লাজৰ আবৰন-প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮
নীলা সাজে তুমি শুৱনি বুলি নক'বা
লাজে আবৰি ধৰে মন,
হিয়া খন হৈ পৰে খু..উ..ব উচাতন ।
কাজল সনা দুচকুলৈ থৰ লাগি নাছাবা
দুৰু দুৰু কঁপে মোৰ হিয়া,
যেন বহু দিনৰ ভাগৰুৱা দেহা ।
ঘনক'লা চুলিতাৰিত আঙুলি নুবুলাবা
বিচলিত হৈ পৰিব তোমাৰ ......
সুকোমল মন ।
সুগন্ধিত মোৰ দেহত লিৰিক বিদাৰি নুচুবা
বলিয়া বতাহৰ দৰে মাতাল হৈ পৰিব .......
আমাৰ দুয়োৰে প্ৰেমিক মন ।
লিহিৰি আঙুলিত কঁপা কঁপা হাতেৰে নুচুবা
চেঁচা শৰীৰ উতপ্ত হৈ পৰে,
মোৰো যে বৰ থুনুকা মন ।
গোপনে গোপনে আহি .....
টোপনিত লালকাল মোক ,
কপালত মৰমৰ চুমা আঁকি নিদিবা
উচপ খাই ভাগি যাব মোৰ ....
সোণালী সপোন দেখা ....
আলসুৱা মন ।
ধুনীয়া বুলি নকবা,
নকবা ধুনীয়া বুলি ......
.....লাজে আবৰি ধৰে মন ।।
********************************
বৰ্ণালী পবিত্ৰ শৰ্মা
কাৰবি আংলং
মন্তব্য কৰক