বিশ্বৰূপৰ কংক্ৰিট - সোণমণি ৰায়
ছাঁ আৰু ৰ’দৰ মায়াৰে গাঁথি লওঁতে যুগ-যুগান্তৰৰ পৃথিৱী
বুৰঞ্জীয়ে ভবা নাছিল
এদিন কেৱল ৰক্তক্ষয়ৰ দামামাৰে তিতিব শিশুৰ পদূলি
তাইৰ হাতত ধৰি মই বাট এটা পাৰ হওঁতে অট্টালিকাবোৰে তাচ্ছিল্য কৰে
কলিজা কিনিবও পাৰি
চুমা বিকিবও পাৰি
কোন এন্ধাৰগলিৰ লোপামুদ্ৰাৰ বক্ষৰ উৰ্দ্ধত সময়ৰ সূত্ৰ
ছক্ৰেটিছৰ ঠিক মধ্য-মগজুৰ পৰা আৰম্ভ হৈ পৃথিৱীখন শেষ হৈ আহিছে
নীলা ছবি এখনৰ শেষৰ চিৎকাৰ আৰু বীৰ্য্যপতনৰ দৰে ৷
✍ সোণমণি ৰায়
মন্তব্য কৰক