Header Ads

ৰাতিবিহু - মৰাণ জনগোষ্ঠীৰ ঐতিহ্য ✍ কৰবী মহন্ত কলিতা


Rati Bihu Moran culture Assam Kuhipath karabi mahanta kalita

জি বিহু বিহু
কালি বিহু বিহু
নাহৰফুল ফুলিবৰ বতৰ
কেতেকী চৰায়ে কাটে সৰুসূতা
গছকত ভাঙি যাওঁ যঁতৰ

  বিহু বুলিলেই প্ৰতিজন অসমীয়াৰ গা সাতখন আঠখন, বিহুবলীয়া অসমীয়াৰ মন। অসমত ব'হাগ মাহ আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয় নতুন বছৰ। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতি নতুন ৰূপেৰে জিলিকি উঠে। চ'তৰ শেষত বৰদৈচিলাজনীও হিলদৌল ভাঙি মাকৰ ঘৰলৈ যায়। নিজানত কুলি- কেতেকীয়েও আনে প্ৰেমৰ বতৰা। বিৰিখত ন কুঁহিপাত মেলে। কপৌপাহীয়ে নাচনীৰ খোপাৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰে। অসমীয়া কৃষ্টি- সংস্কৃতিৰ শিৰাই- উপশিৰাই, পাহাৰ- ভৈয়ামৰ সমন্বয়ৰ মাজত প্ৰবাহিত হৈ আছে ৰঙালী বিহুৰ অস্তিত্ব। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা জাতি- ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমীয়া মানুহে বিহুৰ জৰিয়তে সাংস্কৃতিক মনৰ পৰিচয় দি আহিছে।

    অসমীয়া সংস্কৃতি সমাৰোহণ সংস্কৃতি। বিভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক ভাৱ আদান- প্ৰদানৰ জৰিয়তে গঢ়ি উঠিছে বৰ্ণাঢ্য অসমীয়া সংস্কৃতি। অসমৰ জাতীয় উৎসৱ বিহু কোনো জনগোষ্ঠীৰে নিজস্ব পৰম্পৰা নহয়। অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীয়ে বিহুক বিভিন্ন নামেৰে পালন কৰে।
  
  বিশাল হিমালয়ৰ পাদদেশৰ অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ জীপাল ৰম্যভূমিত আৱহমান হৈ আছে প্ৰাচীন অধিবাসী মৰাণসকল। বৰ্তমান ভূমিপুত্ৰ মৰাণসকল অসমীয়া সংস্কৃতিৰ সমাৰোহণ প্ৰক্ৰিয়াত একাকাৰ হৈ গৈছে যদিও আজিও তেওঁলোকৰ বিহুত সুকীয়া বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। মৰাণসকলৰ  ৰাতি বিহুৱে বৃহৎ অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াইছে।

    ৰাতি বিহু উপলক্ষে গাঁৱৰ কোনো আছুতীয়া ঠাইত বাঁহ, কাঠ, জেঙুপাত , টকৌপাত আদিৰে দুই কুঠলীয়া বেৰহীন, বিহুঘৰ সজা হয়। এই বিহুঘৰটোক তেওঁলোকে পৱিত্ৰ জ্ঞান কৰে।ইয়াৰ এটা কোঠা ডেকা সকলৰ বাবে আনটো কোঠা গাভৰুসকলৰ বাবে সজা হয়। ৰাতি বিহু গোৱাৰ সময়ত পৰস্পৰে পৰস্পৰৰ কোঠাত প্ৰৱেশ নকৰে। ডেকাই ডেকাৰ কোঠাত , গাভৰুৱে গাভৰুৰ কোঠাত তিনিদিন ধৰি হুঁচৰি গোৱাৰ দৰে বিহু গায়। তাৰ পিছত প্ৰায় মাজ নিশালৈ বিহু নাচ আৰম্ভ হয় আৰু ডেকা- গাভৰুৱে একেলগে বিহু নাচে।

     বিহুলৈ এসপ্তাহমান থকা অৱস্থাত এজন বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ তামোল পাণৰ শৰাই আগবঢ়াই অভিভাৱকসকলৰ ওচৰলৈ গৈ ছোৱালী বিচাৰে। ডেকাসকলে গাভৰুসকলক সুৰক্ষাৰ আশ্বাস দিয়াৰ পিছত অভিভাৱকসকলে নিজৰ গাভৰু ছোৱালীবোৰক বিহু নাচিবলৈ পঠাই। 

    ৰাতি বিহু সাতদিন, নদিন আৰু এঘাৰ দিনলৈকে মৰা হয়। বিহুগীতবোৰত কোনো অশ্লীলতা নাই। গীতৰ সুৰবোৰ যিদৰে লেহেমীয়া , সেইদৰে স্পষ্ট, অৰ্থময় ।  গীতবোৰ ব্যঞ্জনাধৰ্মী।  ৰাতি বিহুত একে গাঁৱৰ ডেকাই , একে গাঁৱৰ গাভৰুক নচুৱাব নোৱাৰে। আন গাঁৱৰ ডেকাইহে গাভৰু সকলক নচুৱাই। কঁকালত হাত থৈ, কঁকাল ভাঙি, ওপৰলৈ হাত মেলি যোজনাত হালি জালি ৰাতিবিহু নচা হয়। বাদ্যযন্ত্ৰ হিচাপে তাল, পেঁপা, বাঁহী, সুতুলি, ঢোল, টকা, গগনা আদিৰ প্ৰচলন আছে। বিহুৱাসকলে ধূতি, গামোচা পৰিধান কৰে। নাচনীসকলে গামখাৰু, ডিঙিত ফুটিমণি আৰু মাদাল , কাণত থুৰীয়া , জাংফাই , খোপাত ফুল, বুকুত মেথনি মাৰি, মেখেলা, চাদৰ , ৰিহা পিন্ধি বিহু নাচে।  জোনাকৰ পোহৰত সন্ধিয়াৰ পৰা পুৱতি নিশালৈ ৰাতিবিহুৰ সমগ্র পৰিৱেশটো মায়াময় হৈ পৰে। বিহুনাম, জোৰানাম, জাতনামৰ সুৰে সুৰে বিহুতলী ৰজনজনাই যায়।

    সময়ৰ বিৱৰ্তনত ৰাতিবিহুৰ পৰম্পৰাৰ কিছু পৰিৱৰ্তন ঘটিছে যদিও অসম মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় ৰাইজৰ প্ৰচেষ্টাত ৰাতি বিহুৱে প্ৰাণ পাই উঠিছে।
   
  কৰবী মহন্ত কলিতা
দীপলাং, লহকৰপাৰা

No comments

Powered by Blogger.