প্ৰথম অসমীয়া মহিলা (সংগৃহীত)
প্ৰথম অসমীয়া মহিলা :
(আন্তৰ্জাতিক নাৰী দিবস উপলক্ষে প্ৰতি গৰাকী নাৰীলৈ আন্তৰিক শুভকামনা ও অভিনন্দন জনালো)
প্ৰথম গ্ৰেজুৱেট — সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা
প্ৰথম অসমীয়া মহিলা উপাধ্যক্ষ অসম লেজিছলেটিভ কাউন্সিল (১৯৩৭) জুবেদা আটাউৰ ৰহমান।
প্ৰথম অসমীয়া মহিলা সাংসদ ১৯৫৭ বেগম মফিদা আহমদ
কেন্দ্ৰীয় মন্ত্ৰী — ৰেণুকা দেৱী বৰকটকী (শিক্ষা আৰু সমাজ কল্যাণ)
মুখ্যমন্ত্ৰী — চৈয়দা আনোৱাৰা টাইমূৰ (৬ ডিচেম্বৰ, ১৯৮০)
মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষা — ৰাজবালা দাস
গুৱাহাটী বিশ্ববিদ্যালয় অধ্যক্ষা — লীলা দেৱী
বিলাতত চিকিত্সা শিক্ষা লাভ — ডাঃ নিৰ্মলপ্ৰভা চলিহা
ফ্ৰান্সত পি.এইচ.ডি. লাভ — ডঃ কমলা ৰায়
লণ্ডনত পি.এইচ.ডি. লাভ — ডঃ তিলোত্তমা গগৈ
আই.এ.এছ. — পাৰুল দাস (১৯৭৪ চন)
এ.ছি.এছ. — শুচিব্ৰতা ৰায় চৌধুৰী
পদ্মশ্ৰী — নলিনীবালা দেৱী
অসম সাহিত্য সভাৰ সভাপতি — নলিনী বালা দেৱী (১৯৫৪ চন-যোৰহাট অধিবেশন)
গ্ৰন্থকাৰ — পদ্মাৱতী দেৱী ফুকননী
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগৰ বঁটা — নিৰুপমা বৰুৱা (১৯৩৯)
সাহিত্য অকাডেমী বঁটা — নলিনী বালা দেৱী (‘অলকানন্দা’-১৯৬৮)
কথা পুৰষ্কাৰ বঁটা — মামণি ৰয়চম গোস্বামী (১৯৯৩)
জ্ঞানপীঠ বঁটা — মামণি ৰয়চম গোস্বামী (২০০০)
ভাৰত সেৱা বঁটা — শাস্ত্ৰীয় নৃত্যশিল্পী পুষ্পা ভূঞাঁ (১৯৯৪)
অৰ্জ্জুন বঁটা — মনালিছা বৰুৱা মেহতা (১৯৮৩)
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
সাহিত্যিক পেঞ্চনাৰ — নলিনী বালা দেৱী
অসম সাহিত্য সভাৰ উপাধি লাভ – ধৰ্মেশ্বৰী দেৱী বৰুৱানী (‘কাব্য-ভাৰতী’ ১৯৫৬)
ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী – মলয়া গোস্বামী (‘ফিৰিঙতি’)
পূৰ্ব্ব পাকিস্তানৰ কথাছবিত অভিনয়- ইভা আচাও (‘দূৰ হ্যায় সুখ কী গাওঁ)
উঃপূঃ সীমান্ত ৰেলৱে’ৰ মুখ্য স্বাস্থ্য বিষয়া- ডাঃ বাণী ভট্টাচাৰ্য্য (১৯৯০)
যুদ্ধক্ষেত্ৰলৈ যোৱা বীৰঙ্গনা — মূলা গাভৰু
মাতৃভূমিৰ স্বাধীনতাৰ বাবে শ্বহীদ- কনকলতা বৰুৱা (২০ চেপ্তেম্বৰ ১৯৪২)
স্বাধীনতাৰ বাবে কাৰাবাস — গুণেশ্বৰী দেৱী, মুক্তেশ্বৰী দেৱী (১৯২১)
কোনে কয় অসমৰ নাৰী পিছ পৰা? অসমৰ মহিলাই এতিয়া বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। শেহতীয়াকৈ আহিছে এক সুখবৰ। আন এগৰাকী অসমীয়া কন্যা অভিষ্কা বৰুৱাই শেহতীয়াকৈ জেট এয়াৰৱেজত বৈমানিক হিচাপে চলিত মাহত নিযুক্তি পাইছে। তেওঁৰ পূৰ্বে ধীৰা চলিহা আৰু পাপৰি চৌধুৰীয়ে পাইলট হিচাপে যোগদান কৰিছিল।
প্ৰথম অসমীয়া চুপাৰ মডেল: তৰা খাচগীৰ
উৰন্ত অসম তনয়া (ঢিং এক্সপ্ৰেস) হিমা দাস (জন্ম ৯ জানুৱাৰী ২০০০) এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। সফলত সমূহ:
এছিয়ান গেমছ-
ৰূপৰ পদক - দ্বিতীয় স্থান ২০১৮ জাকাৰ্তা, ইণ্ডোনেছিয়া ৪০০ মিটাৰ
ৰূপৰ পদক - দ্বিতীয় স্থান ২০১৮ জাকাৰ্তা, ইণ্ডোনেছিয়া ৪×৪০০ মিটাৰ মিশ্রত ৰিলে
স্বৰ্ণ পদক - প্ৰথম স্থান ২০১৮ জাকৰ্তা, ইণ্ডোনেছিয়া ৪×৪০০ মিটাৰ মহিলাৰ ৰিলে
২০ বছৰ অনুৰ্দ্ধ বিশ্ব চেম্পিয়নশ্বিপ-
স্বৰ্ণ পদক - প্ৰথম স্থান ২০১৮ টেম্পায়াৰ, ফিনলেণ্ড ৪০০ মিটাৰ
সুদীৰ্ঘ ৩০ বছৰৰ পিছত অসমীয়া কথাছবি জগতলৈ স্বৰ্ণযুগ ঘুৰাই আনিলে ১৩ এপ্ৰিল ২০১৮ ত ঘোষণা কৰা ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৰীমা দাস পৰিচালিত "ভিলেজ ৰকষ্টাৰ্চ"এ । দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ নতুন প্ৰাণ ঘুৰাই আনিলে ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্চ"এ । একেদৰে ছবিখনত অভিনয় কৰা ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান, পৰিচালক ৰীমা দাসে শ্ৰেষ্ঠ সম্পাদনা, আৰু সহকাৰী পৰিচালক মল্লিকা দাসে লাভ কৰে শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ সন্মান ।
বিশ্বৰ সকলো প্ৰান্তৰে চলচ্চিত্ৰপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হয় "ভিলেজ ৰকষ্টাৰ্চ"এ । কথাছবিখনে ইতিমধ্যে প্ৰায় ৫০ খনৰো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হয় ।
( লিখাটিত মাত্ৰ অসমীয়া মহিলাক কেন্দ্ৰকৰি ক্ষুদ্ৰ প্ৰয়াস, সংগৃহীত)
মন্তব্য কৰক