শেষ অনুৰোধ ✍ জুৰিস্মিতা বাঢ়ৈ
(এগৰাকী প্ৰেমিকাৰ ভাষাৰে)
অতদিনে মোৰ বুলি ভাবি অহা
তোমাৰ হৃদয়ৰ টুকুৰাবোৰ
এতিয়া অ'ত ত'ত বিচাৰি পাওতে
মোৰ হৃদয়খন মোছৰ নোখোৱা নহয়
......................
এফাল খহি গৈছে
সৰা শেৱালিৰ পাপৰি বুটলি
দকৈ ভাবিছো
সিদিনা বাৰু ভালপোৱাৰ সংজ্ঞাটো
ঠিক এনেকুৱা নাছিলনে
"তোমাৰ বাহুবন্ধনত
মই দুচকু মুদিম"
আৰু হয়টো বেছি দিন নাই..
অনুভুতিবোৰে ইতিমধ্যে
পক্ষাঘাতৰ যান্ত্ৰণা দিছে
অপেক্ষা মাত্ৰ..
কাঢ়া নিৰ্দেশত
কোনদিনা কাল সময়ে উশাহবোৰ ফুচুলাই লৈ যায়
সাধুকথাৰ দেশলৈ
অনুৰোধ তোমালৈ
হাবিতলীয়া বাটটো চিকুণাই থবা
মোৰ মুখাগ্নি তুমিয়ে কৰিবা
সোণালী গুণাৰ বগা সাজযোৰ নিপিন্ধালেও নাই
কোনেও নেদেখাকৈ মাথো শিৰ উজ্বলাবা
হয়টো মাত্ৰ আধাবেলাৰ ব্যস্ততা
কথা দিছো, আধাবেলা তুমি নিজৰ কাম কৰিবা
সেই এদিনৰ বাবেও তুমি প্ৰেমিক হ'ব নালাগে
চুবুৰীয়া হিচাপে আগৱাঢ়িবা
নহ'লে কি হ'ব জানা...
বাৰীৰ ঢাপত মই নিৰলে শোলেও
কৰাই উপহাস কৰিব
'সৌৱা চা,
সপোন ভগা প্ৰেমিকা
বাৰীৰ ঢাপতো অকলশৰীয়া !!"
✍ জুৰিস্মিতা বাঢ়ৈ
মন্তব্য কৰক