হেঁপাহৰ এসাঁজ - ৰোহন চাহু (RS's_kitchen)
Non-Veg থালি:
*মোৰ থালিত আছে---------*
১.পালেং-মটৰ- পোলাও
২.লুচি
৩.ভাত
৪.ৰহৰ দাইল
৫.লাও ভাজি
৬.লাই শাকৰ ভাজি
৭.জালুকীয়া মাছৰ জোল
৮.চিলী চিকেন
৯.কাঢ়াই পনিৰ
১০.বাহু মাছৰ ফ্ৰাই
১১.বইল কণী
১২.দৈ
১৩.ৰসগুল্লা
১৪.আমৰ আচাৰ
১৫.চালাদ
১৬.নিমখ -জলকীয়া
১৭.নেমু
১৮.পানী
#পালেং -মটৰ-পোলাও:
উপকৰণ:
জহা চাউল:৫০০ গ্ৰাম(তিয়াই থব)
মটৰ:১ কাপ
পালেং -শাক:১ মুঠি(পেষ্ট কৰি লব)
পিয়াজ:১ টা
আদা নহৰু পেষ্ট-১ চামুচ
লং-ইলচি-দালচিনী-৩,৪ ডুখৰ মান
তেজপাত-২ টা
চেনি -১/২ চামুচ
নিমখ -প্ৰয়োজন অনুসৰি
কাজু-৫/৬ ডুখৰ
গৰু ঘী-৩ চামুচ
পানী -৩ কাপ
প্ৰণালী:
কুকাৰ এটাত ঘি গৰম কৰি তাত প্ৰথমে চেনি দি ৰং সলনি হলে তেজপাত,লং ইলাচি দালচিনি দি দিব।তাৰ পিছত কাটি লোৱা পিয়াজ দি অলপ ৰঙচোৱা হলে তাত মটৰ আৰু কাজু খিনি দি ৩ মিনিট মান ভাজিব।তাৰ পাছত আদা নহৰু দি ভাজিব।ভজা হৈ গলে তাত পালেং শাকৰ পেষ্ট খিনি দি দিব।৫ মিনিত মান ভজাৰ পিছত চাউল খিনি দি ভালকৈ ভাজি লব ১০ মিনিত মান।লগে লগে পানী নিদিব। ভজাৰ পিছত পানী দি ধাকন দি এটা হুইছেল মাৰিলে নমাই ঠাণ্ডা হবলে দিব আৰু গৰমে গৰমে পৰিবেশন কৰক।
#জালুকিয়মাছৰজোল:
উপকৰণ:
মাছ :৫ পীচ
পিয়াজ:১ টা
বিলাহী:২ টা
তেল:২০০ গ্ৰাম
জীৰা:১ চামুচ
জালুক:১ চামুচ
সৰিয়হ:১ চামুচ
নহৰু:১০ কোহ
জলকীয়া:২ টা
হালধি:১/২ চামুচ
ধনীয়া পাত:১ মুঠি
প্ৰণালী:
মাছ খিনি ধুই তাত নহৰু আৰু সৰিয়হ পিছি মেৰিনেত কৰি লব।লগতে অলপ হালধি আৰু নিমখ দি আধা ঘণ্টা মান থৈ দিব।তাৰ পিছত মাছ খিনি ভাজি লব।এতিয়া এখন কেৰহিত তেল গৰম কৰি পিয়াজ খিনি অলপ ৰঙ্গছোৱা কে ভাজিব।।। ভজাৰ পিছত তাত পিছি লোৱা হলধী, জীৰা জালুক সৰিয়হ নহৰু খিনি দি ভালকৈ ভাজি অলপ পানী দি ভালকৈ মচলা বোৰ ভাজি লব।।তাৰ পিছত ২ কাপ পানী দি অলপ উতোল অহাত মাছ খিনি দি ৫ মিনিত মানৰ পিছত ধনীয়া দি নমাই দিব।আৰু গৰমে গৰমে পৰিবেশন কৰক।
মন্তব্য কৰক