Header Ads

এক শ্বহীদ সেনাৰ পত্নীৰ কৰুণ বিননি ➣ জাহাংঙ্গীৰ আলম

Assamese poem by Jahangir alom Swahid


তুমি মোক এই পৃথিৱীত
অকলশৰে এৰি থৈ গলেও
মই যে নহও অকলশৰীয়া ।

মই নীৰৱে জীয়াই আছো
তোমাৰ স্মৃতিবোৰ বুকুত লৈ
মই এজনী শ্বহীদ সেনাৰ পত্নী
এয়াই মোৰ বাবে এক গৌৰৱৰ বিষয় ।

যেতিয়া তোমাৰ কথা মোৰ মনত পৰে
তোমাৰ পোছাকৰ কাষত থিয় হৈ
অকলশৰীয়াৰ ক্ষণটো মই পাৰ কৰো
আজি তুমি  মোৰ কাষত নাই বুলি
মই দুখ অনুভৱ নকৰো ।

তুমি পোৱা মেডেলবোৰক মই
ৱালৰ লগত সজাই ৰাখিছো
তোমাৰ এই কৃতি চক্ৰই মোক
নতুনকৈ জীয়াই থকাৰ প্ৰেৰণা দিয়ে ।

পৰমেশ্বৰৰ ওচৰত পাৰ্থনা কৰিম
যদি আকৌ পুনৰ জনম পাও
তুমিয়ে যেন হোৱা মোৰ জীৱন লগৰী ।

জাহাংঙ্গীৰ আলম/বৰপেটা/খৰিচালা

No comments

Powered by Blogger.