তুমি, মই আৰু প্ৰেম - কৃষ্ণ কমল পাটগিৰি ভূঞা
মৰমৰ বন্তি,
মোৰ হিয়াভৰা মৰম যাচিলো। বুকুত আবদ্ধ হৈ থকা তোমাৰ প্ৰ্তি মোৰ মৰমবোৰ কি দৰে শব্দ ৰূপত প্ৰকাশ কৰো ভাবি পোৱা নাই। আজি প্ৰায় এমাহ সম্পূৰ্ণ হ'বৰ হ'ল তোমাক লগ পোৱা কিন্তু খোজিও পাহৰিব নোৱাৰা স্মৃতি হৈ পৰিছে আমাৰ প্ৰথম লগ পোৱা নাজানো প্ৰেম কাক কয়, এটা যেন অচিন বতাহে চুই গৈছে মোৰ সকলো, সময় কেনেকৈ পাৰ হৈছে একো উমান পোৱা নাই। সকলো কথা খুলি ক'ব মন যায়, কিন্তু ভয় লাগে আমাৰ বন্ধুত্ব যানিবা নাইকিয়া হয়। শুই উঠাৰ পৰা কেৱল এটাই চিন্তা, তোমাক লগপোৱাৰ এটা উৎসাহে যেন মোক জোকাৰি যায়। ক'ত লগ পাম, কি কথা পাতিম ন ন প্ৰশ্নই ভিৰ কৰে মনত। সকলো প্ৰশ্নৰ উত্তৰ কেৱল তুমি বন্তি। কলেজৰ কেন্টিনত আড্ডা মাৰি থাকোতে যেতিয়া তুমি পাৰ হৈ যোৱা দেখো, চাওঁ নাচাওঁকৈ তোমাৰ ফালে চকুজুৰি লৈ যাওঁ; ভয় লাগে কিজানি চকুত চকু পৰি যায়। লগৰ বোৰৰ কথা শুনিও যেন মোৰ মনটোক বুজাব নোৱাৰো। সকলোৱে জোকায়, সকলোকে মানা কৰো যদিও মনৰ পৰা এটা হাঁহি নিজেই উলাই আহে। নাজানো প্ৰেমৰ সংজ্ঞা কি কিন্তু সকলোৱে কয় মই হেনো প্ৰেমত পৰিছো। তোমাৰ মতে যদি এয়াই প্ৰেমৰ পৰিচয় তেন্তে তোমাৰ প্ৰেমত মই বাৰুকৈ পৰিছো। নাজানো তোমাৰ উত্তৰ কি, মনৰ কথাবোৰ তোমাৰ আগত প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলো। সেয়েহে আজি বহু সাহস গোটাই কথাবোৰ শব্দৰ ৰূপত প্ৰকাশ কৰিলো। কথা দিলো, তোমাৰ উত্তৰক মই সন্মানেৰে আকোৱালি ল'ম। আশাৰে বাট চাই ৰ'ম তোমাৰ উত্তৰৰ বাবে
ইতি
তোমাৰ প্ৰেমৰ নদীত সাতোৰিব খোজা
……
মন্তব্য কৰক