পঠাই দিলে ......কুঁহিয়াৰ পেৰা ঠাইলৈ ......! আইমণিয়ে ক'লে ,মা মোৰ অকলে যাবলৈ ভয় লাগে ,পিংকী বাকো লগত লৈ যাম নেকি ? উম নিবি .....কিন্তু বৰমাৰক সুধি নিবি.......|পিংকী আৰু আইমণি দুয়োজনী লগ হৈ কুঁহিয়ানি ডৰালৈ ভাত দিবলৈ যায় |
কুঁহিয়াৰ পেৰা কাম প্রায় আদায় হৈছে ,শাল-পাতি গুৰ পগাই আছে | অ' দেউতা ,খুড়া সকলোৱে ভাত খাই লওঁকহি | আইমণিয়ে ভাতৰ টোপোলাটো আগবঢ়াই দিলে, সকলোৱে কলপাত কাটি আনি ভাত খাবলৈ বহে |
গুৰ পেৰি টিনত ভৰাই সন্ধিয়াৰ আগতে ,আহি ঘৰ পালেহি সিহঁত |গুৰ ভাল হৈছে এইবাৰ ......|গোটেইডৰাত প্রায় ১৫ টিন গুৰ ওলাল |তাৰে এটিন ঘৰত ৰাখি ,কালিলৈ শুক্রবৰীয়া বজাৰত বেছি দিব লাগিব | আটাইকেইটাই আলোচনা কৰে | গোহাঁলিত গৰুকেইটা সোমোৱাই জাঁক দি আঠোঁৱা লগাই সোমোৱাই থয় | দিনটো কষ্ট হোৱা বাবে বৌয়েকে সোনকালে ভাত বনাই খাবলৈ দিয়ে সকলোকে .......|
ককায়েকৰো এইকেইদিন বিহু বুলি লগতে খেতিৰ লগতে চাকৰিও ক্ষতি হৈ আছে | সেয়ে ,কাইলৈৰ পৰা চাকৰিলৈও যাব লাগিব | সকলো খাই -বৈ শুৱলৈ যায় |
ভৰতেও মাকৰ শোৱা কোঠাটে শুৱলৈ যাওঁতে মাকে তামোল কাটি থকাৰ পৰা মাত দিয়ে | তই নিজস্বকৈ কিবা এটা কৰাৰ ব্যৱস্থা কৰ ! ককায়েৰে হ'ল বুলি অকলে কিমান ঘৰখন চলাব ,তাৰ নিজৰে এখন সুকীয়া সংসাৰ আছে ,তিনিজনীকৈ ছোৱালী ,পঢ়া -শুনাৰ পৰা আদি কৰি ভৱিষ্যতৰ সকলো দায়িত্ব আহি পৰিছে | কালিলৈ তইয়ো বিয়া পাতিব লাগিব .........!তোৰ নিজস্ব সংসাৰ হ'লে ক'ৰ পৰা খোৱাবি-পিন্ধাবি !ককায়েৰৰ ওচৰত হাত পাতিলে | ককায়েৰে নক'লেও বৌয়েৰে কিবা বেয়াকৈ কৈ দিব | সেয়ে কৈছোঁ .......কিবা এটা কৰ |.......উম হ'ব দে .....ভৰতে উত্তৰ দিলে .....|তই থিকে কৈছ ! কিবা এটা কৰিব লাগিব দে ......!আৰু তই চিন্তা নক'ৰিবি ,মই নিজৰ কিবা এটা নোহোৱালৈকে বিয়া নাপাতো | ৰাতি বহুত হ'ল ,দিনটো কষ্ট কৰি আহিছো ,এতিয়া শুবলৈ দে ,কথা কৈ নাথাক !
ভৰতে মাকৰ কথাখিনিত ভাৱিবলৈ ল'লে ,থিকেইটো কৈছে মায়ে........!মই কিবা এটা কৰিব লাগিব ,,,,,,|আইমণিয়ো ডাঙৰ হৈ আহিছে .......|গতিকে দাদাৰো দায়িত্ব বাঢ়ি আহিছে | মইয়ো টো ৰেখাক এদিন নিজৰ কৰিম ,গতিকে মই তাইক কেতিয়াও দুখত ৰাখিব নোৱাৰো | গাঁৱৰে আদিত্য দাই হায়দৰাবাদৰ কোম্পানীৰ কথা কৈছিল .....কালিলৈ লগ কৰিব লাগিব ,তাৰ আগতে মই ৰেখাক মোৰ মনৰ কথাখিনি ক'ব লাগিব | গাৰুটো সাৱটি দিনৰ ভাগৰত বিচনাখনত দেহাটি এৰি দি নিদ্রাদেৱীৰ কোলাত ঢলি পৰিল |
গতানুগতিকতাৰে ৰাতিপুৱা কামবোৰ আৰম্ভ হ'ল |ৰাতি মনৰ মাজত উকমুকাই থকা কথাখিনিকে পাগুলি থাকি ভৰতে গা-ধুই উঠি ,বৌয়েকক ভাত কেইটা ৰ'দতে বহি খাই উঠি ,আদিত্য দাক ল'গ কৰিবলৈ গ'ল |
আদিত্যয়ো হায়দৰাবাদ কোম্পানীত চাকৰি কৰে | চুটীত ঘৰলৈ আহিছে ,কোম্পানীৰ চাকৰিত ল'ৰা ভৰ্তি কৰি দিব পাৰিলে ,প্রমোচন হয় |
আদিত্য দা......|
অ' ভৰত আহ বহ...হি.......|চোতালতে মুঢ়াটো পাৰি বহিল | আদিত্য দা ,তই আকৌ কেতিয়াকৈ যাবি চাকৰিলৈ | অ' মই অহা মাহৰ ২০ তাৰিখে যাম | কিন্তু ভাৱিছিলো গাঁৱৰ কোনোবা ওলাই যদি কাম কৰিবলৈ লৈ গ'লো হয় | হয় নেকি ,মই য়ো যাম বুলি ভাৱিছিলো ,তোৰ লগত .......! বৰ ভাল কথা ,ঘৰত কথাটো পাতি ল'বি ,কাৰণ ককায়েৰে তহঁতৰ ঘৰৰ মূল ,দেউতাৰকো কথাটো সুধি ল'বি |
ল'ম ল'ম নিশ্চয় কথা পাতি ল'ম ,ইয়াত এনেই থকাতকৈ কোম্পানীৰ চাকৰিটোতে সোমাই দুপইছা ঘটিব পাৰিলে নিজৰে লাভ হ'ব ,আৰু মোৰো ভৱিষ্যতৰ কথা আছে |
ৱাহ....ঐ ,ভৱিষ্যতৰ কথা ক'লি যে ,কিবা হৈছে নেকি ঐ.......! ৰ'হ হোৱাকে একো হোৱা নাই ,ছোৱালী এজনী ইখন গাঁৱৰে বৰ ভাল লাগিছে ,পিছে তাইক ক'বলৈকে সাহস গোটাব পৰা নাই |
অ'হ সেইটোহে বেয়া |সময় থাকোঁতেই কৈ দে বুজিছ ,নহ'লে দেৰি হৈ যাব |আৰু যদি তই সচাঁকৈ ভাল পাৱ ;তেনেহ'লে কোম্পানীলৈ যোৱাৰ আগতে কৈ দে .......!
হুম....তই ....থিকে কৈছ ....!তাই হায়াৰচেকেণ্ডেৰীত পঢ়ি আছে | তই কালিলৈ উলাবিচোন মোৰ লগত ,স্কুলৰ সন্মূখতে তাইক লগ ধৰি কথাটো ক'ম | হ'ব দে ,তই ৰাতিপুৱা ৰেডি হৈ থাকিবি ......!মই বাইক্ খন লৈ যাম |
অ' ঠিক আছে ,এতিয়া যাওঁ দে ...........................|
........আগলৈ
মন্তব্য কৰক