বাগ্মীবৰ ককা খ্যাত যশস্বী কবি আৰু কলা সমালোচক নীলমণি ফুকন ( কণিষ্ঠ) ছাৰৰ সানিধ্য
★ ★ ★
পেটৰ জেপত লৈ ফুৰো
দুখন নিষিদ্ধ হাত
ৰঙাহৈ উৰি যোৱা
এটা বুলেট বুকুত।
কাৰণ, চৌদিশে মৌনতা শান্তিৰ
ভয়ংকৰ আৱাজ।
- নীলমণি ফুকন
১) নমস্কাৰ ছাৰ। কুঁহিপাঠ সমিতিৰ তৰফৰ পৰা আপোনালৈ প্ৰণিপাত জনাইছোঁ। পোনতে জানিবলৈ বিচাৰিম কবিতাৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হল?
✒ কবিতা সপ্তম শ্ৰেণীৰ পৰাই পঢ়িবলৈ লৈছিলোঁ। কিন্তু মাত্ৰ গদ্যতহে ৰাপ আছিল।সমাজ, চৰাই-চিৰিকতি, নৈ - জান, গীত পদ, গাঁৱলীয়া মানুহৰ সহজ সৰল জীৱনৰ ছন্দ আৰু সৌন্দৰ্যই মোক কবিতা লিখিবলৈ অনুপ্ৰাণিত কৰিলে। হয়টো কবিতা পঢ়ি নিজেই মুগ্ধ হৈ পৰিছিলোঁ যে ইয়াৰ ভিতৰত সোমাই পৰিলোঁ।
২) আমাক আপোনাৰ নিজৰ প্ৰিয় শ্ৰেষ্ঠ কবিতাটিৰ লগত চিনাকি কৰাই দিবনে?
৩) আপোনাৰ দ্বাৰা অনুবাদিত "হাইকু" কবিতাটিৰ অলপ আভাস দিব নেকি? কেনেকৈ অনুপ্ৰাণিত হৈছিলে?
✒ নৱকান্ত বৰুৱা আৰু মহেন্দ্ৰ বৰা মোৰ ইয়াৰ বাবে পথ-প্ৰদৰ্শক স্বৰূপ।তেওঁলোকৰ দ্বাৰা লিখিত সেই কটন মহাবিদ্যালয়ৰ সময়ত প্ৰকাশিত জাপানী কবিতাৰ প্ৰতি যেন মই ঢাল খাই পৰিলোঁ। এক সুন্দৰ অনুভূতি।
৪) আপুনি কিবা নিৰ্দিষ্ট সময়ত ৰচনাৰ প্ৰতি আগ্ৰহী নেকি?
✒ নিশাৰ স্তব্ধতাত লিখি মই সদায় ভাল পাইছিলোঁ। কেতিয়াবা হয়তো আবেলি গধূলি সম্পূৰ্ণ কৰিছিলোঁ।
৫) "উলমি থকা গোলাপী জামুৰ লগ্ন "নামৰ কবিতাটিৰ বিষয়ে আমি জানিবলৈ বাৰুকৈ আগ্ৰহী। জানিবলৈ পাম নেকি?
✒ ইয়াৰ যথা-যথ উত্তৰ হয়টো আজিলৈকে মই কাকো দিবলৈ পৰা নাই। কৰ পৰা শব্দ, ছবি, মেটাফ'ৰ আহিছিল মোৰ কাৰণে এতিয়াও ৰহস্যভেদ। কবিতাটি খচৰা কৰোঁতে হয়টো ৩০ মিনিট সময় লাগিছিল কিন্তু সংশোধনৰ বাবে মোক তিনি মাহতকৈ বেছি সময় দৰকাৰ হৈছিল।
৬) যুৱসমাজ পাশ্চাত্যৰ প্ৰতি ঢাল খোৱাত আপোনাৰ দৃষ্টিভঙ্গী কি?
✒ পুঁজিবাদ সম্পৰ্কীয় ভোগবাদৰ কৰাল গ্ৰাসত যেন এক ভয়ংকৰ সামাজিক-সাংস্কৃতিক সমস্যা পৰিলক্ষিত হয়। একমাত্ৰ উপায় সাংস্কৃতিক বিপ্লৱ। লগতে দৰকাৰী পৰস্পৰ ৰাজনীতিক ব্যৱস্থাৰ পৰিবৰ্তন।
৭) পাঠক সমূহে আপোনাৰ কবিতাৰ অভাৱ উপলব্ধি কৰিছে। এই বিষয়ে আপুনি কি কব?
✒ বহু ঠাইত কৈছোঁ, মোৰ বাবে কবিতা লিখাটো এক যন্ত্ৰণাত দগ্ধ হোৱা কাৰবাৰ। সমালোচনা মূলক দৃষ্টিভংগীৰে পূৰ্ণ কবিতা যেন আকৌ লিখিবলৈ মই নিজকে ৰখাইছোঁ। অৱশ্যে আকৌ লিখিবলৈ মন যায়, মাথোঁ ভাষা নাই।
৮) আমাৰ কুঁহিপাঠৰ দৰ্শক সকলক উদ্দেশ্যি দুআষাৰ কব নেকি?
✒ তোমালোকৰ নিচিনা সাংস্কৃতিৰ লগত জৰিত ছাত্ৰ সমাজৰ দৰকাৰ যেন এতিয়া উৰ্দ্ধত। কুঁহিপাঠৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগবাঢ়ি যোৱা।
৯) শেষত আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ সু স্বাস্থ্য কামনা কৰিছোঁ।
✒ ধন্যবাদ। তোমালোকৰ প্ৰতি আন্তৰিক শুভেচ্ছা জনাইছোঁ লগতে তোমালোকৰ জৰিয়তে সমূহ অসমবাসীক মৰমৰ বিহুটিৰ ওলগ জনাইছোঁ।
মন্তব্য কৰক