যদি তোমাক লগ পাওঁ কেতিয়াবা - পল্লৱ চৌধুৰী
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম সেউজীয়া অৰণ্যখনৰ কথা ।
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম আঘোণৰ সোণালী পথাৰখনৰ কথা ।
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম নিৰীহ নৈখনৰ কথা ।
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম শাওণৰ চিপ্ চিপ্ বৰষুণজাকৰ কথা ।
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম অকৃত্ৰিমভাবে ভালপোৱা
সঁচা মানুহৰ কথা ।
যদি তোমাক লগ পাওঁ কেতিয়াবা
মই সুধিম পালানে বিচাৰি কোনোবা স্বাৰ্থহীন লোক
যিয়ে মোৰ দৰে বিনা স্বাৰ্থত তোমাক সকলো অৰ্পণ কৰিছিল ?
✍ পল্লৱ চৌধুৰী
হাজো
মন্তব্য কৰক