Header Ads

ফাগুনৰ অনবদ্য উপহাৰ ফাকুৱা - কৰবী মহন্ত কলিতা



ফাগুনৰ হেনো বৰ দুখ, কিয়নো ফাগুনক ৰঙা হ'বলৈ দিয়া ন'হল আজিও। ফাগুন হেনো নিৰশ,  শুকান এটি মাহ। বিৰহৰ গীত গাই মাথো ফাগুনে। কিন্তু ফাগুন মানেই জানো উদং পথাৰ, ধূলিময় আকাশ, উদং পথাৰ! ফাগুনেইটো প্ৰকৃতি জাতিষ্কাৰ হোৱাৰ আগজাননী দিয়ে। মৰম আকলুৱা হৃদয় প্ৰেমেৰে উপচি পৰে। মদাৰৰ শাৰী শাৰী পাহি। পলাশে ৰঙা দলিচা পাতে। শিমলুৰ ৰঙা ৰং। ৰঙেৰে আবিৰ সানি ভৰযৌৱনা হৈ পলাশ, মদাৰে সাজু হয় ফাগুনক আদৰিবলৈ। আমে মলিয়ায়, কঠালে মুচিয়ায়, লঠঙা গছত ন কুহিপাত মেলে। ৰিক্ত হৃদয় ৰঙেৰে উপচি পৰে।   এনে সময়তে আগমন হয় ৰঙৰ উৎসৱ ফাকুৱাৰ। মথুৰা, বৃন্দাবনকে ধৰি সমগ্ৰ উত্তৰ   ভাৰততে এই উৎসৱক প্ৰেমৰ উৎসৱ বুলি কয়।   ফাগুনৰ বতৰতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো পালন কৰা হয় ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ দৌল বা ফাকুৱা। দৌল বা ফাকুৱা উৎসৱৰ ফাকুৱাৰ ৰঙা আৰু সেউজীয়া ৰঙে সমাজত সম্প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোন কটকটীয়া কৰি তোলাৰ লগতে মনবোৰো সেউজীয়া কৰে।
   
    জনবিশ্বাস অনুসৰি হিৰণ্যকশিপুৰ ভনী হোলিকাই বিষ্ণুভক্ত প্ৰহ্লাদক মাৰিবৰ বাবে প্ৰহ্লাদক কোলাত লৈ জুইত জাপ দিছিল। কিন্তু ঈশ্বৰ ভক্ত প্ৰহ্লাদৰ সেই জুইত একোৱে অনিষ্ট ন'হল, কিন্তু অপসংস্কৃতিৰ প্ৰতীক হোলিকা সেই জুইত ভস্মীভূত হ'ল, তেতিয়াৰ পৰাই অপশক্তি বিনাশৰ বাবে হোলিকাদাহন  পৰম্পৰা চলি আহিছে। আন এক প্ৰবাদমতে ভগৱান শ্ৰীকৃষ্ণ ঘুনুচাৰ ওচৰলৈ গৈ ঘূৰি অহাত পলম হোৱাত লক্ষ্মীদেৱীয়ে দুৱাৰ খুলি নিদিয়াক কেন্দ্ৰ কৰি দৌল উৎসৱৰ আৰম্ভ হৈছিল। কীৰ্ত্তনঘোষাৰ ঘুনুচা কীৰ্তনত আছে ভগবান শ্ৰী কৃষ্ণ বিজয়ী হৈ ইন্দ্ৰদ্যুন্ন ৰজাৰ ওচৰলৈ অহাত প্ৰজাসকলে আনন্দত আত্মহাৰা হৈ আবিৰ সানি আনন্দোৎসৱ কৰিছিল। 
 
    দেৱলোকত প্ৰচলিত হোলী উৎসৱ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেৱলোকৰ পৰা প্ৰথমে বৰদোৱালৈ আনিছিল। বৰদোৱাৰ অনুকৰণতে বৰপেটা সত্ৰতো দৌলোৎসৱৰ প্ৰৱৰ্তন কৰা হৈছিল। অসমৰ চাহ জনগোষ্টীৰ লোকসকলে ফাকুৱা বা দৌল উৎসৱক ফাকুৱা পৰব হিচাপে পালন কৰে।  চাহ জনগোষ্ঠীৰ লোকসকলে ফাকুৱা পৰবত অনুষ্ঠিত কৰা হোলিকা দাহন এটি আৰম্বৰপূৰ্ণ অনুষ্ঠান। চাহ জনগোষ্ঠীৰ লোকসকলৰ ফাকুৱা উৎসৱৰ আন এটি উল্লেখযোগ্য অংগ হৈছে কাঠি নৃত্য। 

    অসমৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুৱালকুচি, দৰং আদি অঞ্চলৰ দৌল উৎসৱে বিশেষ তাৎপৰ্য্য বহন কৰি আহিছে। 
 
    অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক , ফাকুৱা উৎসৱ ফাগুনৰ এটি মাথো অনবদ্য উপহাৰ নহয়, অসমৰ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, জাতি, জনগোষ্ঠীৰ মহামিলনৰ সেতু।


✍ কৰবী মহন্ত কলিতা

No comments

Powered by Blogger.