Header Ads

সোণোৱালী সময়-প্ৰথম বছৰ; প্ৰথম সংখ্যা; আগষ্ট, ২০১৮


খিৰিকীখন খুলি দিছো
আজি হেনো পূৰ্ণিমা
চোতালখন জোনৰ পোহৰে পোহৰাই থৈছে
জোনবাইজনীলৈ চালো
মোক দেখি মিছিকিয়াই হাঁহিছে
চতিয়াই দিছে এমুঠি পোহৰ
চিতিকি পৰি মোৰ গাল-মুখ পোহৰাই দিছে
জোনাকী দুটামানেও আহি নাছিছেহি সন্মুখত
যেন সিহঁতিও সোঁৱৰাইহে দিছে
সিহঁতক ধৰিবলৈ খেদি যোৱা পলবোৰক
মৃদু বতাহ এছাতি বৈ আহিল
মোৰ আধা মেলি থোৱা চুলিবোৰ উৰুৱাই দিলে
লগতে উৰুৱাই নিলে মোৰ মনটো
শৈশৱৰ সেই দিনবোৰলৈ....
চোতালত বহি সাধু শুনাৰ দিনবোৰলৈ
আজি আকৌ বহিবলৈ মন গৈছে চোতালত
শুনিবলৈ মন গৈছে
দেউতাৰ মুখেৰে শুনা সেই সঁচা সঁচা কাহিনীবোৰ
উমলিবলৈ মন গৈছে
শৈশৱৰ কোলাত
যেন ৰৈ যাম সেই সময়খিনিতে
চিৰদিনৰ বাবে....।।
****************************************

✒ প্ৰিয়াক্ষী খাউন্দ
Powered by Blogger.