হাজোত বুলবুলি চৰাইৰ যুঁজ
বুলবুলি চৰাইৰ যুঁজ হাজোৰহয়গ্ৰীৱ মাধৱ মন্দিৰত কেতিয়াবাৰ পৰা হৈছিল তাক সঠিককৈ কোৱা টান | জনশ্ৰুতিমতে মাধৱ মন্দিৰত আগতে শেন চৰাইৰ যুঁজ হৈছিল | ৰজা প্ৰমত্ত সিংহই এবাৰ মাঘ মাহৰ কোনোবা এটা দিনত মাধৱ মন্দিৰত সেৱা জনাই শেন চৰাইৰ যুঁজ চাই আহোতে এহাল বুলবুলি চৰাই আপোনমনে যুঁজত লিপ্ত হৈ থকা দেখা পাই বৰ আনন্দ অনুভৱ কৰিলে আৰু তেতিয়াৰ পৰাই হাজোৰ মাধৱ মন্দিৰত শেন চৰাইৰ যুঁজৰ বিপৰীতে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হ'ব লাগে বুলি নিৰ্দেশ দিলে |
মাঘ বিহুৰ প্ৰায় এমাহ মান আগৰে পৰাই বুলবুলি চৰাইৰ যুঁজৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে যুঁজাৰুৱে বুলবুলি চৰাইৰ সন্ধানত হাজোৰ পাহাৰে-ভৈয়ামে, হাবি-বননি, নৈ-বিলৰ দাঁতি কাষৰীয়া ঠাইত ঘূৰি ফুৰে | চৰাইৰ ফান্দ পাতি ধৰি আনি পকা ভীমকলৰ সমানে দুভাগ কৰি এভাগ গুটিৰে সৈতে খাবলৈ দিয়ে | দিনটো ৰ'দ পৰা ঠাইত ৰাখি দৈনিক দৈনিক ২/৩ বাৰকৈ গা ধুৱাই দিয়া চৰাইবোৰক ৰাতি ঘৰৰ ভিতৰত থৈ দিয়া হয় আৰু নিতৌ সিহঁতক প্ৰশিক্ষণ দিয়া হয় | যুঁজৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰি আনি যুঁজৰ প্ৰশিক্ষণ দিয়া হয় । যুঁজৰ আগনিশা অৰ্থাৎ উৰুকাৰ নিশা চৰাইবোৰক 'ওজাই' প্ৰস্তুত কৰা এক বিশেষ ধৰণৰ ৰাগিয়াল দ্ৰব্য খুওৱা হয় | মাঘৰ দুমাহীৰ দিনা বুলবুলি চৰাইবোৰক ঐতিহাসিক যুঁজৰ বাবে সাজু কৰি তোলা হয় |কেইদিনমানৰ পূর্বৰে পৰা ইহঁতক কলৰ সৈতে কিছুমান ঘৰুৱাভাৱে তৈয়াৰী নিচাজাতীয় ভোগ খুৱাই উত্তেজিত কৰি ৰখা হয় । যুঁজৰ দিনাখন চৰাইবোৰক ভোকত ৰখা হয় যাতে ইহঁত আক্ৰামক হৈ পৰে । যুঁজৰ সময়ত চৰাই দুটাৰ প্ৰত্যেকৰে একোটা ঠেঙত ৰছীৰে বান্ধি মুখামুখিকৈ ৰাখি মাজত এটা কল ৰখা হয় আৰু ৰছীৰ সৈতে চৰাই হালক এৰি দিয়াৰ লগে লগে কলটোৰ বাবে সিহঁতি যুঁজিবলৈ ধৰে । এই যুঁজ পৰিচালনা কৰা লোকজনক 'মাহচিং' বোলা হয় । যুঁজত দেখুওৱা পাৰদর্শিতাৰ ভিতৰত তিনিটা চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে ।বনৰীয়া পখীক ধৰি আনি এইদৰে মনোৰঞ্জন কৰাটো অপৰাধ যদিও যুঁজৰ শেষত সকলো চৰাইকে (আঘাতপ্ৰাপ্ত চৰাইবোৰক প্ৰয়োজনীয় চিকিত্সা কৰি) পুনৰ মুকলি কৰি দিয়া হয় ।
বুলবুলি যুঁজত চৰাইৰ গৰাকীয়ে ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে | সেইবাবে দুটা ফৈদত ভাগ কৰা হয় | প্ৰতি ফৈদত থকা বুলবুলিৰ গৰাকীয়ে তিনিজনী চৰাইহে যুঁজাব পাৰে | ইয়াৰ বাবে চৰাইটোৰ বাবদ ৩ টকাকৈ পৰিচালনা সমিতিক ভৰ্তি মাচুল দিব লাগে | বুলবুলি যুঁজ পৰিচালনাৰ বাবে দুজন অভিজ্ঞ ব্যক্তিক দুয়োফালে নিয়োগ কৰা হয় | যুঁজত বিজয়ী ১ম, ২য়, ৩য় প্ৰতিযোগীক পৰিচালনা সমিতিয়ে চলন্ত বঁটা আৰু নগদ ধনেৰে পুৰস্কৃত কৰে |
হাজোৰ ভৰালীটোলা আৰু সোনাৰীটোলা এই দুই ফৈদে ১৭৫০ খ্ৰীষ্টাব্দৰ পৰা চলি অহা এই যাউতিযুগীয়া বুলবুলি চৰাইৰ যুঁজৰ পৰম্পৰা ৰক্ষা কৰি আহিছে | বুলবুলি চৰাইবোৰক যুঁজৰ শেষত গুৰ মিঠৈ খুৱাই গৰাকীসকলে প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণৰ বাবে এৰি দিয়ে |
মন্তব্য কৰক