Header Ads

নিস্প্ৰাণ নিশাটিত - পৰিণীতা কলিতা

Assamese Poem Porineeta Kalita


নিৰৱ নিস্তব্ধ নিশা
নিসংগতাৰ নিচা,
নিৰ্জনতাৰ নিবিড়তম নিহালীত
নিৰলে নিৰলে
নিয়ৰৰে নাচোন  ৷

নিনাদিত নৈ
নীলাৰে নীলময়,
নিশাটিত নিৰৱে
নিজকে নিবিচাৰো ৷


পৰিণীতা কলিতা
টিহু,নলবাৰী

No comments

Powered by Blogger.