Header Ads

অস্কাৰ ২০১৯ আৰু ৰ’মা (ভাষা – স্পেনিছ, নিৰ্দেশক – এলফনছ’ কুৱাৰণ) : এটি বিস্তৃত আলোকপাত : দেৱ প্ৰতীম হাজৰিকা


অস্কাৰ ২০১৯ আৰু ৰ’মা (ভাষা – স্পেনিছ, নিৰ্দেশক – এলফনছ’ কুৱাৰণ) : এটি বিস্তৃত আলোকপাত


লফনছ’ কুৱাৰণ, ছবিজগতৰ এক পৰিচিত নাম। কিন্তু সেই পৰিচয়ৰ হিচাপে তেওঁৰ নিৰ্দেশিত ছবিৰ সংখ্যা তেনেই তাকৰ। আৰু সেইটোৱেই কুৱাৰণৰ বিশেষত্ব। অতি কম সংখ্যক ছবিৰে বিশ্বৰ ছবিজগতত নিজৰ এক বিশেষ নাম কৰিবলৈ সক্ষম হোৱা লোকৰ সংখ্যা তেনেই তাকৰ। ছবিজগতত সাধাৰণতে দুই ধৰণৰ নিৰ্দেশক দেখা পোৱা যায়। প্ৰথম বিধে প্ৰায় একে ধৰণৰ ছবি নিৰ্মাণ কৰি সাধাৰণতে ছবি জগতত তিষ্ঠি থাকিবলৈ চেষ্টা কৰে। আৰু আন বিধে নিজৰ ছবি সমূহত পৰীক্ষামূলক ভাৱে কিছুমান নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰে। কুৱাৰণ এই দ্বিতীয় বিধত পৰে। ১৯৯১ চনত ‘ছ’ল’ কন টু পাৰেহা’ৰ জৰিয়তে নিৰ্দেশনাৰ জগতত আত্মপ্ৰকাশ কৰা মেক্সিকান ছবি নিৰ্মাতা কুৱাৰণৰ ছবিজগতৰ যাত্ৰা খুবেই সুন্দৰ। ২০১৩ চনৰ ছবি ‘গ্ৰেভিটি’ৰ বাবে তেওঁ লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা। গ্ৰেভিটীৰ দৰে এখন ছাই-ফাই ছবি নিৰ্দেশনাৰ পাছত কুৱাৰণে নিৰ্দেশনাৰ বাবে বাছি লৈছিল সেই ছবিৰ এক সম্পূৰ্ণ বিপৰীত ধৰ্মী ছবি। এইখন আাছিল তেওঁৰ ব্যক্তিগত ছবি। তেওঁৰ বাল্যকলৰ ওপৰত আধাৰিত ছেমি বায়’গ্ৰাফিকেল ‘ৰ’মা’ আাছিল আছিল আমাৰ সকলোৰে বাবে এক উপহাৰস্বৰূপ।
   ৰ’মাৰ কাহিনী এটা কুৱাৰন’ৰ বাল্যকালৰ ওপৰত আধাৰিত। ১৯৭০ ৰ মেক্সিকোৰ কাহিনী ৰ’মা। মেক্সিকোৰ ৰ’মা নামৰ ঠাইডোখৰ পৰাই ছবিখনৰ নাম ‘ৰ’মা’ হৈছে। এটা শ্বেত বৰ্ণৰ মেক্সিকান মধ্যবিত্ত পৰিয়াল, য’ত ক্লেঅ’ (যি এগৰাকী মেক্সিকোৰ খিলঞ্জীয়া মহিলা) আাছিল পৰিয়ালটোৰ আাল-পৈচান ধৰা, ঘৰুৱা কাম-কাজ কৰা এজনী ছোৱালী (মেনিটা)। ক্লেঅ’ চৰিত্ৰটো কুৱাৰন’ৰ বাল্যকালৰ এটা সঁচা চৰিত্ৰ।
   ১৯৭০ চনত মেক্সিকো ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক ভাৱে অশান্ত আছিল। অৱশ্যে ‘ৰ’মা’ৰ কাহিনী এইবিলাকৰ ফালৰি কাটি প্ৰধানকৈ কেন্দ্ৰিভূত হয় ওপৰত উল্লেখ কৰা মধ্যবিত্ত পৰিয়ালটোৰ ওপৰত। পৰিয়ালটোত এগৰাকী বৃদ্ধা, মাক-দেউতাক আাৰু তেওঁলোকৰ চাৰিটা সন্তান (তিনিটা ল’ৰা আৰু এজনী ছোৱালী)। ক্লেঅ’ যদিও পৰিয়ালটোৰ আল-পৈচান ধৰা, ঘৰুৱা কাম-কাজ কৰা এজনী ছোৱালী আছিল কিন্তু সঁচা অৰ্থত তাই আাছিল সন্তান কেইটাৰ বাবে দ্বিতীয় গৰাকী মাতৃ। তাই সিহঁতক মাকৰ দৰেই মৰম কৰিছিল। ঠিক সেইদৰে পৰিয়ালটোৱেও ক্লেঅ’ক মৰম কৰিছিল। ক্লেঅ’ৰ মালিক-মালিকনী এন্টনিঅ’ আৰু ছ’ফিয়াই সঘনে কাজিয়া-পেচাল কৰি ফুৰিছিল। এন্টনিঅ’ পেছাত আছিল এজন চিকিৎসক। কিউবেকত এখন কনফাৰেন্সত অংশ ল’ম বুলি এদিন নোহোৱা হৈছিল এন্টনিঅ’, যিটো পাছত মিছা বুলি গম পোৱা গৈছিল। যাৰ কাৰণে পাছলৈ দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ কথা চলিছিল।
   অমায়িক চৰিত্ৰৰ ক্লেঅ’ আছিল অতি মৰমীয়াল, নিষ্ঠাবান আৰু দায়িত্বশীল। যৌৱন আৰম্ভ হোৱাৰ লগে লগে প্ৰেমত পৰাটো এটা সাধাৰণ কথা সকলোৰে কাৰণে। ক্লেঅ’ও তাৰ ব্যতিক্ৰম নাছিল। তাইও প্ৰেমত পৰিছিল ফাৰ্মিনৰ। কুংফুত ৰাপ থকা ফাৰ্মিনৰ বাবে প্ৰেম ইমান গুৰুত্ত্বপূৰ্ণ নাছিল। ফাৰ্মিনৰ মতে জীৱনত সকলো হেৰুওৱাৰ পাছত তাক লগ দিছিল কুংফুৱে। সেয়েহে সি প্ৰেমক জলাঞ্জলী দিবলৈ কুন্ঠাবোধ কৰা নাছিল। কিন্তু সিহঁতৰ প্ৰেমৰ সাক্ষী এৰি গৈছিল ক্লেঅ’ৰ পেটত। সন্তান সম্ভৱা ক্লেঅ’ৱে ভয়ে ভয়ে সেই কথা কৈছিল নিজৰ মালিকনীৰ আগত, জানোছা মালিকনীয়ে খং কৰিব, তাইক চাকৰিৰ পৰা উলিয়াই দিব। কিন্তু মৰমীয়াল ছ’ফিয়াই ক্লেঅ’ক তেনে একো কৰা নাছিল। পুৰুষ প্ৰধান সমাজ এখনত নাৰীয়েই সদায় শেষত সহিব লগীয়া হয় বুলি হয়তো ছ’ফিয়াই জানিছিল। ছ’ফিয়াই ক্লেঅ’ক সহায় কৰিছিল। চিকিৎসালয়লৈ লৈ গৈছিল আাৰু সকলোধৰণে সহায় কৰিছিল। কিন্তু শেষত ক্লেঅ’ৰ পেটত স্থান লোৱা সেই প্ৰেমৰ সাক্ষীয়ে জীৱন দেখিবলৈ পোৱা নাছিল সেই ফাৰ্মিনৰ কাৰণেই।
   নিৰ্দেশক কুৱাৰনৰ মতে ৰ’মা” হৈছে “reconstruction of memory, of the past, through the prism of the present”। ছবিখনৰ দৃশ্যগ্ৰহণ কুৱাৰনৰ বাল্যকাল পাৰ কৰি অহা  ঠাইসমূহতেই হৈছিল, যিটো ছবিখনৰ বাবে এটা ধনাত্মক দিশ আাছিল। সত্তৰৰ দশকত মেক্সিকো অশান্ত আাছিল, হৈ আাছিল এখন ‘ডাৰ্টি ৱাৰ’। তাৰেই এক দৃশ্য আামি দেখিবলৈ পাম যেতিয়া ক্লেঅ’ই মিছেছ টেৰেছাৰ (ওপৰত উল্লেখ কৰা সেই পৰিয়ালটোৰ বৃদ্ধা গৰাকী) লগত নিজৰ হ’বলগীয়া কেচুৱাটোৰ বাবে এখন ঝোলনা কিনিবলৈ গৈছিল। সেই দৃশ্যত কুৱাৰনে কুখ্যাত ‘ক’ৰপাছ ক্ৰিষ্টি নৰসংহাৰ’ য’ত অসংখ্য ছাত্ৰ-ছাত্ৰীক হত্যা কৰা হৈছিল, তাৰ এটা অংশ দেখাইছিল।
   সাধাৰণতে কোনোবাই যদি আাদৰ্শ নাৰীবাদৰ সংজ্ঞা সোধে তেন্তে উদাহৰণ দিব লাগিব ক্লেঅ’ৰ জীৱনটোক। সাহসী নাৰীৰ প্ৰকৃত উদাহৰণ ক্লেঅ’। পেটত থিতাপি লোৱা সেই জীৱটোৱে নাজানিছিল কাৰ ভুল, কাৰ নহয়। সেই জীৱটোৰ কথা ভাবিয়েই তাই অনিচ্ছা সত্ত্বেও কষ্ট সহিব লগিয়া হৈছিল। ব্যক্তিগত আৰু বৃত্তিগত দুয়োটা জীৱনতেই তাৰ প্ৰভাৱ পৰিছিল। কিন্তু তাই হাৰ মনা নাছিল। পেটত পালি থকা জীৱটোৰ কাৰণে তাই জীৱনৰ স’তেও যুঁজিব লগীয়া হৈছিল। তাই আাছিল সেই পৰিয়ালটোৰ বাবে প্ৰাণ স্বৰূপ। ৰাতিপুৱা কুকুৰৰ মল ছাফা কৰাৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালী কেইটাক শুওৱালৈকে দায়ত্ব আাছিল ক্লেঅ’ৰ। পাছলৈ পিতৃ থকা সত্ত্বেও ছ’ফিয়াই অকলেই লালন-পালন কৰিব লগীয়া হৈছিল নিজিৰ চাৰি সন্তানক। এই ক্ষেত্ৰৰ বিশেষ ভূমিকা লৈছিল ক্লেঅ’ই। তাই পৰিয়ালটোত পিতৃৰ অভাৱ অনুভৱ হ’বলৈ দিয়া নাছিল। তাই একে লগে মাক-বাপেক দুয়োটাৰে দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। ছ’ফিয়া আৰু সন্তান কেইটাৰ বাবে ক্লেঅ’ এক ঢাল স্বৰূপ হৈ পৰিছিল। কুৱাৰণে কৈছিল তেওঁ ক্লেঅ’ৰ যোগেদি তেওঁৰ শৈশৱৰ আয়া ‘লিব’ৰ কাহিনীক ৰূপালী পৰ্দালৈ আনিছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিছিল জালিটজা এপাৰিচিঅ’ৱে, যি পেশাৰ ফালৰ পৰা অভিনেত্ৰী নাছিল, কিন্তু এই চৰিত্ৰৰ বাবে তেওঁ লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন।

Best cinematography Oscars 2019 Roma Movie


   ‘ৰ’মা’ ছবিখনে আশা কৰা ধৰণে অস্কাৰৰ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফীৰ বঁটা লাভ কৰিছিল। ইয়াৰ কাৰণ আপুনি ছবি খন চালে নিশ্চয় বুজি পাব। ৭০ ৰ দশকৰ অৰ্থাৎ নিজৰ শৈশৱৰ দৃশ্যবিলাক বেছি জীৱন্ত কৰি তুলিবলৈ কুৱাৰনে ছবিখন ৰঙীন নকৰি কৰি তুলিছিল ক’লা-বগা। ছ’ফিয়াৰ পৰিয়ালটোৱে যেতিয়া বৰদিন পালন কৰিবলৈ সম্পৰ্কীয়ৰ ঘৰলৈ গৈছিল তেতিয়া তাত হোৱা বনজুইৰ প্ৰথমৰ পৰা লাহে লাহে বাহি অহাৰ পৰা বননিৰ জুইয়ে শেষ কৰি পেলোৱা গছ-গছনিৰ দৃশ্য আাছিল অতুলনীয়। ঠিক সেইদৰে প্ৰশংশা কৰিব লাগিব মাৰ্ছিয়েল আৰ্টছৰ প্ৰশিক্ষণৰ দৃশ্যটোক। এই দৃশ্যটোৱে বহুত দিশত তাৎপৰ্য বহন কৰে। এটা হৈছে সমাজ খন পুৰুষ প্ৰধান, যিটো আাগতে এন্টনিঅ’ আৰু ফাৰ্মিনৰ কাৰ্য্য-কলাপৰা পৰা প্ৰমাণিত হৈছিল। সেয়েহে সেই প্ৰশিক্ষণত নাছিল কোনো মহিলা। আনটো হৈছে সেই প্ৰশিক্ষণ লোৱা লোকসকল কেনেকুৱা হ’ব পাৰে সেই ধাৰণা। ফাৰ্মিনে কৈছিল কুংফুৱে তাৰ জীৱনলৈ পৰিবৰ্তন আনিছিল। আন এটা বিশেষ তাৎপৰ্য্য আাছিল যেতিয়া প্ৰশিক্ষক ৰূপী জভেকে এটা বিশেষ কাৰ্য্য প্ৰশিক্ষাৰ্থী সকলক কৰিবলৈ দিছিল তেতিয়া সকলো বিফল হৈছিল, সফল হৈছিল মাথো দূৰৰ আন আন দৰ্শকৰ সৈতে প্ৰশিক্ষণ চাই থকা ক্লেঅ’। কিন্তু তাইক কোনেও হাত চাপৰি বজোৱা নাছিল, কোনেও পাত্তাও দিয়া নাছিল। কাৰণ তাত উপস্থিত আাছিল সকলোৰে নয়ণৰ মণি জভেক, ই মাথো এটা কথাই দৰ্শাই, যেতিয়া এটা কঠিন কাম এজন বিশেষ লোকে (চেলিব্ৰেটী) কৰে তাৰ গুৰুত্ব সদায়ে থাকে, কিন্তু সেই একেই কাম যদি এজনা সাধাৰণ মানুহে কৰে তেন্তে তাৰ গুৰুত্ব  বিশেষ নাথাকে। চিনেমাট’গ্ৰাফীৰ ফালৰ পৰা প্ৰশংসা কৰিব লাগিব ক্লেঅ’ৰ সন্তান জন্ম দিয়া দৃশ্যটো। সঁচা অৰ্থত ক’বলৈ গ’লে বৰ্তমানৰ ছবি জগতৰ এটা অতি উল্লেখযোগ্য দৃশ্য হিচাপে মানিব লাগিব এইা দৃশ্যটোক। চহৰত হৈ থকা বিপ্লৱ তথা হিংসাত্মক কাৰ্য-কলাপৰ মাজৰ পৰা চিকৎসালয়ৰ মাজৰ দৃশ্য কেইটা আাছিল এক জীয়া ছবি সদৃশ। প্ৰসৱ যন্ত্ৰণাৰ প্ৰতিটো মূহুৰ্ত্তৰ এখন জীয়া ছবি দাঙি ধৰিছিল এই দৃশ্যটোত। অৱশেষত ক্লেঅ’ই এটা সন্তান জন্ম দিছিল, কিন্তু মৃত। চিকিৎসক সকলে বহু চেষ্টা কৰিও বচাব পৰা নাছিল কেচুৱাটোক। ক্লেঅ’ই তেতিয়া প্ৰথম বাৰৰ বাবে কান্দিছিল। সেই বেদনা কিজানি এগৰাকী মাকেহে বুজিব। সেয়েহে হয়তো কান্দোন ৰখাব পৰা নাছিল। কান্দোনত তাইৰ দুখ আৰু খং একেলগে প্ৰকাশ পাইছিল।
   ছবিখনৰ শেষৰ ফালে ছ’ফিয়া আৰু এন্টনিঅ’ৰ বিবাহ-বিচ্ছেদ হ’বলৈ মাথো কিছুমান নিয়ম হে বাকী আাছিল। সেয়েহে ছ’ফিয়াই নিজৰ সন্তান আৰু ক্লেঅ’ৰ সৈতে অলপ ফুৰিবলৈ যোৱাৰ মন মেলিলে। সাগৰৰ পাৰত ক্লেঅ’ই ছ’ফিয়াৰ দুটি সন্তানৰ জীৱন ৰক্ষা কৰি কৈ উঠিছিল যে তাই সন্তান বিচৰা নাছিল। হয়তো পিতৃহীন এটা সন্তান কামনা কৰা নাছিল। তাই দেখিছিল ছ’ফিয়াৰ জীৱনটোক। কেনেদৰে পিতৃ থকাৰ পাছতো ছ’ফিয়াই অকলে ছম্ভালি লগিয়া হৈছিল চাৰিটি সন্তানক। শেষত সকলো ঘৰলৈ উভতি গৈছিল। ক্লেঅ’ই আগৰ দৰেই নিজৰ দৈনন্দিন কাম বিলাক কৰি যাবলৈ ধৰিছিল। শেষৰ দৃশ্যটো উল্লেখযোগ্য, যেন প্ৰথমৰ সেই দৃশ্যলৈ উভতি গৈছিল ছবিখন। সেই দৃশ্যত পানীত প্ৰতিফলিত হৈছিল দূৰ আকাশত উৰি থকা এখন উৰাজাহাজ। উৰাজাহাজ আৰু মাটিয়ে যেন সেই সময়ৰ সমাজত প্ৰচলিত শ্ৰেণী বিভাজনক প্ৰতিনিধিত্ব কৰিছে। পানীৰ জৰিয়তে উৰাজাহাজ আৰু মাটি একলগতে একে ঠাইতে দেখা যেন লাগিলেও প্ৰকৃততে সেইয়া সঁচা নহয়। ক্লেঅ’ৱে ছ’ফিয়াৰ দুটি সন্তানৰ জীৱন ৰক্ষা কৰিছিল যদিও নিজৰ শ্ৰেণীৰ মাজতেই থাকি যাবি লগীয়া হৈছিল। তাই সেই একেই আগৰ দৰেই ৰাতিপুৱাৰ কুকুৰৰ মল চাফা কৰাৰ পৰা আৰম্ভ কৰি আন আন কাম বিলাক কৰিব লগীয়া হৈছিল। অৱশ্যে এইবিলাকৰ মাজতো ছবিখনে আমাক লৈ গৈছিল আমাৰ বাল্যকালৰ মাজলৈ।  কিবা কথাত ভাতৃ বা ভগ্নীৰ সৈতে কাজিয়া লগা, ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ মন নকৰা, পৰিয়ালৰ সকলোৰে সৈতে কোনো উৎসৱ আদিত ফুৰিবলৈ যোৱা আদিবিলাক আছিল আমাৰ সকলোৰে বাল্যকালৰ কিছুমান সৰু সৰু মূহুৰ্ত্ত। কুৱাৰনে নিজৰ বাল্যকালৰ মাজেদি প্ৰতিফলিত কৰিছিল সকলোৰে বাল্যকাল। ছবিখনৰ সৰলতাই আমাক মুগ্ধ কৰিব। এইটো ভাবি আচৰিত হ’ম যে আমাৰ কাৰো বহুত কথাত মিল নাথাকিলেও আমাৰ ভিতৰৰ ভাৱনা বিলাক প্ৰায় একেই হয়, বাল্যকালৰ অভিজ্ঞতা বিলাক সাৰ্বজনীন। এই ভাষা, জাতি, ধৰ্ম, সংস্কৃতি, দেশ আদিৰে আমি নিজকে আনৰ পৰা পৃথক বুলি ক’ব বিচাৰো যদিও মনৰ ভিতৰৰ ক’ৰবাত আমি সকলো একেই- সেই একেই মানৱ।

দেৱ প্ৰতীম হাজৰিকা

No comments

Powered by Blogger.