Header Ads

কৃষ্ণ গহ্বৰৰ ( ব্লেক হ'ল ) প্ৰথম ছবিৰ আঁৰৰ ব্যক্তি কেটি বৌমেন

Black hole image katie bouman assamese news

পোন প্ৰথম বাৰৰ বাবে জ্যোতিৰ্বিজ্ঞানৰ ইতিহাসত মহা শূন্যৰ দত্য বুলি অভিহিত কৰা কৃষ্ণগহ্বৰৰ ছবি বিজ্ঞানী সকলে প্ৰকাশ কৰে। দীৰ্ঘকাল কল্পবিজ্ঞানৰ কাহিনীত শিল্পীৰ তুলিকাত সৃষ্ট এই কৃষ্ণগহ্বৰৰ মহাকাশৰ বুকুত আবদ্ধ কৰাৰ সৈতে জঢ়িত কম্পিউটাৰ এলগৰিথমৰ আঁৰৰ প্ৰধান ব্যক্তিগৰাকী হল কেটি বৌমেন। ২৯ বছৰ বয়সীয়া এইগৰাকী বিজ্ঞানীৰ নেতৃত্বত পৃথিৱীৰ পৰা পাঁচ কোটি ৩০ লাখ আলোকবৰ্ষ নিলগত থকা সূৰ্য্যতকৈ ছশ কোটি গুণ বেছি ওজনৰ কৃষ্ণ গহ্ববৰ টোৰ ফটো লবলৈ সক্ষম হয় এই দলটি। মেছিয়াৰ - ৪৭ ( এম - ৪৭) নামৰ হাতীপটিটোৰ কেন্দ্ৰত থকা এই কৃষ্ণ গহ্ববৰটিৰ ফটো গ্ৰহণ কৰিছিল আঠটা দূৰবীণ সমৃদ্ধ ইভেণ্ট হৰাইজন টেলেষ্কপে। যোৱা ১০ এপ্ৰিলত সমূহ বিশ্বব্যাপী কৃষ্ণগহ্ববৰটিৰ প্ৰকৃত আলোকচিত্ৰ প্ৰকাশ বিজ্ঞান জগতৰ এক উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে। তিনি বছৰ পূৰ্বে মাছাছুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিত (এম্. আই. টি )অধ্যয়নৰ বাবে নামভৰ্তি কৰা কেটি বৌমেনে এদল বিজ্ঞানীৰ সহযোগত উক্ত এলগৰিথম বিকাশ কৰিবলৈ সক্ষম হৈছিল। কেটিক লৈ সমূহ বিশ্ব আজি গৌৰৱাম্বিত।

No comments

Powered by Blogger.