Header Ads

তুমি বৰষুণ হৈ নামি আহা যদি - মৌচুমী হুজুৰী দাস



 মই নদী হ'লে তুমি সাগৰ
মই ডাৱৰ হ'লে তুমি গগণ
যাৰ বুকুত মেঘমল্লিকাৰ ছাঁ পৰি
জীপাল হয় সেউজী ধৰণী।
এপিয়লা স্নেহৰ মদিৰা দিয়া 
তোমাৰ প্ৰেমৰ সুগন্ধ বুটলি
বিলাই যাম নিৰৱধি ইমূৰ সিমূৰ।
বোৱতী‌ নদীৰ চিৰপ্ৰবাহমান গতিত
উটি ভাঁহি গুচি যাম নিৰৱিচ্ছিন্ন ভাৱে
তুমি বৰষুণ হৈ নামি আহা যদি
উন্মাদ হৈ আকোঁৱালিম
নগ্ন হৃদয়ত তোমাৰ ছবি।
তোমাৰ স্পৰ্শকাতৰ শীতল টোপালবোৰত
আবেগত উথলি হিয়া উজাৰি চিঞৰিম
এয়া এজাক প্ৰেমৰ বৰষুণে
মোৰ বুকুত নমাইছে বাৰিষাৰ‌ ঢৌ।

***

মৌচুমী হুজুৰী দাস
বৰমা
Powered by Blogger.