Header Ads

কুইজ বিষয় বস্তু - অসমীয়া সাহিত্য ; এপ্ৰিল ২০১৯ সংখ্যা


বিষয় বস্তু : অসমীয়া সাহিত্য


quiz assamese literature april





[১] সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে । সেই পুৰোধা ব্যক্তিজন কোন?


[২]  অসম সাহিত্য সভাৰ সভানেত্ৰী পদয় অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। ‘অলকানন্দা’ গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। কি নাম আছিল তেওঁৰ?

  
[৩]  প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?


[৪] অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?


[৫]  প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?


[৬]   ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’-  কোন কবিৰ কবিতা ?


[৭]  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?


[৮] অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?


[৯]  প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?


[১০]  গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?




যোৱা  মাৰ্চ সংখ্যাৰ উত্তৰাবলী:  বিষয়বস্তু:  ভ্ৰাম্যমাণ থিয়েটাৰ

১ উ:  নটৰাজ থিয়েটাৰ (পাঠশালা), ১৯৬৩ চন ।
২ উ: উত্তম বৰুৱা আৰু নটসূর্য ফণী শর্মা (নটৰাজ থিয়েটাৰ) ।
৩ উ: মাধৱী বৰুৱা আৰু গৰিমা হাজৰিকা ।
৪ উ: নটসূর্য ফণী শর্মা, অনুপমা ভট্টাচার্য আৰু ব্ৰজেন বৰুৱা (নটৰাজ/পূর্বজ্যোতি) ।
৫ উ: 'মিৰি জীয়ৰী' (মঞ্চ কোঁৱৰ) আৰু 'অসীমত যাৰ হেৰাল সীমা' (কহিনুৰ) ।
৬ উ: 'মুখ্যমন্ত্ৰী', নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ (হেঙুল থিয়েটাৰ) ।
৭ উ: প্ৰভাত শর্মা  ।
৮ উ: 'বেউলা' (নটৰাজ থিয়েটাৰ)
৯ উ: 'অৱলা বর্মন, মুন থিয়েটাৰ (চামতা) ।
১০ উ: 'ক্লিওপেট্ৰা', নাট্যৰূপ পদ্ম বৰকটকী (কহিনুৰ থিয়েটাৰ) ।


যোৱা  মাৰ্চ সংখ্যাৰ ভাগ্যসালি ৩ ব্যক্তি হল ক্ৰমে  - 



১) বীণা দাস - যোৰহাট ।

২) স্বপ্না বর্মন - গুৱাহাটী ।

৩) নীলকুমুদ ভট্টাচাৰ্য - পাঠশালা ।


কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব।  সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ ।




No comments

Powered by Blogger.