Header Ads

কাপুৰুষ ?? (৪) - ৰাজ

 (আগৰ সংখ্যাৰ পিছৰ পৰা)


তৃতীয় খণ্ড
(হেল্ল', মই সমীৰে কৈছো)



ৰাতিবোৰ যন্ত্ৰনাদায়ক | মৰি যোৱা সপোনবোৰে যিবোৰ দুখ কঢিয়াই সেইবোৰ অসহ্যকৰ | খিৰিকিৰ বাটামটোৰ কাষত সৰুকৈ মেলা ফাটতোলৈ কিছু সময় সি বেৰখনৰ ফালে চাই ৰ'ল | মনত আকৌ কিছু চিন্তাই দোলা দি গ'ল - সম্পৰ্কবোৰো এনেদৰেই ফাট মেলে সময়ৰ লগে লগে | সৰু সৰু কথাবোৰেও সময়ত এটি ধুনীয়া সম্পৰ্ক ধ্বংস কৰিব পাৰে - যেনেকৈ তাৰ আৰু ৰশ্মিৰ | ভূল বুজাবুজিৰ কাজিয়া, অভিমানত আঁতৰি গুছি নাহাহেঁতেন কিজানি..... ! 



তাইলৈ মনত নপৰা নহয়,  আজিও তাইৰ লগত কটোৱা মূহুৰ্তবোৰে আমনি কৰে | তথাপি সাহ নহয় | ম'বাইলৰ কন্টেক্ট লিষ্টখনত তাইৰ নাম্বাৰতো বহু পৰ চাই থাকিল | বহু সময়ৰ পিছত ক'ল বটনটোত লাহেকৈ চুই দিলে -

'To copy this jio tune press *......' - এটি অ'ট'মেটেড মাতৰ পিছত এটি গানৰ কলি ভাহি আহিল | তাৰ বুকুৰ ধপ্ ধপনি বাঢ়িছে ইতিমধ্যে |

:-"হেল্ল'" - এটি কোমল কণ্ঠস্বৰ |

বিষাদৰ পাৰ ভাঙি তাৰ চকুৰ পৰা কেইটোপালমান চকুপানী গালেৰে বাগৰি ডাঠ ডাড়িৰ মাজত ক'ৰ'বাত হেৰাই গ'ল |

"হেল্ল' ! কোনে কৈছে?" - ফ'নৰ সিটো মূৰৰ পৰা আকৌ কণ্ঠস্বৰটি ভাঁহি আহিল |



:- "হেল্ল', মই সমীৰে কৈছো.... " আৰু কিবা কোৱাৰ আগতেই সিফালৰ পৰা ছোৱালীজনীয়ে প্ৰায় চিঁয়ৰি উঠিল-



:- "সমীৰ দা তুমি ! ইমান বছৰৰ পিছত | ক'ত থাকা তুমি? জানানে  যে বা হঁতে কিমান যে বিচাৰিলে তোমাক !" 



সি ইতিমধ্যে গম পাইছে তাইৰ ভনীয়েকে ইমান বছৰৰ পিছত তাৰ ফ'নকল পাই কিছু আচৰিত হৈছে | 



:- "ৰশ্মি আছেনে?" - সময় নষ্ট নকৰি সি চিধা প্ৰশ্ন কৰিলে | পৰীৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰো ধহ্য নোহোৱা হৈছে তাৰ | তাৰ হাত-ভৰি কপিবলৈ আৰম্ভ কৰিছে | 



:- "তুমি গম নোপোৱা নেকি সমীৰ দা?" - তাৰ প্ৰশ্নত তাই অপ্ৰস্তুত হ'ল | থুকাথুকি মাকেৰে তাই আকৌ কৈ উঠিল, "মইতো তুমি কথাবোৰ গম পাই ফ'ন কৰা বুলি ভাবিছিলো | যোৱা ৪ বছৰত বহু কিবা সলনি হৈ গৈছে |" 



সি বুজিব পাৰা নাই তাই কি গম নোপোৱাৰ কথা কৈছে | অজান আশংকাত তাৰ বুকু কপি উঠিল | সুধিব খুজোতেই ক্ষীণ অস্পষ্ট শব্দকেইটিমান কাণত পৰিল-



" কি বিচাৰিছে সি আকৌ? ইমানখিনিৰে সি শান্তি পোৱা নাই? তাইৰো মূৰটো চোবাইহে শান্তি পাব নেকি সি ? বাকীয়েই বা আছে কিমান? আমাক এৰি দে আমাৰ অৱস্থাত | কাপুৰুষ, আতঁৰি যা ! যেনেকৈ মুখ লুকুৱাই ফুৰিচ তেনেকৈয়ে শেষ হৈ যা তই কাপুৰুষ, আমাৰ পৰা আঁতৰি যা"

    বুজি পাইছে সি তাইৰ মাকৰ মাতটো | ইমান মৰম কৰা মানুহজনীয়ে আজি তাক যদি এনেকৈ কৈছে নিশ্চয় ৰশ্মিৰ লগত কিবা বহুত বেয়া হৈছে | আৰু শুনিবৰ ধহ্য ন'হল তাৰ | ফ'নৰ সংযোগ বিচিন্ন কৰি বুকুৰ ভিতৰৰ জোৱাৰটো চকুৰে বৈ আহিব দিলে |বুজিব পৰা নাই তাইৰ কি হৈছে? ক'ত আছে !


গোটেই ৰাতি তাৰ মনত কিছুমান উত্তৰ নথকা প্ৰশ্নই দোলা দি থাকিল | তাইৰ ওচৰত কেনেকৈ যাব সি? সিমান সাহস তাৰ নোহোৱা হৈ গৈছে | খিৰিকিৰে বাহিৰৰ লাইটতোৰ পৰা আহা ক্ষীণ পোহৰত জিলিকি সিঁহতৰ ফ'টখনত চাই ভাবি ৰ'ল - আজি তাক বুজি পোৱা শেষ মানুহগৰাকীয়েও একেই কথা কৈ পেলালে | সঁচাকৈ সি হয় নেকি...... কাপুৰুষ?? 


তেনেতে দুৱাৰত কোনোবাই টুকুৰিয়ালে | ম'বাইলৰ স্কীনখন চালে | ২:৩০, এই সময়ত কোন আহিব পাৰে | এইবাৰ ফ'নটো ভাইব্ৰেট হ'ল | পৰীৰ মেচেজ ! দুৱাৰত এইবাৰ বহু জোৰেৰে কোনোবাই ঢকিয়াইছে | তাৰ কিছু ভয় লাগিল | আকৌ এটা মেচেজ, পুনৰ দুৱাৰত ঢকিওৱাৰ শব্দ ! ভয়ে ভয়ে সমীৰ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল | বাহিৰৰ ষ্টীটলাইটোৰ পাৱাৰ কাট হ'ল মাত্ৰ, নিমিষতে ৰুমটো আন্ধাৰে গ্ৰাস কৰিলে | দুৱাৰত ঢকিওৱাৰ শব্দ আৰু তীব্ৰতৰ হ'ল |


(অহা সংখ্যাত)

No comments

Powered by Blogger.