ভাৱ অনুসঙ্গ ➻ ৰাজীৱ দত্ত
উখল মাখল হৃদয়
শত ভূকম্পনৰ প্ৰলয়
বৈ থাকে অন্তৰ্ভেদি
হৃদয়ৰ নিৰৱ সাগৰ৷
** ** ** **
শব্দ য’ত নৈশব্দ সাঁথৰ
অনুভৱৰ জগতত
কৱিতাৰ হেজাৰ লহৰ ৷
** ** ***
মুখৰ হৃদয় মৌন কন্ঠ
প্ৰৱাহিত উচ্চল বাৰিধা
অনুভৱৰ শীতল সাগৰ
বৈ থাকে নিৰৱ লহৰ৷
** ** ***
কিহৰ হৈ চৈ আনন্দ বাহাৰ!
ক’ত নো তুলি থওঁ
নিৰানন্দ সমস্যাৰ পাহাৰ!
সমস্যা জীৱনৰ সহচৰ ৷৷
⤊
ৰাজীৱ দত্ত
চামতা, নলবাৰী
মন্তব্য কৰক