Header Ads

ফাটবিহু - কিছু মিঠা অনুভৱ

Assamese tradition Faat bihu

ফাটবিহু ঘাইকৈ লখিমপুৰ জিলাৰ ঢকুৱাখনাত উদযাপিত বিহু উত্‍সৱৰ আঞ্চলিক নাম । ঢকুৱাখনাৰ কাষেদি বৈ যোৱা চাৰিকড়িয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত অনুষ্ঠিত হোৱা ফাট-বিহুত আহোম, চুতীয়া, কৈৱর্ত, মিচিং, দেউৰী সমন্বিতে বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে বাবে এই স্থানীয় বিহুটি সম্প্ৰীতিৰ উত্‍সৱৰূপে পৰিচিত ।

ফাট-বিহুৰ উৎপত্তি : 

অভিধান মতে 'ফাট' শব্দৰ অর্থ হ'ল নৈৰ পাৰত বেহা কৰিবলৈ বেপাৰী অহা-যোৱা কৰা আৰু কৰ দিয়া ঠাই । আহোম ৰাজত্বকালত স্বর্গদেউসকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল । উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ফাট বা হাট বহিছিল আৰু কৰ-কাটল লোৱা হৈছিল । বেহা-বেপাৰৰ আৰু কৰ-কাটল সংগ্ৰহৰ ঠাই হোৱা বাবে স্বাভাৱিকতে বিভিন্ন ঠাইৰ মানুহ আহি এই ফাটত সমবেত হৈছিল । বিভিন্ন সম্প্ৰদায়ৰ সমাবেশৰ স্থল ঢকুৱাখনাৰ ফাটত ক্ৰমান্বয়ে মানুহে বিহু উদযাপন কৰিবলৈ ল'লে আৰু ফাটত বিহু উদযাপন কৰাৰ বাবে ইয়াৰ নাম হ'ল 'ফাট-বিহু' । এই বিহুত সমগ্ৰ ঢকুৱাখনাৰ উপৰি ঘিলামৰা, মাছখোৱা, বৰদলনি, মাজুলী আদি ঠাইৰ মানুহো সমবেত হৈছিল । আহোম যুগৰে পৰা কুৰি শতিকাৰ দ্বিতীয় দশকমানলৈ ব'হাগ মাহৰ প্ৰথম সাতদিনত ঢকুৱাখনাত ফাট-বিহু অনুষ্ঠিত হৈছিল বুলি জনা যায় । ১৯১৮ চনমানত সেই ফাট-বিহুৰ অৱসান ঘটে । পুনৰ কুৰি শতিকাৰ আশী দশকমানৰ পৰা স্থানীয় লোকৰ আন্তৰিক প্ৰচেষ্টাত ঢকুৱাখনাত আঞ্চলিক পর্যায়ত ফাট-বিহু অনুষ্ঠিত হৈ আহিছে ।
ফাট-বিহুৰ বৈশিষ্ট্য এয়ে যে, সুদূৰ অতীতৰ পৰম্পৰাগত বিহুৰ অনেক সমল এই বিহুত বর্তমানেও বিৰাজমান । তদুপৰি ফাট-বিহুত পৰিবেশন কৰা টকা বিহুৱেও স্বকীয় বৈশিষ্ট্য দাবী কৰে ।

No comments

Powered by Blogger.