Header Ads

সম্পাদকীয় - প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮


নমস্কাৰ,

      আপোনালোকৰ আশীৰ্বাদ শিৰত ৰাখি প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ কৰিছো, আশা! আপোনালোকে সহাৰি জনাব | প্ৰথমে আপোনালোকক কুঁহিপাঠ ই আলোচনীখনৰ কথাকে কওঁ |
কুঁহিপাঠ শিক্ষা জীৱনৰ পাতনি মেলোতেই পাইছিলো কিতাপখন | বহু কথা শিকিছো, জানিছো | বহু স্মৃতি কঢ়িয়াই ৰাখিছে এই নামটোৱে | কুঁহিপাঠ নামটো শুনিলেই মনলৈ আহে অতীতৰ সন্ধিয়াবোৰলৈ | মনত পৰে সন্ধিয়া প্ৰাৰ্থনা গাই মেলি লোৱা কিতাপখনলৈ | খেলা ধূলাৰ অন্তত ক্লান্তিময় সময়, দাদাৰ লগৰ কাজিয়া, ভাগৰৰ টোপনি- এই প্ৰত্যেকটো সময় ই সোঁৱৰণিৰ পৃষ্ঠাত সজীৱ কৰি ৰাখিছে | সোনাৱালী শৈশৱৰ সোনালী দিনবোৰৰ এক অংশ কুঁহিপাঠ |

ব্যস্ত কলেজৰ দিনবোৰৰ মাজতেই মই আৰু মোৰ সহপাঠী সুৰজিৎ বৰ্মন লগ হৈ বহু কথাৰ মহলা মাৰো | কথাৰ মাজতেই এদিন সন্ধিয়া এখন ই আলোচনীৰ কথা ভাবিলো | জুন মাহৰ শেষত আমি আৰম্ভ কৰিব বিচৰা এই যাত্ৰাত আমাক সহযোগৰ বাবে বহু কেইজন লোক আগবাঢ়ি আহিল | শতাব্দী হাজৰিকা, ৰূপম নাথ, সমীৰ বৰা,প্ৰিয়াক্ষী খাউন্দ, কল্পজিৎ বৰা আৰু আমাৰ মৰমৰ তপন জ্যোতি দেৱনাথ | কেইজনমান যুৱক যুৱতীৰ এই যাত্ৰাত সহায়, উৎসাহ যোগালে আমাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰী ধ্ৰুব জ্যোতি বৰুৱা ছাৰে | বহু দিনৰ প্ৰয়াসৰ পিছত আমি ৫ আগষ্ট, বন্ধুত্ব দিৱসৰ শুভক্ষণত কুঁহিপাঠ ই আলোচনীখনৰ শুভমুক্তি দিব পাৰিছো |

আমাৰ এই প্ৰচেষ্টাত আপোনাসৱৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছো | যদি কিবা ভুল ভ্ৰান্তি হয় তাক আঙুলিয়াই দি আমাক সহায়, দিহা পৰামৰ্শ আগবঢ়াই এই আলোচনীখন আগবাঢ়ি যোৱাত সহায় কৰিব | এই আপাহতে সকলো সদস্য সদস্যালৈ তেওঁলোকে কৰা সহায় সহযোগিতাৰ বাবে ধন্যবাদ থাকিল | লগতে আমাক এই পথত আগবাঢ়ি যোৱাত সকলো প্ৰকাৰে সহায় আগবঢ়োৱা শ্ৰী ধ্ৰুব জ্যোতি বৰুৱা ছাৰলৈ অশেষ ধন্যবাদ থাকিল | আশা কৰিছো অসমৰ ৰাইজে আমাৰ এই প্ৰচেষ্টাক আকোৱালি ল'ব |


শেষত কুঁহিপাঠৰ নামত দুশাৰী -

" সপোন আমাৰ বিকশিত অসমৰ
সপোন আমাৰ জ্ঞানৰ অন্বেষণৰ
এনে সপোনক বাস্তবত ৰূপ দিয়াৰ মানসেৰে ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত,
সমাজ আৰু জাতিৰ উন্নতিৰ স্বাৰ্থত "স্বপ্নদ্ৰষ্টা" ৰ প্ৰথম প্ৰয়াস
অনলাইন আলোচনী কুঁহিপাঠ"


(ধন্যবাদ শতাব্দী)

আপোনালোকৰ সু-স্বাস্থ্য কামনাৰে এই মাহৰ বাবে বিদায় মাগিছো |

                                                                                                                                           সৰ্বজিৎ শৰ্মা
সুৰজিৎ বৰ্মন

                                                                                                                        সম্পাদক

                                                                                                                         কুঁহিপাঠ
Powered by Blogger.