অভদ্রামীৰ শিকনি - অনিল চন্দ্ৰ বনিয়া
পুৰনি চাইকেল খনৰ আগচকাটোত কিছু বায়ু কম আছিল। তথাপিও অজয় পবীৰ যাত্ৰা।উপায় নাই বৰ ইমাৰজেনচি,,,।মাক হয়তু হস্পিতালত যন্ত্রনাত চটফটাই আছে। লগত অসহায় সহজ সৰল বুঢ়া দেউতাকহে আছে। অসীম চিন্তাক সহজভাৱে লৈ শিলনি ৰাষ্টা টোৱে কেকোঁ-জেকোঁকৈ ফ্রেমত ভনীয়েকক বহাই লৈ আগবাঢ়ি গৈ আছে। কলেজলৈ সিহঁত নোযোৱাই ভাল আছিল সিদিনা, উপায়ো নাই ভনিয়েক পবীয়ে নতুনকৈ এডমিচন লৈছে কলা শাখাত। কিন্তু কি হ'ব নৱাগত আদৰণি সভা বুলিলে এম ডি কলেজৰ কথায়েই বেলেগ। পবীয়ে ককায়েক অজয়ক কিছুসময় কলেজত লগত থাকিবলৈ কোৱাত ভণিয়েকৰ কথামানি সিও সিদিনা তাইৰ লগতে গ'ল। যিহেতু পবীয়ে গান গায় ভাল পায়। হয়তু সভাত তাইৰ সুৱদি কণ্ঠটো সকলোকে এবাৰ শুনোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল বাবেই অসুখীয়া মাকক এৰি দুয়ো কলেজলৈ গৈ আহোঁতে পলম হ'ল।
ইফালে মাকৰ অসুখটোৱে পুনৰ যন্ত্রনা ভূগোৱাত ততাতয়াকৈ বুঢ়া দেউতাকে ওচৰৰৰ হস্পিতাললৈ লৈ গ'ল।অজয় আৰু পবী আহি ঘৰ সোমোৱাৰ আগেয়ে কথাটো জানিব পাৰি পোনে পোনে দুয়ো চাইকেল খনেৰে হস্পিতালৰ অভিমূখে ৰাওনা হ'ল।
ঘৰৰ পৰা প্রায় পাঁচ কিলোমিটাৰ দূৰত্ব হস্পিতাললৈ। আগৰ চকাটোত হাৱা কম আছিল বাবে অজয়ৰ বৰ কষ্ট হৈছে চলাবলৈ। পিছ কেৰিয়াৰ নাই বাবে আগৰ ফ্রেমতে বঢ়াই সিহঁত পেডেল মাৰি গৈ আছে। প্রায় ডেৰ কিলোমিটাৰ যোৱাৰ পিছত সৰু কেঁকুৰিটোৰ লগতে লাগি থকা তিনিআলিটোৰ দোকানৰ মুখত কেৰম খেলি থকা চাৰিজন ল'ৰাৰ দৃষ্টিগোচৰ হ'ল সিহঁত।অজয়ৰ সুঠাম বুকুখনৰ মাজত পবীৰ সুন্দৰ মৰমলগা দেহায়ৱে হয়তু সুন্দৰ দেখিছিল দুয়োকে। তাৰে এজনে সিহঁতক দেখি কৈয়ে দিলে,,,।
বাঃ কি মজা মাল!
আন এজনে ক'লে কেছেট খন চাবলৈ বৰ ধুনীয়া হে,,,।
আকৌ আন এজনে ক'লে,, বজাবলৈ বৰ ভাল লাগিব বে,,,। তাৰ পাছত সিহঁতৰ চিঞৰ, কিৰিলি , খিকিণ্ডালি আৰু তামাচা অভদ্রামী বাঢ়ি যোৱা দেখি অজয়ে ব্রেক মাৰি চাইকেল খন ৰাখি নামি ভনিয়েক পবীকো নামিবলৈ ক'লে। পবীয়ে ককায়েকৰ হাতত ধৰি মানা কৰা স্বত্বেও সি নামানিলে,,,।
অজয়ৰ তেজ গৰম হৈ আহিল, চাল্লা এনেই টেনচন তাতে ইহঁতৰ ইমান সাহস আমাক জোকাবলৈ,,,!
ঐ ননচেঞ্চহঁত,, তহঁতে কি কৈছিলি আৰু কাক এনেদৰে অভদ্রামী কৰিছ? তহঁতৰ বাই ভনি আছেনে নাই হা,,? এইবুলি সি সিহঁত কেইটাৰ সমুখত ঠিয় হ'ল ।তেতিয়া সেই অভদ্ৰ কেইজনৰ এজনে ক'লে - আৰে ই দেখোন বেচ হিৰো দেখাইছে বে,,,! ধৰ চাল্লা ইয়াক এসেকা দি মালটো লৈ যাওঁ,,। তাৰ কথা শুনি অজয়ৰ আৰু ৰৈ থকাৰ অৱকাশ নহ'ল। সি চুলাৰ বুটাম খুলি চাৰ্টটো পবীলৈ দলিয়াই দি স-জোৰে এটা পাঞ্চ সমূখৰ ল'ৰাজনক সোধাই দিলে। লগে লগে ল'ৰাজন উফৰি মাটিত পৰিল আৰু নাকেদি তেজ ওলাবলৈ ধৰিলে। তাকে দেখি বাকী কেইজনেও তাক আগুৰি ধৰিলে। অজয়ে সিহঁতত পুনৰ ক'লে- নোৱাৰিবি ভাই! ভালে ভালে ক্ষমা খোজ আৰু আতৰি যা,,,। কিন্তু সিহঁতে তাৰ কথালৈ ভ্রক্ষেপ নকৰি তাক আক্ৰমনৰ বাবেহে অগ্ৰসৰ হোৱাত অজয়ে অকণো পলম নকৰি তাৰ গুৰুক স্মৰণ কৰি সি শিকা আত্মৰক্ষাৰ "টাই কোৱান ডু" আটাইকেইটা পচেজ প্রয়োগ কৰি নিমিষতে সিহঁতক ধৰাশায়ী কৰিলে। সি মৰা আটাইকেইটা পাঞ্চ, ফ্ৰন্ট কিক, বেক কিক আৰু জাম্প কিক সঠিকভাৱে কৰা প্রয়োগত সিহঁতৰ অৱস্থা অতিকে বেয়া হ'ল। তেতিয়া তাৰে এজনে হাতযোৰ কৰি কবলৈ ধৰিলে - দাদা আমাক ক্ষমা কৰক, আমাৰ ভূল হ'ল। তেতিয়াও সি এজনৰ বুকুত বহি বক্সিং /পাঞ্চ সোধাই আছিল। ভনীয়েক পবীয়ে যেতিয়া তাৰ কাষত আহি হ'ব হ'ব বুলি কান্দি কান্দি চিঞৰিবলৈ ধৰিলে তেতিয়াহে তাৰ সম্বিত ঘুৰি আহিল। তাৰ পিছত সি গহিনাই ক'লে - ক্ষমা খোজ সবেই, নহ'লে এতিয়াই তহঁতক ৰঙাঘৰৰ আলহী কৰিম। পৰিস্থিতিৰ দাসত্ব স্বীকাৰ কৰি আটাইকেজন ল'ৰাই অজয় আৰু পবীৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া অজয়ে সিহঁতক বহুকথাই বুজাই ক'লে ।শেহত মাক হস্পিতালত থকাৰ কথা জানিব পাৰি সেই অভদ্রামী কৰা প্রথম ল'ৰাজনে ক'লে - হ'ব, ৰ'ব দাদা, আপোনাক আমি সকলোৱে সহায় কৰিম। আপুনি আৰু ভন্টি এই (পাম্প) হাৱা নাইকিয়া বাইচাইকেল খন লৈ যাব নালাগে, মোৰ মটৰ চাইকেল খনকে লৈ যাওঁক। পিছত দি যাব। অজয় মান্তি হ'বলৈ টান পাইছিল যদিও সিহঁতৰ পুনঃ অনুৰোধত কথাটো মানি ল'লে আৰু পিছফালে ভনীয়েক পবীক বহুৱাই হস্পিতালৰ অভিমূখে যাত্ৰা কৰিলে।সিহঁত আটায়ে অনুসূচনাৰ দৃষ্টিৰে হাত জোকাৰি বাই বাই দি অজয় যোৱাৰ ফালে চাই থাকিল,,,,।।
✍ অনিল চন্দ্ৰ বনিয়া
চিলং, মেঘালয়
মন্তব্য কৰক