Header Ads

নাৰী দিৱসৰ চিন্তা ☞ কৰবী মহন্ত কলিতা

International Women's Day Karabi Mahanta Kalita


নুমানিক ১৯০৪ চনত নাৰী দিৱসৰ সূচনা হৈছিল স্বাধীনতা আৰু উপাৰ্জন বৃদ্ধিৰ হেতু। পৰৱৰ্তী সময়ত ১৯১৩ চনৰ পৰা প্ৰতিবছৰে ৮ মাৰ্চৰ দিনা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি অহা হৈছে।

  নাৰী ত্যাগ আৰু ধৈৰ্য্যৰ প্ৰতীক। নাৰী মমতাময়ী। নাৰী সৌন্দৰ্য্যৰ প্ৰতীক; এই সৌন্দৰ্য্য বাহ্যিক আৰু আভ্যন্তৰীণ উভয়ে। নাৰী অৰ্দ্ধ বিকশিত এপাহ ফুল। কন্যাৰূপে ভূমিষ্ঠ হৈ, পত্নী আৰু মাতৃৰ সমস্ত দায়িত্ব পালন কৰে। নমাহ দহদিন অশেষ ধৈৰ্য্য আৰু ত্যাগেৰে সন্তান ধাৰণ কৰে আৰু বহু ত্যাগেৰে সেই সন্তান ডাঙৰো কৰে। তথাপি পদে পদে লাঞ্চিতা, নিৰ্যাতিতা উপেক্ষিতা নাৰী। সমাজত চলি থকা কন্যা ভ্ৰূণ হত্যা, যৌতুক প্ৰথা, ডাইনী হত্যা, বাল্যবিবাহ, ধৰ্ষণ, যৌতুকৰ বাবে বোৱাৰী হত্যা আদি বিকৃত মানসিকতাৰ বলি হ'ব লগা হয় নাৰী। বৰ্তমানেও আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ ভুক্তভোগী হয় নাৰীয়েই। ইয়াৰ প্ৰধান কাৰণ নাৰী নিৰক্ষৰতা, অনুগ্ৰসৰতা, সৱলীকৰণৰ অভাৱ বুলিয়েই ক'ব লাগিব। বৰ্তমান নাৰীৰ শিক্ষাৰ হাৰ পুৰুষৰ সমানে সমানে আগবাঢ়িছে, যদিও এতিয়াও আমাৰ সমাজৰ অৰ্দ্ধসংখ্যক নাৰী অশিক্ষিত। গতিকে নাৰী দিৱস পালন কৰিলেই নাৰী অধিকাৰ সাব্যস্ত নহয়। নাৰী শিক্ষা আৰু সৱলীকৰণ সম্ভৱ হ'লেহে সমাজত প্ৰচলিত "লাও সদাই পাতৰ তলত" প্ৰৱচন ফাঁকিৰ পৰিৱৰ্তন ঘটিব।

    কন্যা সন্তানক শিক্ষিত কৰা প্ৰতিগৰাকী অভিভাৱকৰে দায়িত্ব। কন্যা ভ্ৰূণ হত্যা কৰাৰ বাবে এক আন্দোলনমুখী পৰিবেশ গঢ়ি তুলিব লাগিব। চৰকাৰ, প্ৰশাসনে ভ্ৰূণ হত্যা, ধৰ্ষণ, যৌতুকৰ বাবে বোৱাৰী হত্যা, ডাইনী হত্যা আদি অপৰাধত অভিযুক্ত ব্যাক্তিৰ বাবে কঠোৰতকৈও কঠোৰ আইন বলবৎ কৰাৰ দৰকাৰ।

    নাৰী সৱলীকৰণৰ বাবে ঠায়ে ঠায়ে সজাগতা শিবিৰ, স্বাক্ষৰতা অভিযান, কৰ্মশালা আদি পাতি মহিলাসকলক অনুপ্ৰাণিত কৰিব লাগে। বৃত্তিমূলক শিক্ষা দি আত্মনিৰ্ভৰশীল কৰিব পাৰিলেহে  নাৰী সৱলীকৰণ সম্ভৱ হ'ব। নাৰী সৱলীকৰণ হ'লেহে নিৰ্যাতিতা মহিলাসকলে অন্যায়ৰ প্ৰতিবাদত থিয় দিব পাৰিব।

   এখন সুস্থ দেশ, এখন সুস্থ সমাজ গঢ়াত অগ্রগনীয় ভূমিকা লয় নাৰীয়েহে। গতিকে সমাজ তথা দেশৰ উন্নতিৰ বাবে নাৰী গৰাকীৰ নিৰাপত্তাৰ প্ৰয়োজন। নাৰীগৰাকীৰ প্ৰকৃত সন্মান, নিৰাপত্তা আৰু সাহসৰ উত্তোলন ঘটিলেহে নাৰী দিৱসৰ উদ্দেশ্যই সাৰ্থকতা লাভ কৰিব ।


☞ কৰবী মহন্ত কলিতা

No comments

Powered by Blogger.