শৈশৱৰ খেলা-প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮
বৰ্ণালী পবিত্ৰ শৰ্মা
মা,
কোৱা না তোমাৰ সৰুতে খেলা
খেল বোৰৰ কথা?
হু, আমাৰ শৈশৱৰ খেলা
এখন ডাঙৰ মেলা,
মেলা মানে কি?
চকৰিত ঘুৰিছিলা?
নহয় বাচা,
এজাক লৰা ছোৱালী ৰ কোলাহল ,
কিৰিলি পাৰি টিল টিল কৈ দৌৰা
"স্কুল চুটি গৰম গৰম ৰুটি "
কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ
অ গানৰ দৰেই খেলা ......
হি হি হি আৰু কোবা?
তেন্তে শুনা ....
কাউৰীৰ কা কা ....
ইমান ইমান পানী .....
ৰজাই হুকুম দিছে এদিম ছেদিম বা
এইবোৰ কেনেকুৱা খেলা ?
আৰু মোক যে সেইদিনা কৈছিলা
মিছা মিছা ভাতৰ কথা,
অ,সেইয়া ..
কোৰোকাত খেলা সেইয়া
বালি ভাতৰ খেলা
উহ,কিমান মজা
টেষ্টি টেষ্টি
বাৰীৰ চুকৰ আমলখি বগৰীৰ
নিমখৰ জুতি আৰু
দৰা কইনাৰ খেলা
দৰা কইনা খেলা? ?
মানে তুমি কইনা
পাপা দৰা,
না না সকলো মিছা
তোমালোকে ইমান
মিছা মিছা খেল খেলা
মই দেখোন মিছা কথা কলেই
ঠেং চুটি হব বুলিহে কোৱা ,
তুমি নুবুজিবা বাচা,
সেইবোৰ আমাৰ
প্ৰাণৰ খেলা,
মন বোৰ পাখি লগা
মুকলিমূৰীয়া ।
বহুত হেঁপাহৰ খেলা
মনত ৰৈ যোৱা ,
তুমি চোৱা কাৰ্টুনত
নেখেলে তেনেকুৱা খেলা
আৰু সোৱাদ বোৰ?
থাকক দিয়া .....
আহা আজি তোমাৰ লগত
দুটা খেল খেলিম আমি খেলা
তুমি এতিয়া হাত পাতা........
উকুলি মুকুলি দুকুলি কাঁহী .........
অলৌগুটি তলৌগুটি ......
বাঃ বাঃ বাঃ
বহুত বহুত মজা ।।
***********************************
মন্তব্য কৰক