নীলা খামৰ চিঠি-প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮
মৰমৰ মৰম,
আশাকৰো ভালেই তোমাৰ | দূৰণিত থাকিহে অনুভৱ কৰিছো প্ৰেমৰ মাদকতাবোৰ | আজিও আবেলিবোৰ প্ৰিয় মোৰ | যেতিয়া পদুলিমূখলৈ তোমাক দেখাৰ আশাৰে ওলাই যাওঁ সন্ধ্যা | তোমাৰ চকুত চকু পৰাৰ হেঁপাহ নামঘৰৰ বাকৰিত যেতিয়া খেলাৰ অভিনয় কৰো, চিঁঞৰো অপ্ৰয়োজনত, কিজানি তুমি ওলাই আহা, দেখা পাওঁ |
নাজানো কি অভিমান আছে তোমাৰ | পদুলিত বা চোতালত দেখা পোৱাৰ আশাত যেতিয়া তোমাৰ ঘৰৰ আগাৰে অহা যোৱা কৰো, তুমি কিয় সোমাই যোৱা | কেতিয়াবা খেলৰ চলেৰেই তোমাক চোৱাৰ সুবিধাকন পাওঁ, মাতো তোমাক | নুবোজো কিয় নামাতা তুমি, লাজত? মোৰ বিশ্বাস নহয় | কেতিয়াবা লগৰ লগত ব্যস্ত থাকিলেও তোমাৰ মাতটো ডাঙৰ হৈ পৰে, বাধ্য হৈ পৰো ঘূৰি চাবলৈ | নাজানো অনাহকত তোমাৰ সৰু ভাইটিটোলৈ তোমাৰ খং কিয় বাঢ়ে | নাজানো মোৰ চকুৰে আগেৰে অহা যোৱা কৰিবলৈ তোমাৰ কি প্ৰয়োজন থাকে | তেন্তে অভিমান কি তোমাৰ | কেতিয়াবা সুযোগ পালে ক'বাচোন এই অভিমানবোৰ কিয় ? জানিলে কিজানি আবেলি আৰু সন্ধিয়াবোৰ মোৰ আপোন হৈ যাব | ল'ব পাৰিম ময়ো তোমাৰ ৰহস্যময়ী হাঁহিটোৰ আনন্দ | আৰু ভালকৈ বুজি পাম তোমাক...|
একি দেৱ
মন্তব্য কৰক