মছগুল হৃদয়ৰ জৰী - অনুৰাগ কাশ্যপ
মৰমৰ প্ৰিয়া,
আশাকৰো তোমাৰ ভাল | যান্ত্ৰিকতাৰ যুগতো তোমালৈ চিঠিকে লিখিবলৈ ওলাইছো | পুৰণা পদ্ধতি, তথাপি শুনিছো মনৰ ভাববোৰ বোলে বহু ভালকৈ ওলাই আহে | বহু কথাই কবলৈ আছে তোমাক | বহু ৰাতি তোমাক কোৱাৰ অনুশীলনো কৰিছো বহুবাৰ ; "মই তোমাক ভাল পাওঁ" - না, বহু আওপুৰণি, তোমাৰ পচন্দ নহ'ব , " আমাৰ বন্ধুত্বৰ জৰীডাল ভালপোৱাৰ বান্ধোনলৈ আকৃতি দিব পৰো নেকি?" - নাই বেছি হ'ল | এই অনুশীনৰ মাজত পাহৰিয়েই পেলাওঁ কথাবোৰ নিজৰ লগত নহয় তোমাক কোৱাটোহে দৰকাৰী | নাজানো কিয় তুমি সন্মুখত আহিলে মোৰ শব্দৰ ভাণ্ডাৰটো ক'ৰ'বাত লুকাই পৰে | যিদিনা প্ৰথমবাৰৰ বাবে তোমাক মোৰ সন্মুখত পাইছিলো, বিদ্যা শপত বাকৰূদ্ধ হৈ পৰিছিলো - কোনোবা কেনেকৈ ইমান মৰম লগা হব পাৰে | প্ৰেমত পৰিছিলো সেইদিনাই তোমাৰ হাঁহিৰ | ভাবিছা ছাগে তোমাৰ প্ৰেমত কেতিয়া পৰিলো? ৰ'বা, হাঁহিটোৰ প্ৰেমতেই মছগুল আছিলো | থিক মইও বুজিব পাৰা নাছিলো কেতিয়া ভাল পায় পেলালো তোমাক |
তোমাৰ নাম লৈ কেইজনমানে নুজোকোৱাও নহয় মোক | মই কোৱা নাই | তোমালৈ থকা মোৰ প্ৰেম বুকুৰ এটি কোনত সজতনে ৰাখিছো, এতিয়াও | তোমাক লগ পাবৰ ইচ্ছা হয়, কিন্তু... ! তোমাৰ মনত আছে বা নাই নাজানো, এদিন কথাৰ মাজত গম পালো, তোমাৰ জীৱনত কোনোবা বিশেষ এজন আছে | নাজানো কি কৈছিলা তাৰ পিছত, মেচেজৰ উত্তৰ দিছিলো যদিও কি কৈ আছিলো | অস্থিৰ লাগিছিল নিজকে, পুৱতি নিশালৈ কৰা অনুশীলনবোৰ ব্যৰ্থ লাগিছিল | সেইদিনা ৰাতি তোমাৰ হাঁহিটিয়ে বৰকৈ আমনি কৰিছিল, বুকুৰ এটি কোনৰ পৰা অহৰস এটি নাম ৰ গুণগুণনি আহিছিল | ভাব এটাই বুকুত অলপ মিশ্ৰিত বিষ লৈ বাৰে বাৰে চিঁয়ৰিছিল - "এবাৰ মনৰ কথাটো কৈ দে !"......
জানা, পোৱা নোপোৱাৰ সমষ্টিয়েইটো জীৱন | আশাবোৰ পূৰ হবই বুলিটো কথা নাই | তোমাক ভাল পোৱাৰ শেষ নাই | নিৰাশা শব্দটিতো আশা আছে, তোমাতেই মোৰ যাত্ৰাৰ শেষ আছে |
' অ' কাজলপ্ৰিয়া, তোমাতেই প্ৰেম, তোমাতেই সপোন মোৰ,
তোমাৰ হাঁহিত মুগ্ধ হৃদয়, আশা দুচকুৰ,
সময় হ'লে, লগ পালে হাঁহি যাবা আকৌ সমুখেৰে,
তোমাৰেই হৈ ৰ'ম মই, যদিওবা তোমালৈ বহু দূৰ |'
সুখী হোৱা তুমি | কুশলে থাকা | ক'ব লগা বহুতেই থকি গ'ল | আজিলৈ সামৰো | আকৌ লিখিম তোমালৈ বুলি.... !
ইতি
..........
অনুৰাগ কাশ্যপ
নগাঁও
মন্তব্য কৰক